ডিজিটেল ডেস্ক: চিকিৎসকক ভগৱানৰ অন্য ৰূপ বুলি কোৱা হয়। শেহতীয়াকৈ মালয়েছিয়াত চিকিৎসকৰ এটা দলে এক বিৰল অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ ফালৰ পৰা সংযুক্ত হৈ থকা দুটা যমজ শিশুক পৃথক কৰিছে। শিশু দুটিক যেতিয়া পৃথক কৰা হয়, সেই সময়ত সিহঁতৰ বয়স মাত্ৰ ৪০ দিন আছিল। ইমান কম বয়সতে এনে এক বিৰল অস্ত্ৰোপচাৰৰ চৰ্চা সৰ্বত্ৰে চলিছে।
এই শিশু দুটি পিঠিৰ তলৰ অংশৰ পৰা সংযুক্ত হৈ আছিল, চিকিৎসকৰ প্ৰচেষ্টাত এতিয়া দুয়োকে পৃথক কৰা হৈছে। বৰ্তমান চিকিৎসালয়ে জনোৱা অনুসৰি শিশু দুটিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে আৰু বিশেষ যত্ন ল’বলৈ দিয়া হৈছে। প্ৰসংগক্ৰমে উল্লেখ্য যে এই অস্ত্ৰোপচাৰ ছেপ্টেম্বৰ মাহত কৰা হৈছিল আৰু শেহতীয়াকৈ চিকিৎসালয়ে এই বিষয়ে তথ্য প্ৰকাশ কৰিছে।
যমজ শিশু দুটি ‘পাইগ’পেগাছ’ (Pygopagus) নামৰ এক বিৰল অৱস্থা লৈ জন্মগ্ৰহণ কৰিছিল, যাৰ অৰ্থ হ’ল সিহঁত পিছৰ ফালৰ পৰা সংযুক্ত হৈ আছিল, য’ত তলৰ মেৰুদণ্ড (lower spine), চেক্ৰাম (sacrum) আৰু শ্ৰোণীদেশ (pelvis) অন্তৰ্ভুক্ত আছিল। চিকিৎসালয়ৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি, প্ৰাৰম্ভিক পৰিকল্পনা আছিল যে যমজ শিশু দুটিৰ বয়স চাৰি-ছয় মাহ হ’লে অস্ত্ৰোপচাৰ কৰা হ’ব। কিন্তু এটা শিশুৰ নি’ওনেকেল কেয়াৰত অধিক শ্বাসজনিত সহায়ৰ প্ৰয়োজনীয়তা অনুভৱ হ’বলৈ ধৰিলে, যাৰ বাবে এই সিদ্ধান্ত সোনকালে ল’বলগীয়া হ’ল।
চিকিৎসালয়ে জনোৱা মতে, ভাগ বতৰা কৰা অংগ প্ৰণালীৰ ওপৰত হোৱা শৰীৰতাত্ত্বিক হেঁচা প্ৰতি লক্ষ্য ৰাখি ডাক্তৰসকলে পৃথকীকৰণ অস্ত্ৰোপচাৰৰ তাৰিখ আগুৱাই লৈ যোৱাৰ সিদ্ধান্ত লয়। শিশু দুটিৰ চাৰ্জনসকলে শ্ৰোণীদেশৰ তলৰ অংশ পুনৰ নিৰ্মাণ কৰাৰ আগতে যমজ শিশু দুটিৰ ভাগ কৰা অন্ত্ৰ আৰু প্ৰস্ৰাৱ প্ৰণালী পৃথক কৰে। চাৰ্জনসকলে পৃথক পৃথক মলদ্বাৰ তৈয়াৰ কৰে আৰু প্ৰস্ৰাৱৰ নলী পুনৰ নিৰ্মাণ কৰে। নিউৰ’চাৰ্জনে মেৰুদণ্ডৰ ৰজ্জুৰ কাৰ্যক্ষমতা বৰ্তাই ৰাখিবলৈ আৰু ভৰিৰ লৰচৰ ঠিক ৰাখিবলৈ চেক্ৰামৰ চাৰিওকাষে স্নায়ু মেপিং আৰু পৃথকীকৰণ কৰে।
এই অপাৰেচনত ছাবাহ চিকিৎসালয়, কুৱালালামপুৰৰ টুনকু আজিজা আৰু ছাৰাৱাক জেনেৰেল হাস্পতালৰ বিশেষজ্ঞসকলৰ এটা বহুমুখী দল অন্তৰ্ভুক্ত আছিল। চিকিৎসালয়ে এক বিবৃতিত কয় যে ইমান কম সময়ৰ ভিতৰতে দুটাকৈ অতি কঠিন পৃথকীকৰণ অস্ত্ৰোপচাৰ সফলভাৱে পৰিচালনা কৰাটো আমাৰ স্থানীয় চিকিৎসা দলসমূহৰ অতি উৎকৃষ্ট দায়বদ্ধতা, সদিচ্ছা আৰু ক্লিনিকেল দক্ষতাক প্ৰদৰ্শন কৰে। ইয়াৰ পূৰ্বে জুলাই মাহত চিকিৎসালয়ে সংযুক্ত হৈ থকা যমজ কন্যা শিশু দুটিক পৃথক কৰিছিল। সিহঁত সময়ৰ আগতেই জন্ম হৈছিল আৰু সিহঁতৰ হৃদযন্ত্ৰ তথা কিডনীৰ সমস্যা আছিল।