ডিজিটেল ডেস্ক: বিহাৰৰ ৰাজনীতিত শেহতীয়াকৈ নাটকীয়ভাৱে দৃশ্যপট সলনি হ'বলৈ ধৰিছে। শাসক-মিত্রজোঁট এন ডি এৰ দলৰ মাজত এটা গভীৰ ফাঁট মেলিছে। শেহতীয়াকৈ ৰাজ্যখনত অনুষ্ঠিত হোৱা বিধান পৰিষদৰ (এম এল চি) নিৰ্বাচনৰ ফলাফলৰ পাছৰে পৰা শাসক মিত্রদল জনতা দল-ইউনাইটেড (জে ডি-ইউ) আৰু ভাৰতীয় জনতা পার্টি (বিজেপি)ৰ মাজৰ সংঘাত তীব্ৰ হৈ পৰিছে।
এই ঘটনাক্ৰমৰ মাজতে ৰাষ্ট্ৰীয় জনতা দলৰ (আৰ জে ডি) নেতা তেজস্বী যাদৱৰ জন্মদিনত জে ডি-ইউৰ নেতাসকলে জনোৱা শুভেচ্ছাই বিহাৰৰ ৰাজনীতিত নতুন পট পৰিৱৰ্তন হৈছে।
উল্লেখযোগ্য যে এম এল চিৰ নিৰ্বাচনত নীতিশ কুমাৰৰ জে ডি-ইউৰ শোচনীয় প্ৰদৰ্শনৰ বাবে মিত্ৰদল বিজেপিক ঘাইকৈ জগৰীয়া কৰা হৈছে। জে ডি-ইউৰ প্ৰাৰ্থীক পৰাস্ত কৰা নির্দলীয় প্রার্থীসকলক বিজেপিয়ে আদৰণি জনোৱাৰ পাছতেই এই সংঘাত অধিক বৃদ্ধি পাইছে। জে ডি-ইউৰ জ্যেষ্ঠ মন্ত্ৰী শ্ৰৱণ কুমাৰে মুকলিকৈ ক্ষোভ প্রকাশ কৰি কয় যে বিজেপিয়ে বিশ্বাস ভংগ কৰিছে আৰু ইয়াক কেনেকৈ ঠিক কৰিব পৰা যাব। আনহাতে, এই সংঘাতৰ মাজতে আৰ জে ডিৰ শীৰ্ষ নেতা তেজস্বী যাদৱৰে জে ডি-ইউৰ নেতাসকলৰ সৌহার্দ্যপূর্ণ সম্পর্কই শাসক মিত্ৰজোঁটৰ ভৱিষ্যতক লৈ প্রশ্ন উত্থাপন হৈছে।
এই ঘটনা প্ৰৱাহৰ মাজতে উত্তেজনাময় পৰিস্থিতি চম্ভালিবলৈ প্রাক্তন কেন্দ্রীয় মন্ত্রী ধর্মেন্দ্র প্রধানে জৰুৰীভাৱে পাটনা ভ্ৰমণ কৰি জেডি-ইউৰ জ্যেষ্ঠ নেতা সঞ্জয় ঝাৰ সৈতে বৈঠকত মিলিত হয়। আনহাতে, দুয়োটা শাসক-মিত্রদলে মিত্রজোঁট সুৰক্ষিত বুলি দাবী কৰিলেও নীতিশ কুমাৰ জে ডি-ইউ আৰু বিজেপিৰ মাজৰ এই ফাঁট স্পষ্ট হৈ পৰিছে।
উৎস: দৈনিক জনমভূমি