--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ মেয়ৰৰ কন্যা আৰতি হামাল কেইমাহমান পূৰ্বে  গোৱালৈ গৈছিল। কিন্তু সোমবাৰে নিশাৰ পৰা ছোৱালীজনীৰ কোনো সন্ধান নাছিল। নেপালৰ মেয়ৰ গোপাল হামালে মঙলবাৰে নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত এটা পোষ্টযোগে এই বিষয়ে জানিবলৈ দিয়ে। গোপালে এক্সৰ পেজতো অনুৰোধ জনাইছে যে যদি তেওঁৰ কন্যাৰ কোনো লেখ-জোখ আছে তেন্তে তেওঁৰ সৈতে যোগাযোগ কৰিব লাগে।

বুধবাৰে পুৱা ফেচবুকত পোষ্ট কৰি মেয়ৰগৰাকীয়ে কয় যে আৰতিক পোৱা গৈছে। আৰতি শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছে। মেয়ৰগৰাকীয়ে গোৱাবাসীক ধন্যবাদ জ্ঞাপন কৰে।

স্থানীয় সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি নেপালৰ ধনগাঢ়ীৰ মেয়ৰ গোপাল। কেইমাহমান আগতে তেওঁৰ ডাঙৰ কন্যা আৰতি নেপালৰ পৰা গোৱালৈ গৈছিল। গোৱালৈ যোৱাৰ পিছত ৩৬ বছৰীয়া যুৱতীগৰাকীয়ে এটা বিখ্যাত ধ্যান কেন্দ্ৰলৈ যায়। গোপালে কয় যে বিগত কেইমাহমানৰ পৰা এই ধ্যান কেন্দ্ৰটো আৰতিৰ ঠিকনা হৈ আহিছে। কিন্তু গোপালে দুই-তিনিদিন আৰতিৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলে।

মেয়ৰগৰাকীৰ মতে, আৰতিৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ বাবেই তেওঁ অনুসন্ধান আৰম্ভ কৰে। আৰতিৰ এজন বন্ধুৱে কয় যে সোমবাৰে নিশা ধ্যান কেন্দ্ৰত আৰতিক লগ পাইছিল। মঙলবাৰে পুৱাৰে পৰা ক’তো দেখা পোৱা নাই আৰতি বুলি বন্ধুজনে কয়। অৱশেষত অন্য কোনো পথ বিচাৰি নোপোৱাকৈয়ে ছ’চিয়েল মিডিয়াৰ ফালে মুখ কৰিলে নেপালৰ মেয়ৰগৰাকীয়ে।

মঙলবাৰে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি লিখিছে, ‘মোৰ ডাঙৰ ছোৱালী আৰতি কেইমাহমান গোৱাত আছিল। তেওঁৰ এজন বন্ধুৱে মোক জনাইছিল যে আৰতি ক’তো পোৱা নাযায়। গোৱাত বাস কৰা সকলক অনুৰোধ কৰিছো যে আৰতিৰ কিবা খবৰ আহিলে মোক জনাব।''

সকলোৰে সুবিধাৰ বাবে গোপালে এক্সৰ পেজত কিছু ফোন নম্বৰো দিছে। পোষ্টটোত তেওঁ লিখিছে, ‘মোৰ সৰু ছোৱালী অৰ্জু আৰু তেওঁৰ স্বামী দুয়োজনেই মঙলবাৰে নিশা বিমানেৰে গোৱালৈ যাব। আৰতিক বিচাৰিবলৈ ওলাইছে। গোৱা আৰক্ষীয়ে তালাচী আৰম্ভ কৰি মেয়ৰ-কন্যাক উদ্ধাৰ কৰে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ