--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হঠাৎ ৰে'ল চলি যোৱাত ভিতৰত থকা মহিলা আৰু শিশুসকলৰ মাজত হাহাকাৰ লাগে। তেওঁলোকে টিটিই আৰু কৰ্মচাৰীক দুৱাৰ খুলি দিবলৈ বা ৰে’ল ৰাখিবলৈ কাবৌ-কাকূতি কৰে যদিও বন্দে ভাৰতৰ দুৱাৰ চালকৰ কেবিনৰ পৰা নিয়ন্ত্ৰিত হোৱাৰ বাবে মাজবাটত ৰে'ল ৰখোৱা সম্ভৱ হৈ নুঠিল।

ডিজিটেল ডেস্ক: ৰে’লত আত্মীয়ক তুলি দি বিদায় জনোৱাটো এক সাধাৰণ কথা, কিন্তু এই সাধাৰণ কামটোৱেই উত্তৰ প্ৰদেশৰ কানপুৰত কেইজনমান লোকৰ বাবে এক ভয়ংকৰ অভিজ্ঞতা হৈ পৰিল।


কানপুৰ চেন্ট্ৰেল ষ্টেচনত ৰৈ থকা বন্দে ভাৰত এক্সপ্ৰেছখনত আত্মীয়ক আসনত বহুৱাবলৈ আৰু বয়-বস্তু থ’বলৈ মহিলা আৰু শিশুসহ মুঠ ১২ জন লোক দবাটোৰ ভিতৰলৈ গৈছিল। কাম শেষ কৰি তেওঁলোক যেতিয়া নামি আহিবলৈ ওলাইছিল, ঠিক সেই সময়তে ৰেলখনৰ স্বয়ংক্ৰিয় দুৱাৰসমূহ হঠাতে বন্ধ হৈ পৰে। দুৱাৰ বন্ধ হোৱাৰ লগে লগে ৰে’লখনেও ষ্টেচন এৰি গতি কৰিবলৈ ধৰিলে।


হঠাৎ ৰে'ল চলি যোৱাত ভিতৰত থকা মহিলা আৰু শিশুসকলৰ মাজত হাহাকাৰ লাগে। তেওঁলোকে টিটিই আৰু কৰ্মচাৰীক দুৱাৰ খুলি দিবলৈ বা ৰে’ল ৰাখিবলৈ কাবৌ-কাকূতি কৰে যদিও বন্দে ভাৰতৰ দুৱাৰ চালকৰ কেবিনৰ পৰা নিয়ন্ত্ৰিত হোৱাৰ বাবে মাজবাটত ৰে'ল ৰখোৱা সম্ভৱ হৈ নুঠিল। ফলত কানপুৰৰ পৰা প্ৰায় ১৫০ কিলোমিটাৰ দূৰত্বৰ ইটাৱা ষ্টেচনতহে ৰে'লখন ৰয় আৰু তেতিয়াহে তেওঁলোক বাহিৰলৈ ওলাই আহিব পাৰে।


ইটাৱা ষ্টেচনত নমাৰ পিছত দলটোৱে আন এক সমস্যাৰ সন্মুখীন হয়। তেওঁলোকৰ হাতত যাত্ৰাৰ টিকট থকাটো দূৰৰ কথা, আনকি প্লেটফৰ্ম টিকটো নাছিল। ফলত ৰে’লৱে সুৰক্ষা বাহিনী আৰু টিকট পৰীক্ষকে নিয়ম উলংঘা কৰাৰ বাবে প্ৰতিজন ব্যক্তিৰ বিপৰীতে ৩,০০০ টকাকৈ নিৰ্ধাৰণ কৰি মুঠ ৩৬,০০০ টকা জৰিমনা আদায় কৰে। 


অৱশেষত, এই অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈ জৰিমনা ভৰাৰ পিছত ভুক্তভোগী লোকসকলে অন্য বাহনেৰে পুনৰ কানপুৰলৈ উভতি যাবলগীয়া হয়।


বন্দে ভাৰত এক্সপ্ৰেছৰ আধুনিক ব্যৱস্থাই সমস্যাত পেলোৱা এই ঘটনাটোৱে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আত্মীয়ক বিদায় দিবলৈ গৈ বন্দে ভাৰত এক্সপ্ৰেছত বন্দী ১২ জন; ১৫০ কিলোমিটাৰ যাত্ৰা কৰি ভৰিলে ৩৬ হাজাৰ টকাৰ জৰিমনা
ডেটিং এপৰ প্ৰেম: কানাডাৰ পৰা ভাৰতলৈ অহা ৬১ বছৰীয়া মহিলাক বিয়া কৰাবলৈ অস্বীকাৰ যুৱকৰ
চুৰিৰ উদ্দেশ্যে ঘৰত সোমাই পতি-পত্নীক হত্যা; ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাই কঁপাইছে কনৌজ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী