--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৰহাট আৰক্ষীয়ে অনুসন্ধান চলাই দৰং জিলাৰ দলগাঁৱৰ পৰা এই চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰে।

ডিজিটেল ডেস্ক: চলিত মাহত যোৰহাটৰ দুটা ফ্লেটত সংঘটিত হোৱা চুৰিকাণ্ডৰ লগত জড়িত চোৰৰ গেংটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যোৰহাট আৰক্ষী। যোৰহাট আৰক্ষীয়ে অনুসন্ধান চলাই দৰং জিলাৰ দলগাঁৱৰ পৰা এই চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰে। লগতে এই চোৰৰ দলটোৱে চুৰি কৰা অলংকাৰ সমূহ বিক্ৰী কৰা প্ৰতিষ্ঠান দুটাৰ দুগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। 


আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটা হৈছে লুকমন আলী, চাইদুৰ ৰহমান, নুৰ মহমদ আলী। এই চোৰ তিনিটাই যোৰহাটৰ দুটা ফ্লেটত চুৰি কৰা সোণৰ অলংকাৰ বিক্ৰী কৰা দুখন প্ৰতিষ্ঠান দুগৰাকী হৈছে দৰং জিলাৰ দলগাঁৱৰ আবু বকৰ চিদ্দিক আৰু বৰপেটা জিলাৰ চাপ্ৰাৰ ইমৰান আহমেদ। 


গ্ৰেপ্তাৰ কৰা চোৰকেইটাৰ পৰা আৰক্ষীয়ে কেইবাটাও মোবাইল ফোন জব্দ কৰিছে। উল্লেখ্য যে, চলিত মাহৰ ৫ আৰু ৭ ফেব্ৰুৱাৰীত মধুকুঞ্জ এপাৰ্টমেণ্ট আৰু এ বি জি হাইটত এই চোৰৰ দলটোৱে চুৰি কাৰ্য সংঘটিত কৰিছিল। আৰক্ষীয়ে চি চি টি ভি ফুটজ সংগ্ৰহ কৰি অনুসন্ধান চলাই এই চোৰৰ দল টোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি এই চোৰ চক্ৰটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু