--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ পোহৰলৈ আহিছে এক স্বাস্থ্যকেন্দ্ৰীক প্ৰতিবেদনৰ তথ্য৷এক নতুন গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যদি মধুমেহ ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ তাৎক্ষণিক আৰু সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে অহা ৩০ বছৰত এই ৰোগ বিশ্বৰ প্ৰতিখন দেশতে দ্ৰুতগতিত বিয়পি পৰিব।

নতুন গৱেষণাৰ মতে অহা তিনিটা দশকত ডায়েবেটিছ ৰোগীৰ সংখ্যা অতি উচ্চ পৰ্যায়লৈ বৃদ্ধি পাব। এই অধ্যয়ন বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ সহযোগত সম্পূৰ্ণ কৰা হৈছে আৰু ইয়াৰ ফলাফল চিকিৎসা আলোচনী দ্য লেন্সেটত প্ৰকাশ কৰা হৈছে।

এই গৱেষণামূলক অধ্যয়ন অনুসৰি ২০৫০ চনৰ ভিতৰত বিশ্বজুৰি ডায়েবেটিছ ৰোগীৰ সংখ্যা প্ৰায় দুগুণ হৈ ১.৩ বিলিয়ন হ’ব পাৰে৷বৰ্তমান বিশ্বৰ প্ৰায় ৫২ কোটি লোক ডায়েবেটিছত আক্ৰান্ত, ইয়াৰে ৯৫ শতাংশ টাইপ ২ ৰোগী। ইয়াৰ উপৰিও শাৰীৰিক অক্ষমতা আৰু মানুহৰ মৃত্যুৰ দহটা প্ৰধান কাৰণৰ ভিতৰত ডায়েবেটিছ অন্যতম।

গৱেষকসকলে কয় যে সমগ্ৰ বিশ্বতে ডায়েবেটিছৰ প্ৰাদুৰ্ভাৱ একে নহয়। ভৱিষ্যতে কিছুমান দেশ আৰু অঞ্চল অধিক প্ৰভাৱিত হ’ব। উত্তৰ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যত ইয়াৰ প্ৰাদুৰ্ভাৱৰ হাৰ ১৬.৮ শতাংশ হোৱাৰ বিপৰীতে লেটিন আমেৰিকা আৰু কেৰিবিয়ানত এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ হাৰ ১১.৩ শতাংশ হ’ব।

এইদৰে ২০৫০ চনৰ ভিতৰত বিশ্বজুৰি ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধিৰ হাৰ ৯.৮ শতাংশ হ’ব বুলি আশা কৰা হৈছে। বৰ্তমান এই ৰোগৰ বাৰ্ষিক প্ৰাদুৰ্ভাৱৰ হাৰ ৬.১ শতাংশ।

ইয়াৰ উপৰিও গৱেষণাত কোৱা হৈছে যে আগন্তুক ৩০ বছৰত বয়সৰ লগত জড়িত ডায়েবেটিছৰ হাৰ কোনো ধৰণৰ হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই।

গৱেষণাৰ লেখিকা লিয়ান অঙে কয় যে ডায়েবেটিছৰ দ্ৰুত বৃদ্ধি কেৱল চিন্তনীয়ই নহয়, ই প্ৰতিটো স্বাস্থ্য ব্যৱস্থাৰ বাবেও এক ডাঙৰ প্ৰত্যাহ্বান।হৃদযন্ত্ৰ আৰু ষ্ট্ৰোকৰ দৰে ৰোগো বৃদ্ধি পাব।

শেহতীয়াকৈ মেদবহুলতা বৃদ্ধিৰ বাবে ডায়েবেটিকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। একে সময়তে জনসংখ্যা আৰু আয়ুসৰ পৰিৱৰ্তনেও ইয়াত মুখ্য ভূমিকা পালন কৰে। বৃদ্ধ আৰু মধ্যবয়সীয়া লোকৰ এই ৰোগৰ অনুপাত বেছি।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে