--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ মেয়ৰৰ কন্যা আৰতি হামাল কেইমাহমান পূৰ্বে  গোৱালৈ গৈছিল। কিন্তু সোমবাৰে নিশাৰ পৰা ছোৱালীজনীৰ কোনো সন্ধান নাছিল। নেপালৰ মেয়ৰ গোপাল হামালে মঙলবাৰে নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত এটা পোষ্টযোগে এই বিষয়ে জানিবলৈ দিয়ে। গোপালে এক্সৰ পেজতো অনুৰোধ জনাইছে যে যদি তেওঁৰ কন্যাৰ কোনো লেখ-জোখ আছে তেন্তে তেওঁৰ সৈতে যোগাযোগ কৰিব লাগে।

বুধবাৰে পুৱা ফেচবুকত পোষ্ট কৰি মেয়ৰগৰাকীয়ে কয় যে আৰতিক পোৱা গৈছে। আৰতি শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে। মেয়ৰগৰাকীয়ে গোৱাবাসীক ধন্যবাদ জ্ঞাপন কৰে।

স্থানীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি নেপালৰ ধনগাঢ়ীৰ মেয়ৰ গোপাল। কেইমাহমান আগতে তেওঁৰ ডাঙৰ কন্যা আৰতি নেপালৰ পৰা গোৱালৈ গৈছিল। গোৱালৈ যোৱাৰ পিছত ৩৬ বছৰীয়া যুৱতীগৰাকীয়ে এটা বিখ্যাত ধ্যান কেন্দ্ৰলৈ যায়। গোপালে কয় যে বিগত কেইমাহমানৰ পৰা এই ধ্যান কেন্দ্ৰটো আৰতিৰ ঠিকনা হৈ আহিছে। কিন্তু গোপালে দুই-তিনিদিন আৰতিৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলে।

মেয়ৰগৰাকীৰ মতে, আৰতিৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ বাবেই তেওঁ অনুসন্ধান আৰম্ভ কৰে। আৰতিৰ এজন বন্ধুৱে কয় যে সোমবাৰে নিশা ধ্যান কেন্দ্ৰত আৰতিক লগ পাইছিল। মঙলবাৰে পুৱাৰে পৰা ক’তো দেখা পোৱা নাই আৰতি বুলি বন্ধুজনে কয়। অৱশেষত অন্য কোনো পথ বিচাৰি নোপোৱাকৈয়ে ছ’চিয়েল মিডিয়াৰ ফালে মুখ কৰিলে নেপালৰ মেয়ৰগৰাকীয়ে।

মঙলবাৰে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি লিখিছে, ‘মোৰ ডাঙৰ ছোৱালী আৰতি কেইমাহমান গোৱাত আছিল। তেওঁৰ এজন বন্ধুৱে মোক জনাইছিল যে আৰতি ক’তো পোৱা নাযায়। গোৱাত বাস কৰা সকলক অনুৰোধ কৰিছো যে আৰতিৰ কিবা খবৰ আহিলে মোক জনাব।''

সকলোৰে সুবিধাৰ বাবে গোপালে এক্সৰ পেজত কিছু ফোন নম্বৰো দিছে। পোষ্টটোত তেওঁ লিখিছে, ‘মোৰ সৰু ছোৱালী অৰ্জু আৰু তেওঁৰ স্বামী দুয়োজনেই মঙলবাৰে নিশা বিমানেৰে গোৱালৈ যাব। আৰতিক বিচাৰিবলৈ ওলাইছে। গোৱা আৰক্ষীয়ে তালাচী আৰম্ভ কৰি মেয়ৰ-কন্যাক উদ্ধাৰ কৰে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক