--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰশাসনে ৰাইজক ধৈৰ্য ধৰিবলৈ আৰু উদ্ধাৰকাৰী দলক সহযোগ কৰিবলৈ অনুৰোধ জনাইছে। ঘটনাটোৱে সমগ্ৰ ধৰ্মীয় নগৰীখনতে গভীৰ শোকৰ ছাঁ পেলাইছে।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ বৃন্দাবনত আজি এক অতি শোকাবহ নাও দুৰ্ঘটনা সংঘটিত হয়।


বৃন্দাবনৰ বিখ্যাত কেচি ঘাটত যাত্ৰীবাহী এখন নাও যমুনা নদীত ডুব যোৱাৰ ফলত ৩ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো নিৰুদ্দেশ হোৱাৰ বাতৰি পোৱা গৈছে।


কেনেকৈ সংঘটিত হ’ল এই দুৰ্ঘটনা?


প্ৰাপ্ত তথ্য অনুসৰি, আজি প্ৰায় ২৫ গৰাকী ভক্তই এখন নাৱেৰে যমুনা নদী পাৰ হ’বলৈ চেষ্টা কৰিছিল। যাত্ৰাপথত নাওখনে নিয়ন্ত্ৰণ হেৰুৱাই নদীৰ ওপৰত থকা এখন দলঙত খুন্দা মাৰে আৰু লগে লগে নদীৰ বুকুত ওলোটা খাই পৰে। ফলত নাৱত থকা সকলো তীৰ্থযাত্ৰী যমুনা নদীত পৰি যায়।


দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ তৎপৰতাত বৰ্তমানলৈ ১৫ জন যাত্ৰীক নদীৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা লোকসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাত এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে।


উদ্ধাৰ অভিযানত যাতে কোনো বিঘিনি নঘটে, তাৰ বাবে স্থানীয় প্ৰশাসনে দুৰ্ঘটনাস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। ঘাটত তীৰ্থযাত্ৰী আৰু স্থানীয় লোকৰ ভিৰ হোৱা বাবে উদ্ধাৰ অভিযানত কিছু সমস্যাৰ সৃষ্টি হৈছে যদিও এছ.ডি.আৰ.এফ. (SDRF)ৰ দলে যমুনাত অভিযান চলাই আছে।


প্ৰশাসনে ৰাইজক ধৈৰ্য ধৰিবলৈ আৰু উদ্ধাৰকাৰী দলক সহযোগ কৰিবলৈ অনুৰোধ জনাইছে। ঘটনাটোৱে সমগ্ৰ ধৰ্মীয় নগৰীখনতে গভীৰ শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ