--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৮ ফেব্ৰুৱাৰীৰ নিশা আকাশত এক বিৰল মহাজাগতিক ঘটনা দেখিবলৈ পোৱা যাব। সেইদিনা সৌৰজগতৰ সকলো গ্রহক একেলগে দেখা পোৱা যাব নিশাৰ আকাশত। ইয়াক গ্রহ একেৰেখীয় হোৱা বা পেৰেড হোৱা বুলি কোৱা হয়। ই এক দুর্লভ মহাজাগতিক ঘটনা। বিজ্ঞানীসকলে প্রকাশ কৰা অনুসৰি যোৱা মাহৰ পৰা সৌৰজগতৰ গ্ৰহসমূহৰ পেৰেড চলি আছে আৰু ২৮ ফেব্ৰুৱাৰীৰ নিশা চৰম পৰ্যায়ত উপনীত হ'ব। 

সেইদিনা কিছু সময়ৰ বাবে সকলো গ্রহক একেডাল ৰেখাত দেখা পোৱা যাব। ইয়াৰ পাছত এই ঘটনা পুনৰ দেখিবলৈ পোৱা যাব ২০৪০ •চনত। বিশেষজ্ঞসকলৰ মতে, এই বিৰল মহাজাগতিক ঘটনা চোৱাৰ বাবে নিশা লাইটৰ পোহৰে জিলিকাই থকা নগৰ-মহানগৰৰ পৰা আঁতৰত থকা মুকলি স্থানলৈ যাব লাগিব। যদিহে সেইদিনা নিশা বতৰ ফৰকাল থাকে তেতিয়া ইউৰেনাছ আৰু নেপচুনক বাদ দি আন সকলো গ্রহক খালী চকুৰে দেখা পোৱা যাব। ইউৰেনাছ আৰু নেপচুনক চোৱাৰ কাৰণে দূৰবীণৰ প্ৰয়োজন হ'ব।

বিশেষজ্ঞসকলৰ মতে, মঙল গ্রহক পূবত, বৃহস্পতি আৰু ইউৰেনাছক দক্ষিণ-পূব দিশত তথা শুক্র,নেপচুন আৰু শনিক পশ্চিম দিশত দেখা পোৱা যাব। এই ঘটনা সমগ্র দেশতে দেখা পোৱা যাব।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ