--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিস্থিতিগত কাৰণত তেওঁলোকৰ বিচ্ছেদ হৈছিল। কিন্তু দিন বাগৰাৰ পিছতো তেওঁলোকে ইজনে-সিজনক পাহৰিব পৰা নাছিল। কোৱা হয় যে প্ৰেম হৈছে এনে এক অনুভৱ  যি কেতিয়াও মৰি নাযায়, কেতিয়াও এৰি নাযায়।ক’ৰবাত নহয় ক’ৰবাত  প্ৰেম সদায় জীয়াই থাকে। ছ'চিয়েল মিডিয়াত এটাই  ভিডিঅ'ই বহুতৰে হৃদয় চুই গৈছে।ভিডিঅ’টোত  এগৰাকী মহিলা চকীত বহি আছে আৰু আনফালে এজন পুৰুষ বহি থকা দেখা গৈছে।

এই ভিডিঅ'টোৰ শিৰোনামটোত লিখা আছে যে এই দুয়োগৰাকীয়েই তেওঁলোকৰ বিচ্ছেদৰ ৩০ বছৰৰ পিছত লগ পাইছে। ইমান দিন ধৰি তেওঁলোক দুয়োজনে ইজনে সিজনৰ মুখো দেখা নাছিল। কিন্তু ৩০ বছৰৰ পিছত  তেওঁলোক হঠাতে মুখামুখি হৈছিল। এই মিলনৰ  পিছতে দুয়োৱে চকুপানী ৰখাব পৰা নাছিল।  এই আৱেগিক ভিডিঅ'টোত দেখা মহিলাগৰাকী হৈছে ছাৰ্বিয়ান শিল্পী মেৰিনা আব্ৰামোভিক। 

তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত বাস কৰে।   মেৰিনাই নিউয়ৰ্ক মিউজিয়াম অফ মৰ্ডান আৰ্টৰ (এম.ও.এম.এ.) সহযোগত কাম কৰি আছিল। তেওঁৰ ভিডিঅ'টো সমগ্ৰ বিশ্বতে যথেষ্ট ভাইৰেল হৈ আছে। সেই  অনুষ্ঠানটোৰ নাম আছিল 'আৰ্টিষ্ট ইজ প্ৰেজেণ্ট'। ইয়াত মেৰিনাই কেইবা ঘণ্টা ধৰি  বহি থাকিব লগা হৈছিল আৰু অজ্ঞাত লোকসকলক তেওঁৰ সন্মুখত বহিবলৈ মতা হৈছিল। এই সময়ছোৱাত তেওঁ খুব শান্ত হৈ থাকিব লাগিছিল। 

এদিন মেৰিনাৰ সন্মুখলৈ আহিছিল তেওঁৰেই পূৰ্বৰ প্ৰেমিকগৰাকী।তেওঁ আছিল মেৰিনাৰ  প্ৰাক্তন প্ৰেমিক আৰু শিল্পী য়ুলে । তেওঁ আহি মেৰিনাৰ সন্মুখত বহিছিল। আশ্চৰ্যজনকভাৱে দুয়োগৰাকীয়ে  যোৱা ৩০ বছৰ ধৰি এহবাৰো লগ পোৱা নাছিল। যেতিয়া য়ুলে মেৰিনাৰ সন্মুখত চকীখনত বহিছিল  মেৰিনা সম্পূৰ্ণৰূপে আবেগিক হৈ পৰিছিল। দুয়োৰে চকু পানীৰে ভৰি পৰিছিল। মেৰিনা আৰু য়ুলে ইজনে সিজনক স্পৰ্শ কৰিবলৈ মেজখনত হাত থৈছিল । পিছত এক সাক্ষাৎকাৰত মেৰিনাই কৈছিল যে তেওঁ অনুষ্ঠানৰ প্ৰটোকল ভংগ কৰিছিল আৰু মেজৰ আনটো ফালে বহি থকা য়ুলৰ হাতখনত ধৰিছিল। 
 মেৰিনা আৰু য়ুলে প্ৰথমবাৰৰ বাবে আমষ্টাৰডামত লগ পাইছিল। দুয়োৰে একেদিনাই জন্মদিন আছিল। ১৯৭০ ৰ দশকত তেওঁলোকৰ বিচ্ছেদ হৈছিল। তেওঁলোকে অন্তিমবাৰ লগালগি হৈছিল  ১৯৮৮ চনৰ ৩ জুনত। তেওঁলোকে ১৯৭৬-১৯৮৮ লৈ একেলগে তেওঁলোকৰ শিল্প কৰ্ম প্ৰদৰ্শন  কৰিছিল। 

য়ুলে ২০১৫ চনত মেৰিনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল আৰু জয়ী হৈছিল। তেওঁ ২,৫০,০০০ ইউৰোৰ ৰয়েলটি লাভ কৰিছিল। এই গোচৰটো তেওঁলোকৰ যুটীয়া কামৰ চুক্তিৰ উলংঘন আছিল। মেৰিনাই ২০১৬ চনত তেওঁলোকৰ সম্পৰ্কৰ অন্তিম বছৰবোৰত য়ুলৰ বিশ্বাসঘাতকতাৰ বিষয়ে এখন গ্ৰন্থ প্ৰকাশ কৰিছিল। য়ুলেই তেওঁলোকৰ বিচ্ছেদৰ বিষয়ে কৈছিল, 'তেওঁৰ (মেৰিনা) অকলে থকাটো বৰ কঠিন আছিল। মোৰ বাবে, অকলে আগবাঢ়ি যোৱাটো সঁচাকৈয়ে অকল্পনীয় আছিল।’’ এই ভিডিঅ’টো ১০ বছৰ পুৰণি যদিও আজিও ভিডিঅ’টো ভাইৰেল হৈ আছে।  য়ুলে আজি পৃথিৱীত নাই, অৱশ্যে  তেওঁলোকৰ প্ৰেমকাহিনী এতিয়াও সামাজিক মাধ্যমত আলোচনাৰ বিষয় হৈ আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ