ডিজিটেল ডেস্ক: উত্তৰাখণ্ডত সংঘটিত হৈছে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলবাৰে ঋষিকেশ-বদ্ৰীনাথ ঘাইপথত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে সোমবাৰে ৰুদ্ৰপ্ৰয়াগত এখন বাছ গভীৰ খাদলৈ সৰি পৰে। এই দুয়োটা দুৰ্ঘটনাত মুঠ ১২ জন লোকৰ মৃত্যু ঘটিছে।
সোমবাৰে মাজনিশা ৰুদ্ৰপ্ৰয়াগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জিলাখনৰ বাঁশৱাড়া-কণ্ডাৰা মটৰ মাৰ্গত এখন বলােৰো বাহন নিয়ন্ত্ৰণহীন হৈ পথৰ পৰা প্ৰায় ৫০০ মিটাৰ তললৈ গভীৰ খাদত খহি পৰে। এই মৰ্মান্তিক দুৰ্ঘটনাটোত ঘটনাস্থলীতেই ৪ জন লোকৰ মৃত্যু হয় আৰু আন ৬ জন লোক গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাটোৰ সময়ত বলেৰো বাহনখনত মুঠ ১০ জন লোক আছিল। তেওঁলোকে এক বিবাহ অনুষ্ঠানত যোগদান কৰি নিজৰ গাঁৱলৈ উভতি আহি আছিল। সেই সময়তে বাঁশৱাড়া-কণ্ডাৰা মটৰ মাৰ্গত চালকে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু গাড়ীখন পোনপটীয়াকৈ গভীৰ খাদলৈ সোমাই পৰে।
দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে জিলা দুৰ্যোগ নিয়ন্ত্ৰণ কক্ষই তৎক্ষণাৎ পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ পিছতে DDRF, SDRF আৰু স্থানীয় আৰক্ষীৰ দলসমূহ ততাতৈয়াকৈ ঘটনাস্থলীলৈ ৰাওনা হয়। ঘটনাস্থলীত গভীৰ আন্ধাৰ আৰু থিয় শিল থকাৰ বাবে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ পিছতো জোৱানসকলে মাজনিশালৈকে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখে।
উদ্ধাৰকাৰী দলসমূহে ষ্ট্ৰেচাৰৰ সহায়ত আটাইকেইজন ৬ জন আহত লোকক থিয় শিল আৰু গভীৰ খাদৰ পৰা সুৰক্ষিতভাৱে উলিয়াই আনি পথলৈ কঢ়িয়াই আনে। সকলো আহতকে চিকিৎসাৰ বাবে লগে লগে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
আনহাতে, মঙলবাৰে ঋষিকেশ-বদ্ৰীনাথ ঘাইপথৰ গুলাৰ বজাৰৰ কাষত যাত্ৰীৰে পৰিপূৰ্ণ এখন বাছ নিয়ন্ত্ৰণহীন হৈ দলংখনৰ পৰা প্ৰায় ১০০ মিটাৰ তললৈ পানীলৈ খহি পৰে। ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে SDRFৰ প’ষ্ট ব্যাসী আৰু ঢালৱালাৰ দলসমূহে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কার্য আৰম্ভ কৰে।
বাছখনত প্ৰায় ৩০ৰ পৰা ৩৫ জন লোক আছিল, তাৰে ৮ জনে দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱায়। ইয়াৰে ৭ জনৰ ঘটনাস্থলীতে মৃত্যু হয়, আনহাতে এজন ব্যক্তিয়ে এইমছত চিকিৎসাৰ সময়ত প্ৰাণ ত্যাগে কৰে। ইফালে, ১৮ জন লোক আহত হৈছে আৰু তেওঁলোকৰ চিকিৎসালয়ত চিকিৎসা চলি আছে।
SDRF ৰ সেনাধিনায়ক অৰ্পণ যদুবংশীৰ নিৰ্দেশ মৰ্তে সাহায্য আৰু উদ্ধাৰ কাৰ্য ক্ষিপ্ৰ কৰিবলৈ অতিৰিক্ত দলসমূহকো লগে লগে ঘটনাস্থলীলৈ ৰাওনা কৰা হয়। বৰ্তমান ঘটনাস্থলীত বৃহৎ পৰিমাণৰ আৰক্ষী বাহিনীও উপস্থিত আছে। SDRF আৰু স্থানীয় আৰক্ষীয়ে পাৰস্পৰিক সমন্বয়েৰে ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে। দুৰ্ঘটনাৰ কাৰণসমূহৰ তদন্ত অব্যাহত আছে।