ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ কনৌজত সংঘটিত হৈছে গাৰ নোম শিয়ৰি যোৱা ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনা। গুৰসহায়গঞ্জ ক’তৱালী অঞ্চলস্থিত পুৰণি চৰকাৰী আৱাসত ৰে’ল টিকট বিক্ৰেতা ৩৫ বৰ্ষীয় সঞ্জীৱ কথেৰিয়া আৰু তেওঁৰ ৩২ বৰ্ষীয় পত্নী শিখা কথেৰিয়া নিজ ঘৰতে হত্যাৰ বলি হয়। আৰক্ষী অধীক্ষক বিনোদ কুমাৰে সদৰী কৰা অনুসৰি, অভিযুক্ত যোগেশ ৰাজপুতে চুৰিৰ উদ্দেশ্যে ঘৰখনত প্ৰৱেশ কৰিছিল আৰু ধৰা পৰাৰ ভয়তে এই জঘন্য কাণ্ড সংঘটিত কৰিছিল। বৰ্তমান আৰক্ষীয়ে যোগেশ ৰাজপুতক এনকাউণ্টাৰ কৰি গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীৰ জেৰাত অভিযুক্ত যোগেশ ৰাজপুতে কয় যে সি ষ্টেচনৰ আশে-পাশে ঘূৰি ফুৰিছিল আৰু সঞ্জীৱক টিকট বিক্ৰীৰ পইচা কঢ়িয়াই নিয়া দেখিছিল। এই লোভতে সি ৪-৫ নৱেম্বৰৰ নিশা সঞ্জীৱ কথেৰিয়াৰ ঘৰত প্ৰৱেশ কৰে। সাৰ পাই যোৱাত সি সঞ্জীৱক লাঠীৰে কোবাই হত্যা কৰে। পত্নী শিখাই চিঞৰ-বাখৰ কৰাত সি শিখাৰ ম’বাইল কাঢ়ি লৈ বন্ধ কৰি দিয়ে আৰু শিখাৰ দুপাট্টাৰে ডিঙি চেপি তেওঁকো হত্যা কৰে, লগতে তেওঁলোকৰ দুবছৰীয়া কণমানি কন্যা টানায়াকো আঘাতপ্ৰাপ্ত কৰে।
এই ডাবল মাৰ্ডাৰ ঘটনাত আৰক্ষীয়ে এক অতি আচৰিত আৰু চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। অভিযুক্ত যোগেশে জেৰাত স্বীকাৰ কৰে যে মহিলাগৰাকীক হত্যা কৰাৰ পিছত সি মহিলাগৰাকীৰ মৃতদেহটোৰ সৈতে ধৰ্ষণৰ দৰে ঘৃণনীয় কাৰ্য সংঘটিত কৰিছিল। ইয়াৰ পিছত সি ঘৰত ৰখা পাৰ্ছৰ পৰা প্ৰায় পাঁচ হাজাৰ টকা আৰু মৃত সঞ্জীৱৰ এটিএম কাৰ্ড লৈ ঘটনাস্থলীৰ পৰা পলাই গৈছিল। আৰক্ষীয়ে চিচিটিভি ফুটেজ আৰু প্ৰমাণৰ ভিত্তিত তাৰ পৰিচয় চিনাক্ত কৰে আৰু তাক কসাৰী জংঘলৰ পৰা গ্ৰেপ্তাৰ কৰে।
ঘটনাৰ নিশা ঘটনাস্থলীত উপস্থিত হোৱা ফিল্ড ইউনিট আৰু ডগ স্কোয়াডে প্ৰমাণ সংগ্ৰহ কৰিছিল, যাৰ পিছতে এছ’জি আৰু চাৰ্ভিলেন্স টিম অভিযুক্তৰ সন্ধানত নিয়োজিত হৈছিল। পলাতক অৱস্থাত থকা যোগেশ ৰাজপুতক কসাৰী জংঘলত যেতিয়া আৰক্ষীয়ে ঘেৰাও কৰাৰ চেষ্টা কৰিলে, তেতিয়া সি আৰক্ষীৰ দলটোৰ ওপৰত গুলীচালনা কৰে। আত্মৰক্ষাৰ্থে আৰক্ষীয়ে প্ৰতিআক্ৰমণ কৰাত অভিযুক্ত যোগেশৰ দুয়োখন ভৰিতে গুলী লাগে, যাৰ ফলত সি আঘাতপ্ৰাপ্ত হয়। আৰক্ষীয়ে এতিয়া এই গোচৰত পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰি আছে। অভিযুক্ত যোগেশ ৰাজপুতৰ বিৰুদ্ধে পূৰ্বৰ পৰাই তালগ্ৰাম থানাত ৯টাকৈ অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে।