--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ পোহৰলৈ আহিছে এক স্বাস্থ্যকেন্দ্ৰীক প্ৰতিবেদনৰ তথ্য৷এক নতুন গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যদি মধুমেহ ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ তাৎক্ষণিক আৰু সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে অহা ৩০ বছৰত এই ৰোগ বিশ্বৰ প্ৰতিখন দেশতে দ্ৰুতগতিত বিয়পি পৰিব।

নতুন গৱেষণাৰ মতে অহা তিনিটা দশকত ডায়েবেটিছ ৰোগীৰ সংখ্যা অতি উচ্চ পৰ্যায়লৈ বৃদ্ধি পাব। এই অধ্যয়ন বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ সহযোগত সম্পূৰ্ণ কৰা হৈছে আৰু ইয়াৰ ফলাফল চিকিৎসা আলোচনী দ্য লেন্সেটত প্ৰকাশ কৰা হৈছে।

এই গৱেষণামূলক অধ্যয়ন অনুসৰি ২০৫০ চনৰ ভিতৰত বিশ্বজুৰি ডায়েবেটিছ ৰোগীৰ সংখ্যা প্ৰায় দুগুণ হৈ ১.৩ বিলিয়ন হ’ব পাৰে৷বৰ্তমান বিশ্বৰ প্ৰায় ৫২ কোটি লোক ডায়েবেটিছত আক্ৰান্ত, ইয়াৰে ৯৫ শতাংশ টাইপ ২ ৰোগী। ইয়াৰ উপৰিও শাৰীৰিক অক্ষমতা আৰু মানুহৰ মৃত্যুৰ দহটা প্ৰধান কাৰণৰ ভিতৰত ডায়েবেটিছ অন্যতম।

গৱেষকসকলে কয় যে সমগ্ৰ বিশ্বতে ডায়েবেটিছৰ প্ৰাদুৰ্ভাৱ একে নহয়। ভৱিষ্যতে কিছুমান দেশ আৰু অঞ্চল অধিক প্ৰভাৱিত হ’ব। উত্তৰ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যত ইয়াৰ প্ৰাদুৰ্ভাৱৰ হাৰ ১৬.৮ শতাংশ হোৱাৰ বিপৰীতে লেটিন আমেৰিকা আৰু কেৰিবিয়ানত এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ হাৰ ১১.৩ শতাংশ হ’ব।

এইদৰে ২০৫০ চনৰ ভিতৰত বিশ্বজুৰি ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধিৰ হাৰ ৯.৮ শতাংশ হ’ব বুলি আশা কৰা হৈছে। বৰ্তমান এই ৰোগৰ বাৰ্ষিক প্ৰাদুৰ্ভাৱৰ হাৰ ৬.১ শতাংশ।

ইয়াৰ উপৰিও গৱেষণাত কোৱা হৈছে যে আগন্তুক ৩০ বছৰত বয়সৰ লগত জড়িত ডায়েবেটিছৰ হাৰ কোনো ধৰণৰ হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই।

গৱেষণাৰ লেখিকা লিয়ান অঙে কয় যে ডায়েবেটিছৰ দ্ৰুত বৃদ্ধি কেৱল চিন্তনীয়ই নহয়, ই প্ৰতিটো স্বাস্থ্য ব্যৱস্থাৰ বাবেও এক ডাঙৰ প্ৰত্যাহ্বান।হৃদযন্ত্ৰ আৰু ষ্ট্ৰোকৰ দৰে ৰোগো বৃদ্ধি পাব।

শেহতীয়াকৈ মেদবহুলতা বৃদ্ধিৰ বাবে ডায়েবেটিকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। একে সময়তে জনসংখ্যা আৰু আয়ুসৰ পৰিৱৰ্তনেও ইয়াত মুখ্য ভূমিকা পালন কৰে। বৃদ্ধ আৰু মধ্যবয়সীয়া লোকৰ এই ৰোগৰ অনুপাত বেছি।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস