--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • কমিউনিটি হলত অনুষ্ঠিত হয় য'ত বৈদিক পৰম্পৰাগত হিন্দু ৰীতি নীতি মতে আগৰৱালা দম্পতীহালে ব্ৰত পালন কৰি সমূহীয়া বিবাহত অংশ লয়।

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ ৰীণা আগৰৱালা আৰু সঞ্জয় আগৰৱালা নামৰ দানশীল দম্পতীয়ে ঢেকীয়াজুলিৰ সমীপত এটা অন্ধ দম্পতীকে ধৰি চাহ বাগিচা অঞ্চলৰ ২৭ যোৰা দৰিদ্ৰ দৰা-কইনাৰ সমূহীয়াকৈ বিবাহৰ আয়োজন কৰে পানবাৰী শিৱ মন্দিৰত। 


কমিউনিটি হলত অনুষ্ঠিত হয় য'ত বৈদিক পৰম্পৰাগত হিন্দু ৰীতি নীতি মতে আগৰৱালা দম্পতীহালে ব্ৰত পালন কৰি সমূহীয়া বিবাহত অংশ লয়। 


সমাজকৰ্মৰ বাবে পৰিচিত আগৰৱাল পৰিয়ালটোৱে নিজৰ জীয়ৰীৰ বিৱাহৰ পূৰ্বে কেইবাটাও দুখীয়া পৰিয়ালৰ যুৱক যুৱতীৰ বিৱাহ কৰোৱাম বুলি ঠিৰাং কৰি থৈছিল। 


মটিলাল অছৱাল ফাইনেন্সিয়েল চাৰ্ভিচ মুম্বাইৰ সৈতে জড়িত পুছপগীট ফাইনেন্সিয়েল এছ'চিয়েটেড সঞ্জয় আগৰৱালে কয় যে, "বিবাহ স্বৰ্গত কৰা হয়, আৰু আমি এই সপোনবোৰ বাস্তৱায়িত কৰাত ভূমিকা ল'বলৈ পাই সন্মানিত হৈছো। এই উদাৰ কাৰ্য্যই আমাৰ পৰিয়ালৰ বাবে অপৰিসীম সন্তুষ্টি আৰু আনন্দ কঢ়িয়াই আনে । "


আগন্তুক কন্যাৰ বিবাহৰ পৰা অনুপ্ৰাণিত হৈ এই দম্পতীহালৰ এই দানশীল প্ৰচেষ্টা। কন্যাৰ কন্যাদানৰ আগতেই তেওঁলোকে এই উদাৰ পদক্ষেপ গ্ৰহণ কৰাৰ ইচ্ছা কৰিছিল। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মাননীয় শ্ৰী অশোক সিংঘাল ডাঙৰীয়াক প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। মাননীয় শ্ৰী অশোক সিংঘাল ডাঙৰীয়াক তেখেতৰ কৃপাময় উপস্থিতি আৰু সহযোগিতাৰ বাবে, যিয়ে অনুষ্ঠানটোক সফল কৰি তুলিছিল। তেওঁৰ উপস্থিতি আৰু প্ৰেৰণাদায়ক ভাষণে নতুনকৈ বিবাহিত ২৭টা দম্পতীক তেওঁলোকৰ নতুন যাত্ৰাৰ বাবে আশীৰ্বাদ দিলে।

আগৰৱাল পৰিয়ালে ২৭ টা দম্পতীৰ বাবে অত্যাৱশ্যকীয় ঘৰুৱা আৰু ব্যক্তিগত সামগ্ৰী যেনে- অলংকাৰ, দুয়োৰে বাবে কাপোৰ, সকলো সাধাৰণ পাকঘৰৰ বাচন-বৰ্তন, ষ্টীলৰ বিচনাকে ধৰি আচবাব, বেড ৰোল, প্লাষ্টিকৰ চকী চেট, ষ্টেণ্ড ফেন আদি, কাষ্টমাইজড মিঠাইৰ পেকেট আৰু নতুন জীৱন আৰম্ভ কৰিবলৈ নগদ ধনৰ উপহাৰ প্ৰদান কৰে। ইয়াৰ পিছত সকলো নৱবিবাহিত দম্পতীৰ বাবে এটা সামূহিক দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা হয়, তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে আগৰৱালাৰ কন্যা প্ৰিয়াছা আৰু হ’বলগীয়া জোঁৱাই নিখিলকে ধৰি প্ৰায় ১০০০ জন বাসিন্দা উপস্থিত থাকে।


দম্পতী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে এই নিস্বাৰ্থ কাৰ্য্যই এই যুৱ দম্পতীসকলৰ জীৱনলৈ আশা আৰু সুখ কঢ়িয়াই আনিছে, আৰু আগৰৱাল পৰিয়ালৰ সামাজিক কামৰ প্ৰতি থকা সমৰ্পণ সঁচাকৈয়ে প্ৰশংসনীয়। দানশীল আগৰৱাল পৰিয়ালৰ এই নিস্বাৰ্থ কাৰ্যক আগন্তুক দশকবোৰত স্মৰণ কৰিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement