--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিস্থিতিগত কাৰণত তেওঁলোকৰ বিচ্ছেদ হৈছিল। কিন্তু দিন বাগৰাৰ পিছতো তেওঁলোকে ইজনে-সিজনক পাহৰিব পৰা নাছিল। কোৱা হয় যে প্ৰেম হৈছে এনে এক অনুভৱ  যি কেতিয়াও মৰি নাযায়, কেতিয়াও এৰি নাযায়।ক’ৰবাত নহয় ক’ৰবাত  প্ৰেম সদায় জীয়াই থাকে। ছ'চিয়েল মিডিয়াত এটাই  ভিডিঅ'ই বহুতৰে হৃদয় চুই গৈছে।ভিডিঅ’টোত  এগৰাকী মহিলা চকীত বহি আছে আৰু আনফালে এজন পুৰুষ বহি থকা দেখা গৈছে।

এই ভিডিঅ'টোৰ শিৰোনামটোত লিখা আছে যে এই দুয়োগৰাকীয়েই তেওঁলোকৰ বিচ্ছেদৰ ৩০ বছৰৰ পিছত লগ পাইছে। ইমান দিন ধৰি তেওঁলোক দুয়োজনে ইজনে সিজনৰ মুখো দেখা নাছিল। কিন্তু ৩০ বছৰৰ পিছত  তেওঁলোক হঠাতে মুখামুখি হৈছিল। এই মিলনৰ  পিছতে দুয়োৱে চকুপানী ৰখাব পৰা নাছিল।  এই আৱেগিক ভিডিঅ'টোত দেখা মহিলাগৰাকী হৈছে ছাৰ্বিয়ান শিল্পী মেৰিনা আব্ৰামোভিক। 

তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত বাস কৰে।   মেৰিনাই নিউয়ৰ্ক মিউজিয়াম অফ মৰ্ডান আৰ্টৰ (এম.ও.এম.এ.) সহযোগত কাম কৰি আছিল। তেওঁৰ ভিডিঅ'টো সমগ্ৰ বিশ্বতে যথেষ্ট ভাইৰেল হৈ আছে। সেই  অনুষ্ঠানটোৰ নাম আছিল 'আৰ্টিষ্ট ইজ প্ৰেজেণ্ট'। ইয়াত মেৰিনাই কেইবা ঘণ্টা ধৰি  বহি থাকিব লগা হৈছিল আৰু অজ্ঞাত লোকসকলক তেওঁৰ সন্মুখত বহিবলৈ মতা হৈছিল। এই সময়ছোৱাত তেওঁ খুব শান্ত হৈ থাকিব লাগিছিল। 

এদিন মেৰিনাৰ সন্মুখলৈ আহিছিল তেওঁৰেই পূৰ্বৰ প্ৰেমিকগৰাকী।তেওঁ আছিল মেৰিনাৰ  প্ৰাক্তন প্ৰেমিক আৰু শিল্পী য়ুলে । তেওঁ আহি মেৰিনাৰ সন্মুখত বহিছিল। আশ্চৰ্যজনকভাৱে দুয়োগৰাকীয়ে  যোৱা ৩০ বছৰ ধৰি এহবাৰো লগ পোৱা নাছিল। যেতিয়া য়ুলে মেৰিনাৰ সন্মুখত চকীখনত বহিছিল  মেৰিনা সম্পূৰ্ণৰূপে আবেগিক হৈ পৰিছিল। দুয়োৰে চকু পানীৰে ভৰি পৰিছিল। মেৰিনা আৰু য়ুলে ইজনে সিজনক স্পৰ্শ কৰিবলৈ মেজখনত হাত থৈছিল । পিছত এক সাক্ষাৎকাৰত মেৰিনাই কৈছিল যে তেওঁ অনুষ্ঠানৰ প্ৰটোকল ভংগ কৰিছিল আৰু মেজৰ আনটো ফালে বহি থকা য়ুলৰ হাতখনত ধৰিছিল। 
 মেৰিনা আৰু য়ুলে প্ৰথমবাৰৰ বাবে আমষ্টাৰডামত লগ পাইছিল। দুয়োৰে একেদিনাই জন্মদিন আছিল। ১৯৭০ ৰ দশকত তেওঁলোকৰ বিচ্ছেদ হৈছিল। তেওঁলোকে অন্তিমবাৰ লগালগি হৈছিল  ১৯৮৮ চনৰ ৩ জুনত। তেওঁলোকে ১৯৭৬-১৯৮৮ লৈ একেলগে তেওঁলোকৰ শিল্প কৰ্ম প্ৰদৰ্শন  কৰিছিল। 

য়ুলে ২০১৫ চনত মেৰিনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল আৰু জয়ী হৈছিল। তেওঁ ২,৫০,০০০ ইউৰোৰ ৰয়েলটি লাভ কৰিছিল। এই গোচৰটো তেওঁলোকৰ যুটীয়া কামৰ চুক্তিৰ উলংঘন আছিল। মেৰিনাই ২০১৬ চনত তেওঁলোকৰ সম্পৰ্কৰ অন্তিম বছৰবোৰত য়ুলৰ বিশ্বাসঘাতকতাৰ বিষয়ে এখন গ্ৰন্থ প্ৰকাশ কৰিছিল। য়ুলেই তেওঁলোকৰ বিচ্ছেদৰ বিষয়ে কৈছিল, 'তেওঁৰ (মেৰিনা) অকলে থকাটো বৰ কঠিন আছিল। মোৰ বাবে, অকলে আগবাঢ়ি যোৱাটো সঁচাকৈয়ে অকল্পনীয় আছিল।’’ এই ভিডিঅ’টো ১০ বছৰ পুৰণি যদিও আজিও ভিডিঅ’টো ভাইৰেল হৈ আছে।  য়ুলে আজি পৃথিৱীত নাই, অৱশ্যে  তেওঁলোকৰ প্ৰেমকাহিনী এতিয়াও সামাজিক মাধ্যমত আলোচনাৰ বিষয় হৈ আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক