--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জামনগৰত আয়োজিত এই ভব্য অনুষ্ঠানত বলীউডৰ তাৰকাসকলৰ উপস্থিতি আৰু তেওঁলোকে জনোৱা আন্তৰিক শুভেচ্ছাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

ডিজিটেল ডেস্ক: দেশৰ অন্যতম শীৰ্ষ উদ্যোগপতি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীৰ ৩১ সংখ্যক জন্মদিন এইবাৰ অতি বিশেষ আৰু মৰমৰ পৰিৱেশত উদযাপন কৰা হয়। 


জামনগৰত আয়োজিত এই ভব্য অনুষ্ঠানত বলীউডৰ তাৰকাসকলৰ উপস্থিতি আৰু তেওঁলোকে জনোৱা আন্তৰিক শুভেচ্ছাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।


ছ'চিয়েল মিডিয়াত তাৰকাসকলৰ মৰম


জন্মদিনৰ শুভক্ষণত বলীউডৰ 'ভাইজান' ছলমান খানে ইনষ্টাগ্ৰামত অনন্তৰ সৈতে কিছু আৱেগিক ছবি শ্বেয়াৰ কৰি তেওঁক এজন "নিস্বাৰ্থ আৰু দয়ালু" ব্যক্তি বুলি অভিহিত কৰে। ছলমানে লিখে, "মোৰ মৰমৰ সৰু ভাতৃ অনন্তক জন্মদিনৰ বহুত বহুত ওলগ জনালোঁ।"


একেদৰে, বলীউডৰ বাদশাহ শ্বাহৰুখ খানেও ইনষ্টাগ্ৰামৰ জৰিয়তে অনন্তৰ সুস্বাস্থ্য কামনা কৰি তেওঁৰ সমাজসেৱামূলক কামসমূহ অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত কৰে। ইয়াৰ উপৰিও ৰণবীৰ সিং আৰু সঞ্জয় দত্তৰ দৰে অভিনেতা সকলেও অনন্তক এজন অতি নম্ৰ আৰু দয়ালু ব্যক্তি হিচাপে বৰ্ণনা কৰি শুভেচ্ছা জ্ঞাপন কৰে।


১৮ কোটি টকাৰ সমাজসেৱামূলক আঁচনি


অনন্ত আম্বানীয়ে নিজৰ জন্মদিনটো কেৱল বিলাসিতাৰ মাজতে সীমাবদ্ধ নাৰাখি সমাজসেৱাৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই উপলক্ষে তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। কেৰালাৰ ঐতিহাসিক ৰাজৰাজেশ্বৰম মন্দিৰ আৰু গুৰুভায়ুৰ মন্দিৰৰ উন্নয়নৰ বাবে বিশেষ অনুদান। জীৱ-জন্তুৰ চিকিৎসা আৰু সুৰক্ষাৰ বাবে বৃহৎ পুঁজি আৱণ্টন। দ্বাৰকাত যাত্ৰী নিবাস নিৰ্মাণ আৰু আম্বাজী মন্দিৰত বছৰজুৰি বিনামূলীয়া ভোজন সেৱাৰ ব্যৱস্থা।



জানিব পৰা মতে, অনন্ত আম্বানীৰ এই পৰিকল্পনাসমূহে জামনগৰ আৰু ইয়াৰ ওচৰ-পাজৰৰ গ্ৰাম্য অঞ্চলৰ শ্ৰমিক তথা দুখীয়া লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাত সহায় কৰিব। শিক্ষাৰ সংস্কাৰ আৰু গোশালা স্থাপনৰ জৰিয়তে সমাজৰ সৰ্বাংগীণ উন্নতিৰ লক্ষ্য স্থিৰ কৰা হৈছে।


জামনগৰত অনুষ্ঠিত এই জন্মদিনৰ অনুষ্ঠানে এফালে যেনেকৈ বলীউডৰ গ্লেমাৰ প্ৰদৰ্শিত কৰিলে, আনফালে অনন্ত আম্বানীৰ সমাজহিতৈষী ৰূপটোও পুনৰবাৰ স্পষ্ট কৰি তুলিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ