ডিজিটেল ডেস্ক: ৰাজ্যৰ প্ৰসিদ্ধ পৰ্যটন ক্ষেত্ৰ কাজিৰঙাৰ ৰঙাজানত সংঘটিত হৈছে এক মৰ্মান্তিক তথা ভয়ংকৰ পথ দুৰ্ঘটনা। ৩৭/৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক তীব্ৰবেগী যাত্ৰীবাহী ট্ৰেভেলাৰ বাহন আৰু এখন কণ্টেইনাৰ ট্ৰেইলাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত প্ৰাণ হেৰুৱাইছে ২৩ গৰাকী লোকে। এই শোকাৱহ ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে। আহত সকলৰ কেইবাজনৰো অৱস্থা সংকটজনক, সেয়েহে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, যাত্ৰীবাহী ট্ৰেভেলাৰখনত ৩৫ জনতকৈ অধিক যাত্ৰী আছিল, যিসকলৰ অধিকাংশই আছিল কলেজৰ ছাত্ৰী আৰু অন্যান্য যাত্ৰী। কাজিৰঙাৰ হাতীকুলি চাহ বাগিচাৰ সমীপৰ ৰঙাজানত সংঘটিত এই দুৰ্ঘটনাৰ তীব্ৰতা ইমানেই বেছি আছিল যে বাহনখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।
ঘটনাৰ পিছতে স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলে। প্ৰথম অৱস্থাত কেইবাজনো লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় যদিও সময় বাগৰি যোৱাৰ লগে লগে মৃত্যুৰ সংখ্যা বৃদ্ধি পাই বৰ্তমানে ২৩ গৰাকীত উপনীত হৈছেহি। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা বহুকেইজন লোকক তাৎক্ষণিকভাৱে কঁহৰা আদৰ্শ চিকিৎসালয়লৈ ভৰ্তি কৰোৱা হয়, য'ত তেওঁলোকৰ চিকিৎসা অব্যাহত আছে।
মৃত সকলৰ ভিতৰত এইকেইজনৰ পৰিচয় উদ্ধাৰ হৈছে- আব্দুল মুজিদ(ট্ৰেভেলাৰ চালক), সুভাষ(ট্ৰেভেলাৰখনৰ হেন্দিমেন), ছাত্ৰী হাফিজা খাতুন, ফাৰহানা য়াচমিন, বিউটী দত্ত, ৰঙাজানৰ অনুৰাগ গোৱালা, কঁহৰা আমগুৰিৰ জ্যোতি মাঝি, দৰ্পনা মাঝি। ট্ৰেভেলাৰখনৰ চালক আৰু হেন্দিমেন দুয়োৰে ঘৰ নগাঁৱত।
এই শোকাৱহ দুৰ্ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্যতে শোকৰ পৰিৱেশে বিৰাজ কৰিছে। প্ৰশাসনৰ তৰফৰ পৰা দুৰ্ঘটনাগ্ৰস্ত স্থানত উদ্ধাৰ আৰু সাহায্যৰ কাম অব্যাহত আছে।