--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ২৬ জানুৱাৰী ভাৰতবাসীৰ বাবে এক অতি বিশেষ দিন। আগন্তুক ২৬ জানুৱাৰীত সমগ্ৰ দেশে ৭৪সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব। ইয়াৰ বাবে ইতিমধ্যে সকলো ঠাইতে প্ৰস্তুতি আৰম্ভ হৈছে। সমগ্ৰ দেশতে গণৰাজ্য দিৱস ধুমধামেৰে পালন কৰা হয়। এই বিশেষ দিনটোত ক’ৰবাত ‘হিন্দুস্তান জিন্দাবাদ’ৰ শ্ল’গান দিয়া হয় যদি আন ক’ৰবাত ‘ভাৰত মাতা কি জয়’ৰ শ্ল’গান শুনা যায়। কোনো কোনো স্থানত বেছিভাগ বিদ্যালয়তে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা দেখা যায়।

২৬ জানুৱাৰী বুলিলে কিছুমান বিশেষ ঠাইৰ কথা মনলৈ আহে। যেনে-

১. দিল্লীৰ ইণ্ডিয়া গেটঃ-প্ৰতিদিনে দিল্লীৰ ইণ্ডিয়া গেটত ভিৰ হয় যদিও ২৬ জানুৱাৰীৰ দিনটোক ইয়াত অতি বিশেষ দিন হিচাপে পৰিলক্ষিত হয়। ইয়াত ২৬ জানুৱাৰীত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আৰু ভাৰতীয় সেনাৰ অনন্য পেৰেডে প্ৰতিজন ভাৰতবাসীৰ মন গৌৰান্বিত কৰি তোলে।

২. শিমলাৰ গণৰাজ্য দিৱসঃ-শিমলাৰ নাম শুনিলে নিশ্চয় মনলৈ আহে প্ৰাকৃতিক সৌন্দৰ্য্যৰ কথা। কিন্তু ২৬ জানুৱাৰীত ইয়াত পৰ্যটকৰ বিশেষ ভিৰ দেখা যায় কাৰণ ইয়াত গণৰাজ্য দিৱস অতি আড়ম্বৰেৰে পালন কৰা হয়। শিমলাৰ ৰিজ পাৰ্কত গণৰাজ্য দিৱস উদযাপন কৰা হয়।

৩. পঞ্জাবৰ বাঘা সীমান্তঃ-ৱাঘা সীমান্তৰ পেৰেডে দুয়োখন দেশৰ মাজত দেশপ্ৰেমৰ আৱেগ ভৰাই তোলে। এই পেৰেড চাবলৈ সমগ্ৰ বিশ্বৰ পৰা বহুতো পৰ্যটক আহে, কিন্তু ২৬ জানুৱাৰীত ইয়াৰ দৃশ্য আচৰিত। ইয়াত যেতিয়া সকলো একেলগে থিয় হৈ জাতীয় সংগীত গায়, তেতিয়া মনলৈ এক বেলেগ উদ্যম আহে। পঞ্জাবৰ অমৃতসৰত অৱস্থিত ৱাঘা সীমান্তৰ সিটো পাৰে পাকিস্তানৰ লাহোৰ।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু