--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্ৰশাসনে ৰাইজক ধৈৰ্য ধৰিবলৈ আৰু উদ্ধাৰকাৰী দলক সহযোগ কৰিবলৈ অনুৰোধ জনাইছে। ঘটনাটোৱে সমগ্ৰ ধৰ্মীয় নগৰীখনতে গভীৰ শোকৰ ছাঁ পেলাইছে।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ বৃন্দাবনত আজি এক অতি শোকাবহ নাও দুৰ্ঘটনা সংঘটিত হয়।


বৃন্দাবনৰ বিখ্যাত কেচি ঘাটত যাত্ৰীবাহী এখন নাও যমুনা নদীত ডুব যোৱাৰ ফলত ৩ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো নিৰুদ্দেশ হোৱাৰ বাতৰি পোৱা গৈছে।


কেনেকৈ সংঘটিত হ’ল এই দুৰ্ঘটনা?


প্ৰাপ্ত তথ্য অনুসৰি, আজি প্ৰায় ২৫ গৰাকী ভক্তই এখন নাৱেৰে যমুনা নদী পাৰ হ’বলৈ চেষ্টা কৰিছিল। যাত্ৰাপথত নাওখনে নিয়ন্ত্ৰণ হেৰুৱাই নদীৰ ওপৰত থকা এখন দলঙত খুন্দা মাৰে আৰু লগে লগে নদীৰ বুকুত ওলোটা খাই পৰে। ফলত নাৱত থকা সকলো তীৰ্থযাত্ৰী যমুনা নদীত পৰি যায়।


দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ তৎপৰতাত বৰ্তমানলৈ ১৫ জন যাত্ৰীক নদীৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা লোকসকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক হোৱাত তেওঁক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাত এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে।


উদ্ধাৰ অভিযানত যাতে কোনো বিঘিনি নঘটে, তাৰ বাবে স্থানীয় প্ৰশাসনে দুৰ্ঘটনাস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। ঘাটত তীৰ্থযাত্ৰী আৰু স্থানীয় লোকৰ ভিৰ হোৱা বাবে উদ্ধাৰ অভিযানত কিছু সমস্যাৰ সৃষ্টি হৈছে যদিও এছ.ডি.আৰ.এফ. (SDRF)ৰ দলে যমুনাত অভিযান চলাই আছে।


প্ৰশাসনে ৰাইজক ধৈৰ্য ধৰিবলৈ আৰু উদ্ধাৰকাৰী দলক সহযোগ কৰিবলৈ অনুৰোধ জনাইছে। ঘটনাটোৱে সমগ্ৰ ধৰ্মীয় নগৰীখনতে গভীৰ শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু