--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : তালিবানৰ আগ্ৰাসন বৃদ্ধি পোৱাৰ লগে লগে গভীৰ মানৱীয় সংকটৰো সৃষ্টি হৈছে আফগানিস্তানত। ভালেমান গুৰুত্বপূৰ্ণ চহৰ তালিবানে দখল কৰাৰ পাছত দেশখনৰ নাগৰিকৰ বাবে নতুন সংকটৰ সৃষ্টি হৈছে। কালি প্ৰকাশিত এটা বাতৰি অনুসৰি তালিবানে এতিয়া আফগান যুৱতীসকলক তেওঁলোকৰে বিয়াত বহাৰ বাবে জোৰ কৰিবলৈ আৰম্ভ কৰিছে।

তালিবানৰ হাতত বন্দী হোৱা আফগান সৈন্য বাহিনীৰ সদস্যক মৃত্যুদণ্ড দিয়া তথা নতুনকৈ দখল কৰা স্থানবোৰত সাধাৰণ নাগৰিকৰ ওপৰত অপ্ৰৰোচিত আক্ৰমণ কৰাৰ দৰে ঘটনাও সংঘটিত কৰিবলৈ আৰম্ভ কৰিছে। কাবুল বা আন আফগান চৰকাৰ নিয়ন্ত্ৰিত স্থানবোৰলৈ আঁতৰি যোৱা সাধাৰণ নাগৰিকসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে, তেওঁলোকে সাধাৰণ নাগৰিকৰ ওপৰত চলোৱা অপ্ৰৰোচিত আক্ৰমণ আৰু বন্দী আফগান সেনাক মৃত্যুদণ্ড বিহাৰ দুৰ্ভাগ্যজনক ঘটনাৰ সাক্ষী হ’বলগীয়া হৈছে।

তেওঁলোকে লগতে প্ৰকাশ কৰে যে, মৌলবাদী সংগঠনটোৰ সদস্যসকলৰে বিয়াত বহিবলৈ যুৱতীসকলক জোৰ জুলুম কৰিবলৈ আৰম্ভ কৰিছে। ‘ৱাল ষ্ট্ৰীট জাৰ্নেল’ত প্ৰকাশিত বাতৰি অনুসৰি চৰকাৰে বিভিন্ন মানৱ অধিকাৰ সংগঠনে ইয়াক একধৰণৰ ‘যৌন অপৰাধ’ আখ্যা দিছে। তালিবানে সমগ্ৰ দেশখনতে নিজৰ নিয়ন্ত্ৰণ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ এই কাৰ্যই দেশখনত এতিয়া ভয়াৱহ সংকটৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ