--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি উৰুকা। আনন্দ উচাহৰ লগতে ৰাজ্যত বৈ যাব হয়তো সুৰাৰো ঢল। সুৰাপান বৰ্তমানৰ সমাজৰ এক ডাঙৰ সমস্যা হৈ পৰিছে।অত্যধিক  সুৰা সেৱনে জীৱন ধ্বংস  কৰিব পাৰে, সংসাৰ থানবান কৰিব পাৰে।  পুৰুষৰ কেতবোৰ বদ অভ্যাসে নাৰীক বিতুষ্ট কৰি তুলিব পাৰে। তাৰ ভিতৰত সুৰাপান এটা। সুৰাপান কৰা পুৰুষক বহু নাৰীয়ে পচন্দ নকৰে। পুৰুষে সুৰাপান কৰা বুলি জনাৰ পিছত বহু নাৰীয়ে আনকি তেনে পুৰুষৰ সৈতে বিয়াত বহিবলৈও অস্বীকাৰ কৰে।  চাণক্যক  সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰখ্যাত ৰাজকীয় উপদেষ্টা কৌটিল্য বুলিও জনা যায় । চাণক্যই  সম্ভৱতঃ প্ৰথম ব্যক্তি আছিল যিয়ে ৰাজসভাত মদৰ বিৰুদ্ধে মাত মাতিছিল। 

সেই সময়ত  চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্যত  আঙুৰৰ পৰা মদ প্ৰস্তুত কৰা হৈছিল। যাক মধু নামেৰে জনা গৈছিল। চাণক্যই  মধু নামেৰে জনাজাত আঙুৰৰ সুৰাৰ বিৰুদ্ধে মাত মাতিছিল। চাণক্যৰ নীতি অনুসৰি, মানুহে সুৰা বা আন নিচা জাতীয়  আসক্তিৰ পৰা আঁতৰি থাকিব লাগে। যিসকল নিচাগ্ৰস্ত, শত্ৰুৱে  তেওঁলোকক সহজে পৰাজিত কৰিব পাৰে। নিচাত এজন ব্যক্তিয়ে তেওঁৰ বুদ্ধি সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে আৰু এনে ভুল কৰে যাৰ সম্পূৰ্ণ সুবিধা আন মানুহে  ল'ব পাৰে। 

নিচাৰ আসক্তিয়ে স্বাস্থ্যৰ ক্ষতি কৰে। সেয়েহে ইয়াক পৰিহাৰ কৰিব লাগে বুলি চাণক্যই প্ৰায় ২৫০০ বছৰ আগতেই কৈ গৈছে। চাণক্যৰ মতে সুৰা আৰু আন নিচাই সংসাৰ ভাঙিব পাৰে। ইয়াৰ বিপৰীতে চাণক্যই কৈছে যে মহিলাসকলে সদায় পুৰুষৰ ক্ষেত্ৰত কিছুমান গুণ বিচাৰে। এজন আদৰ্শ পুৰুষৰ কি গুণ থাকিব লাগে আৰু মহিলাসকলে তেওঁৰ প্ৰিয় পুৰুষৰ কি গুণ থকাটো  বিচাৰে? এই বিষয়ে চাণক্যই কি কৈছে জানি লওক।

সততা

চাণক্যই কৈছে  যে ব্যক্তিজন তেওঁৰ আচৰণ  আৰু কৰ্মৰ ক্ষেত্ৰত যদি সৎ নহয়, তেন্তে  মহিলাই তেওঁৰ প্ৰতি আকৰ্ষিত নহয়। কাৰণ যিকোনো সম্পৰ্কৰ মূল ভেটি হৈছে সততা।  এনে এক সম্পৰ্ক য’ত সততা নাই  , ইজনে সিজনৰ প্ৰতি সন্মান নাই, সেই সম্পৰ্ক কেতিয়াও সুখী আৰু স্থায়ী হ'ব নোৱাৰে। সৎ মানুহজনে কেতিয়াও তেওঁৰ পত্নী বা প্ৰেমিকাক প্ৰতাৰণা নকৰে। গতিকে মহিলাসকল সহজে সৎ পুৰুষৰ প্ৰতি আকৰ্ষিত হয়। আৰু এই আকৰ্ষণ কেতিয়াও ম্লান নহয়।

সুন্দৰ ব্যৱহাৰ

সকলো মহিলাই পুৰুষৰ  সুন্দৰ আচৰণ পছন্দ কৰে। যিজন ব্যক্তিৰ আচৰণ মধুৰ , তেওঁ মনো  ধুনীয়া হয়। গতিকে মহিলাসকল নম্ৰ পুৰুষসকলৰ প্ৰতি আকৰ্ষিত হয়। তেওঁলোকে তেওঁলোকৰ সুন্দৰ শব্দৰে মহিলাসকলৰ হৃদয় সহজে জিনিব পাৰে। আনহাতে, যিকোনো মহিলাই খহটা বাক্য  ব্যৱহাৰ কৰা পুৰুষসকলৰ পৰা আঁতৰি থাকিব বিচাৰে।

এজন ভাল শ্ৰোতা

আমি সকলোৱে নিজৰ বিষয়ে কথা পাতিবলৈ ভালপাওঁ। কিন্তু কিমানজনে আনৰ কথা শুনে? গতিকে সকলো মহিলাই এজন ভাল শ্ৰোতা হ’ব পৰা  পুৰুষক ভালপায়। মহিলাসকলে এনে এজন ব্যক্তি বিচাৰে যিয়ে তেওঁলোকৰ মনৰ কথা শুনিব। সেয়েহে, মহিলাসকলৰ হৃদয় জয় কৰিবলৈ, পুৰুষে কেৱল নিজৰ বিষয়ে কথা পাতিব নালাগে, আনৰ কথাও ধৈৰ্য্যসহকাৰে শুনিব লাগিব।

ভুল কৰি  ক্ষমা বিচাৰিব পৰাৰ ক্ষমতা

কম- বেছি পৰিমাণে আমি সকলোৱে ভুল কৰোঁ। কিন্তু তেওঁ হৈছে আদৰ্শ ব্যক্তি যিয়ে তেওঁৰ ভুলৰ বাবে ক্ষমা বিচাৰিব পাৰে। আমাৰ মাজৰ বহুতে ভুল কৰিলেও আনকি অহংকাৰৰ বাবে ক্ষমতা বিচাৰিবলৈ দ্বিধা বোধ কৰে   । মহিলাসকল সহজে এনে এজন পুৰুষৰ প্ৰতি আকৰ্ষিত হয় যিয়ে তেওঁৰ ভুলৰ বাবে ক্ষমা বিচাৰিবলৈ কুণ্ঠাবোধ নকৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই