--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশ বিভাজনৰ যন্ত্ৰণাক কেতিয়াও পাহৰিব পৰা নাযায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই মন্তব্য কৰিছে। ১৪ আগষ্টৰ দিনটোক তেওঁ ‘দেশ বিভাজনৰ ভয়াৱহ স্মৃতি দিৱস’ বা ‘পাৰ্টিচন হ’ৰৰ্ছ ৰিমেমব্ৰেঞ্চ ডে’’ হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে।

দেশৰ স্বাধীনতা দিৱসৰ এদিন পূৰ্বে আৰু পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনটোত এই তাৎপৰ্যপূৰ্ণ ঘোষণা কৰা প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি টুইটযোগে প্ৰকাশ কৰে যে, ‘দেশ বিভাজনৰ যন্ত্ৰণাক কেতিয়াও পাহৰিব নোৱাৰি। আমাৰ লক্ষ লক্ষ ভাতৃ-ভগ্নীয়ে দেশ বিভাজনৰ বাবে নিজৰ ভেটি হেৰুৱাবলগীয়া হোৱাৰ লগতে অবিবেচনাপূৰ্ণ হিংসাৰ কৱলত পৰি বহুতে প্ৰাণ হেৰুৱাবলগীয়া হয়।

আমাৰ নাগৰিকসকলৰ এই ত্যাগ আৰু সংগ্ৰামক স্মৰণ কৰি ১৪ আগষ্টৰ দিনটোক দেশ বিভাজনৰ ভয়াৱহ স্মৃতি দিৱস হিচাপে আমি পালন কৰিম।’ উল্লেখ্য যে, দেশৰ ইতিহাসত দেশ বিভাজনৰ এই অধ্যায় আজিও এক দুঃসহ দুৰ্যোগৰ প্ৰতিৰূপ হিচাপে চিহ্নিত হৈ ৰৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ