--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৰহাট আৰক্ষীয়ে অনুসন্ধান চলাই দৰং জিলাৰ দলগাঁৱৰ পৰা এই চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰে।

ডিজিটেল ডেস্ক: চলিত মাহত যোৰহাটৰ দুটা ফ্লেটত সংঘটিত হোৱা চুৰিকাণ্ডৰ লগত জড়িত চোৰৰ গেংটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যোৰহাট আৰক্ষী। যোৰহাট আৰক্ষীয়ে অনুসন্ধান চলাই দৰং জিলাৰ দলগাঁৱৰ পৰা এই চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰে। লগতে এই চোৰৰ দলটোৱে চুৰি কৰা অলংকাৰ সমূহ বিক্ৰী কৰা প্ৰতিষ্ঠান দুটাৰ দুগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। 


আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটা হৈছে লুকমন আলী, চাইদুৰ ৰহমান, নুৰ মহমদ আলী। এই চোৰ তিনিটাই যোৰহাটৰ দুটা ফ্লেটত চুৰি কৰা সোণৰ অলংকাৰ বিক্ৰী কৰা দুখন প্ৰতিষ্ঠান দুগৰাকী হৈছে দৰং জিলাৰ দলগাঁৱৰ আবু বকৰ চিদ্দিক আৰু বৰপেটা জিলাৰ চাপ্ৰাৰ ইমৰান আহমেদ। 


গ্ৰেপ্তাৰ কৰা চোৰকেইটাৰ পৰা আৰক্ষীয়ে কেইবাটাও মোবাইল ফোন জব্দ কৰিছে। উল্লেখ্য যে, চলিত মাহৰ ৫ আৰু ৭ ফেব্ৰুৱাৰীত মধুকুঞ্জ এপাৰ্টমেণ্ট আৰু এ বি জি হাইটত এই চোৰৰ দলটোৱে চুৰি কাৰ্য সংঘটিত কৰিছিল। আৰক্ষীয়ে চি চি টি ভি ফুটজ সংগ্ৰহ কৰি অনুসন্ধান চলাই এই চোৰৰ দল টোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি এই চোৰ চক্ৰটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ