--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দূতাবাসৰ পৰা খবৰ পোৱাৰ পিছত নীমৰানা আৰক্ষীয়ে পুৱা প্ৰায় ৪ বজাত বিবি বিল্ডাৰ্ছ ছ’চাইটিত উপস্থিত হয়। আৰক্ষীয়ে দুয়োকে থানালৈ লৈ আহে আৰু যুৱকজনক জেৰা কৰে।

ডিজিটেল ডেস্ক: ডেটিং এপযোগে চিনাকি হৈ প্ৰেমত পৰি লটিঘটি হৈছে কানাডাৰ এগৰাকী মহিলাৰ। বিবাহপাশত আবদ্ধ হোৱাৰ আশাৰে কানাডাৰ পৰা ৰাজস্থানলৈ আহিছিল ৬১ বছৰীয়া মহিলাগৰাকী। বিয়াৰ ৰঙীন সপোন দেখা মহিলাগৰাকীয়ে এতিয়া সন্মুখীন হৈছে নিৰাশাৰ।


প্ৰায় এবছৰ ধৰি অনলাইনত হোৱা কথোপকথন আৰু বিয়াৰ বাবে সন্মতি জনোৱাৰ পিছত মহিলাগৰাকী ভাৰতলৈ আহিছিল। কিন্তু ৰাজস্থানৰ নীমৰানাত উপস্থিত হোৱাৰ পিছত যেতিয়া বিয়াৰ কথা আগবাঢ়িল, তেতিয়া যুৱকজনে মহিলাগৰাকীৰ বয়সৰ কথা উল্লেখ কৰি বিয়া কৰাবলৈ অস্বীকাৰ কৰে।


ইয়াৰ পিছতে দুয়োৰে মাজত বিবাদৰ সূত্ৰপাত ঘটে। মহিলাগৰাকীয়ে কানাডাৰ দূতাবাসৰ সৈতে যোগাযোগ কৰে, যাৰ ফলত দূতাবাসৰ খবৰমতেই নীমৰানা আৰক্ষীয়ে পুৱা প্ৰায় ৪ বজাত ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক নিজৰ সুৰক্ষাত লয়।


হাৰিয়ানাৰ পানিপতৰ নিবাসী নিতীনৰ প্ৰায় এবছৰ পূৰ্বে ডেটিং এপৰ জৰিয়তে কানাডাৰ এগৰাকী মহিলাৰ সৈতে কথা-বতৰা আৰম্ভ হৈছিল। ক্ৰমে দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়ি যায় আৰু দুয়ো বিয়া কৰাবলৈ সন্মত হয়।


এই সন্মতি মতেই মহিলাগৰাকীয়ে ১১ নৱেম্বৰত পৰ্যটক ভিছা লৈ দিল্লীত উপস্থিত হয়। নিতীনে তেওঁক আনিবলৈ বিমানবন্দৰলৈ গৈছিল আৰু তাৰ পৰা নিজৰ পেহীয়েকৰ ফ্লেটলৈ অৰ্থাৎ নীমৰানাৰ বিবি বিল্ডাৰ্ছ ছ’চাইটিলৈ লৈ আহে। মহিলাগৰাকীয়ে প্ৰায় দুদিন ধৰি পেহীয়েকৰ ঘৰত যুৱকজনৰ লগত তাত আছিল।


যেতিয়া বিয়াৰ কথা আগবাঢ়ে তেতিয়া যুৱকজনে মহিলাগৰাকীৰ বয়স ৬১ বছৰ বুলি জানিব পাৰে। ইয়াৰ পিছতে যুৱকজনে মহিলাগৰাকীক বিয়া কৰাবলৈ অস্বীকাৰ কৰে। এই কথাটোক লৈ দুয়োৰে মাজত তৰ্ক-বিতৰ্ক হয় আৰু বিবাদ বৃদ্ধি পায়। উপায়বিহীন হৈ মহিলাগৰাকীয়ে ১৩ নৱেম্বৰত কানাডাৰ দূতাবাসৰ সৈতে যোগাযোগ কৰি সমগ্ৰ ঘটনাটো অৱগত কৰে।


দূতাবাসৰ পৰা খবৰ পোৱাৰ পিছত নীমৰানা আৰক্ষীয়ে পুৱা প্ৰায় ৪ বজাত বিবি বিল্ডাৰ্ছ ছ’চাইটিত উপস্থিত হয়। আৰক্ষীয়ে দুয়োকে থানালৈ লৈ আহে আৰু যুৱকজনক জেৰা কৰে। আৰক্ষীয়ে শান্তি ভংগ কৰাৰ অভিযোগত নিতীনক আটক কৰে। পিছত তেওঁক জামিনত মুকলি কৰি দিয়া হয়। আনহাতে, মহিলাগৰাকীক কোটপুতলীস্থিত কোৰ চেণ্টাৰত ৰখা হৈছে।


নিতীনে এখন ব্যক্তিগত স্কুলত শিক্ষক হিচাপে কাম কৰে। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে। ইফালে, মহিলাগৰাকীক সুৰক্ষিতভাৱে কানাডালৈ উভতাই পঠিওৱাৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ কৰা হৈছে। মহিলাগৰাকীৰ সুৰক্ষিত প্ৰত্যাৱৰ্তন নিশ্চিত কৰিবলৈ আৰক্ষী আৰু সংশ্লিষ্ট বিষয়াসকলৰ মাজত সমন্বয় ৰক্ষা কৰি পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হৈছে।


প্ৰেমে বয়স নামানে বুলি কোৱা হয় যদিও এই বয়সেই বাধা হৈ থিয় দিলে মহিলাগৰাকীৰ প্ৰেমত।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডেটিং এপৰ প্ৰেম: কানাডাৰ পৰা ভাৰতলৈ অহা ৬১ বছৰীয়া মহিলাক বিয়া কৰাবলৈ অস্বীকাৰ যুৱকৰ
চুৰিৰ উদ্দেশ্যে ঘৰত সোমাই পতি-পত্নীক হত্যা; ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাই কঁপাইছে কনৌজ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী