ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ গংগা এক্সপ্ৰেছৱেত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুগৰাকী কণমানি সন্তানসহ এহাল পতি-পত্নীয়ে। ভাতৃ দ্বিতীয়া আৰু ছট পূজা উদযাপন কৰিবলৈ নয়ডাৰ পৰা প্ৰয়াগৰাজৰ গৃহভূমিলৈ যাত্ৰা কৰাৰ সময়তে হাৰদৈ জিলাত এই মৰ্মান্তিক ঘটনাটো ঘটে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাত হাৰদৈ জিলাৰ ছান্দি আৰক্ষী থানাৰ অন্তৰ্গত ভটৌলী মাফি গাঁৱৰ সমীপত (গংগা এক্সপ্ৰেছৱেৰ ৩১৭ নম্বৰ কিলোমিটাৰ মাৰ্কাৰৰ ওচৰত) পৰিয়ালটোৱে যাত্ৰা কৰা মহিন্দ্ৰা SUV-300 বাহনখনে অকস্মাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজৰ ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে। সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে বাহনখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে আৰু ইয়াৰ ইঞ্জিনটো বাহিৰলৈ ছিটিকি পৰে।
দুৰ্ঘটনাত নিহতসকল হৈছে: সৌৰভ উপাধ্যায় (৪০)। তেওঁ বহুজাতিক বেংকিং প্ৰতিষ্ঠান 'বাৰ্কলেজ'ৰ সহকাৰী উপাধ্যক্ষ আছিল। সৌৰভৰ পত্নী মেনকা উপাধ্যায় (৩৫), জ্যেষ্ঠ পুত্ৰ ব্যোম (৭) আৰু কনিষ্ঠ পুত্ৰ শিৱম (১৮ মহীয়া)৷
প্ৰত্যক্ষদৰ্শীৰ মতে, খুন্দা মৰাৰ পিছত বাহনখন ডিভাইডাৰত ঘঁহনি খাই প্ৰায় ৩০ মিটাৰ দূৰলৈ চুঁচৰি যায় আৰু ১৮ মহীয়া শিশু শিৱম এক্সপ্ৰেছৱেৰ পৰা প্ৰায় ২০ ফুট দূৰলৈ ছিটিকি পৰে। খবৰ পাই আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় যদিও সৌৰভ, মেনকা আৰু সাত বছৰীয়া ব্যোমৰ ঘটনাস্থলীতে মৃত্যু হয়। ইফালে, গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়লৈ নিয়াৰ পথত কনিষ্ঠ পুত্ৰ শিৱমেও মৃত্যুক সাৱটি লয়।
প্ৰয়াগৰাজৰ নিবাসী জয় গোবিন্দ উপাধ্যায়ৰ একমাত্ৰ পুত্ৰ আছিল সৌৰভ। ইপিনে লক্ষ্ণৌৰ গোমতী নগৰত বসবাস কৰা পিতৃ-মাতৃৰ একমাত্ৰ কন্যা আছিল মেনকা। ২০১৮ চনত বিবাহপাশত আবদ্ধ হৈছিল সৌৰভ আৰু মেনকা। এই সুখী পৰিয়ালটোৱে উৎসৱৰ বতৰত আত্মীয়-স্বজনৰ কাষলৈ বুলি আহিছিল যদিও কাল নিয়তিয়ে সেয়া হ’বলৈ নিদিলে। অকালতে তেওঁলোকক এই পৃথিৱীৰ পৰা চিৰদিনলৈ আঁতৰাই লৈ গ’ল। এই আকস্মিক দুৰ্ঘটনাই দুয়োটা পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পেলাইছে। কি পৰিস্থিতিত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱালে, সেই বিষয়ে আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।