--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ডিব্ৰুগড়ৰ আদিত‍্য চুপাৰ স্পেচিয়েলিষ্ট হাস্পতালত জীৱন মৰণৰ সৈতে যুঁজি আছে ছাত্ৰজনে।

ডিজিটেল ডেস্ক: দুলীয়াজানৰ টিংৰাই বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ এজন সপ্তম শ্ৰেণীৰ ছাত্ৰৰ বিদ্যালয়ৰ ছাত্ৰ আবাসৰ বাথৰূমত আত্মহত্যাৰ প্ৰচেষ্টা। ডিব্ৰুগড় ফৰেনচিক এটা দলৰ তত্ত্বাৱধানত চলি আছে তদন্ত।  


ডিব্ৰুগড়ৰ আদিত‍্য চুপাৰ স্পেচিয়েলিষ্ট হাস্পতালত জীৱন মৰণৰ সৈতে যুঁজি আছে ছাত্ৰজনে। শুকুৰবাৰে আবেলি তিনিমান বজাত বিদ্যালয়খনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনে হোষ্টেলৰ বাথৰুমত আত্মহত্যাৰ প্ৰচেষ্টা কৰে ।


জানিব পৰা মতে বিদ‍্যালয়খনৰ সপ্তম শ্ৰেণীত অধ‍্যয়ন কৰা ছাত্ৰজনে হোষ্টেলৰ বাথৰুমত ডিঙিত মাফলাৰ লগাই ওলমি থকা প্ৰত‍্যক্ষ কৰে বিদ‍্যালয়ৰ হোষ্টেলত থকা একাংশ ছাত্ৰই ।


এই ঘটনাৰ প্ৰত‍্যক্ষ কৰি আৱাসী ছাত্ৰসকলে চিঞৰ-বাখৰ কৰাত হোষ্টেলৰ ওৱাৰ্ডেন আৰু বিদ‍্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ গৰাকীক উদ্ধাৰ কৰি স্থানীয় অইল চিকিৎসালয়লৈ লৈ যায় যদিও সংকটজনক অৱস্থাত ছাত্ৰজনক ডিব্ৰুগড়ৰ আদিত‍্য চুপাৰ স্পেচিয়েলিষ্ট হাস্পতাললৈ লৈ যায় ।


আনহাতে এই ঘটনা গাপ দিয়াৰ চেষ্টা বিদ‍্যালয়ৰ কৰ্তৃপক্ষৰ কিন্তু পৰিয়ালৰ অভিযোগ অনুসৰি এয়া পৰিকল্পিতভাৱে হত‍্যা কৰিবলৈ চেষ্টা কৰাৰ সন্দেহ । ছাত্ৰজনৰ ঘৰ নাহৰকটীয়া জয়পুৰৰ তাঁতীপথাৰৰ বুলি জানিব পৰা গৈছে। পিতৃৰ নাম চিবু দাস।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ