--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৮ ফেব্ৰুৱাৰীৰ নিশা আকাশত এক বিৰল মহাজাগতিক ঘটনা দেখিবলৈ পোৱা যাব। সেইদিনা সৌৰজগতৰ সকলো গ্রহক একেলগে দেখা পোৱা যাব নিশাৰ আকাশত। ইয়াক গ্রহ একেৰেখীয় হোৱা বা পেৰেড হোৱা বুলি কোৱা হয়। ই এক দুর্লভ মহাজাগতিক ঘটনা। বিজ্ঞানীসকলে প্রকাশ কৰা অনুসৰি যোৱা মাহৰ পৰা সৌৰজগতৰ গ্ৰহসমূহৰ পেৰেড চলি আছে আৰু ২৮ ফেব্ৰুৱাৰীৰ নিশা চৰম পৰ্যায়ত উপনীত হ'ব। 

সেইদিনা কিছু সময়ৰ বাবে সকলো গ্রহক একেডাল ৰেখাত দেখা পোৱা যাব। ইয়াৰ পাছত এই ঘটনা পুনৰ দেখিবলৈ পোৱা যাব ২০৪০ •চনত। বিশেষজ্ঞসকলৰ মতে, এই বিৰল মহাজাগতিক ঘটনা চোৱাৰ বাবে নিশা লাইটৰ পোহৰে জিলিকাই থকা নগৰ-মহানগৰৰ পৰা আঁতৰত থকা মুকলি স্থানলৈ যাব লাগিব। যদিহে সেইদিনা নিশা বতৰ ফৰকাল থাকে তেতিয়া ইউৰেনাছ আৰু নেপচুনক বাদ দি আন সকলো গ্রহক খালী চকুৰে দেখা পোৱা যাব। ইউৰেনাছ আৰু নেপচুনক চোৱাৰ কাৰণে দূৰবীণৰ প্ৰয়োজন হ'ব।

বিশেষজ্ঞসকলৰ মতে, মঙল গ্রহক পূবত, বৃহস্পতি আৰু ইউৰেনাছক দক্ষিণ-পূব দিশত তথা শুক্র,নেপচুন আৰু শনিক পশ্চিম দিশত দেখা পোৱা যাব। এই ঘটনা সমগ্র দেশতে দেখা পোৱা যাব।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক