--°C
Loading...
Listen to Article
2 min read
80%

চেন্নাই : তামিলনাডু চৰকাৰে হ্ৰাস কৰিলে পেট্ৰ’লৰ দাম। এম কে ষ্টেলিন নেতৃত্বৰ ডিএমকে চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশনত এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে। প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম তিনি টকাকৈ হ্ৰাস কৰিছে চৰকাৰে। ইয়াৰ ফলত এটা বিত্তীয় বৰ্ষত চৰকাৰে ১,১৬০ কোটি ৰাজহ হেৰুৱাবলগীয়া হ’ব।

ৰাজ্যখনৰ বিত্তমন্ত্ৰী পালানিৱেল থিয়াগৰাজনে চৰকাৰৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰি কয় যে, ‘তামিলনাডুৰ ২.৬ কোটি লোকে দুচকীয়া বাহন ব্যৱহাৰ কৰে। এইসকলৰ সুবিধা হোৱাকৈ চৰকাৰে প্ৰতিলিটাৰ পেট্ৰ’লত ৩ টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।’ সমগ্ৰ দেশৰ মধ্যবিত্ত শ্ৰেণীটোক ইন্ধনৰ দামে জুৰুলা কৰি পেলোৱাৰ সময়ত এয়া ষ্টেলিন চৰকাৰৰ মাষ্টাৰষ্ট্ৰোক হিচাপে বিবেচনা কৰা হৈছে।

তদুপৰি চৰকাৰৰ প্ৰথমখন বাজেটত জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবেও ৫০০কোটি টকা নিৰ্ধাৰণ কৰা হয়। তদুপৰি প্ৰতিটো পৰিয়ালৰ মহিলা সদস্যলৈ মাহে ১০০০ টকাকৈ আগবঢ়োৱাৰ ষ্টেলিনৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিও পূৰণৰ বাবেও বাজেটত ব্যৱস্থা গ্ৰহণ কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ