--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লক্ষ্মীয়ে পাৰিবাৰিক সম্পত্তিৰ এক নিৰপেক্ষ আৰু আইনী ভাগ-বতৰা দাবী কৰিছে। ডাঃ লক্ষ্মী ভেনুৰ মাতৃ তথা TVS গ্ৰুপৰ এমেৰিটাছ চেয়াৰমেন ভেনু শ্ৰীনিবাসনৰ পত্নী মল্লিকা শ্ৰীনিবাসনেও কন্যাৰ এই দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।

ডিজিটেল ডেস্ক: দেশৰ অগ্ৰণী কৰ্প’ৰেট পৰিয়ালসমূহৰ অন্তৰ্ভুক্ত TVS গ্ৰুপত সম্পত্তিৰ ভাগ-বতৰাক লৈ বিবাদ আৰম্ভ হৈছে। গ্ৰুপটোৰ মুৰব্বী ভেনু শ্ৰীনিবাসনৰ কন্যা ডাঃ লক্ষ্মী ভেনুৱে তেওঁৰ পিতৃলৈ আইনী জাননী প্ৰেৰণ কৰি পাৰিবাৰিক সম্পত্তিৰ সম অংশ দাবী কৰিছে। তেওঁৰ অভিযোগ যে পৰিয়ালৰ সম্পত্তিসমূহত তেওঁৰ ভাতৃ সুদৰ্শন ভেনুক অধিক অংশীদাৰী দিয়া হৈছে, অথচ তেওঁ নিজৰ আইনী অধিকাৰ অনুসৰি সঠিক অংশ পোৱা নাই।


লক্ষ্মীয়ে পাৰিবাৰিক সম্পত্তিৰ এক নিৰপেক্ষ আৰু আইনী ভাগ-বতৰা দাবী কৰিছে। ডাঃ লক্ষ্মী ভেনুৰ মাতৃ তথা TVS গ্ৰুপৰ এমেৰিটাছ চেয়াৰমেন ভেনু শ্ৰীনিবাসনৰ পত্নী মল্লিকা শ্ৰীনিবাসনেও কন্যাৰ এই দাবীৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। উল্লেখ্য যে মল্লিকাও দেশৰ এগৰাকী প্ৰধান আৰু সফল ব্যৱসায়ী মহিলা। বৰ্তমান তেওঁ আগশাৰীৰ ট্ৰেক্টৰ নিৰ্মাতা কোম্পানী ‘ট্ৰেক্টৰ্ছ এণ্ড ফাৰ্ম ইকুইপমেণ্ট লিমিটেড’ (TAFE)-ৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। মল্লিকা শ্ৰীনিবাসনে TAFE-ক বিশ্বৰ অন্যতম বৃহৎ ট্ৰেক্টৰ নিৰ্মাতা প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিছে।


লক্ষ্মী ভেনুৱে তেওঁৰ দাবীৰ বাবে হিন্দু উত্তৰাধিকাৰ আইন, ১৯৫৬ (Hindu Succession Act)-ৰ ২০০৫ চনৰ সংশোধনীৰ কথা উল্লেখ কৰিছে। বিশেষকৈ এই আইনৰ ধাৰা ৬ অনুসৰি যুটীয়া হিন্দু পৰিয়ালৰ সম্পত্তিৰ ক্ষেত্ৰত পুত্ৰৰ দৰে কন্যাকো সমান অধিকাৰ দিয়াৰ নিয়ম আছে। লক্ষ্মীৰ দাবী যে তেওঁকো পাৰিবাৰিক সম্পত্তিসমূহত তেওঁৰ ভাতৃৰ সমান অংশ দিয়া উচিত।


তেওঁ পিতৃ ভেনু শ্ৰীনিবাসনলৈ প্ৰেৰণ কৰা জাননীখনত VS ট্ৰাষ্ট আৰু অন্যান্য হোল্ডিং গাঁথনিৰ জৰিয়তে থকা পাৰিবাৰিক সম্পত্তিৰ ভাগ-বতৰা বিচাৰিছে। ইয়াৰ ভিতৰত ২০২০ চনৰ TVS পাৰিবাৰিক চুক্তিৰ অধীনত ভেনু শ্ৰীনিবাসনৰ শাখাই লাভ কৰা সম্পত্তিসমূহ আৰু কোম্পানীবোৰৰ অংশীদাৰীও অন্তৰ্ভুক্ত হৈ আছে।


কোন কোন কোম্পানীৰ সম্পত্তিৰ ওপৰত দাবী?


লক্ষ্মীৰ দাবীৰ মাজত TVS Holdings, TVS Motor Company, TVS Credit Services আৰু Sundaram-Clayton আদি কোম্পানীৰ সৈতে জড়িত পাৰিবাৰিক সম্পত্তিসমূহ অন্তৰ্ভুক্ত আছে। তেওঁৰ মতে, ২০২০ চনত TVS পৰিয়ালৰ চাৰিটা শাখাৰ মাজত হোৱা চুক্তিৰ জৰিয়তে তেওঁ আৰু ভাই সুদৰ্শনৰ মাজত সম্পত্তিৰ ভাগ-বতৰা হোৱা নাছিল। তেওঁলোকৰ মাজত পৃথককৈ ভাগ-বতৰাৰ প্ৰক্ৰিয়া কেতিয়াও আৰম্ভই কৰা হোৱা নাছিল বা সম্পূৰ্ণ কৰা হোৱা নাছিল বুলি তেওঁ কয়।


পৰিয়ালৰ কোনো এজন সদস্যৰ হাতত ব্যৱসায় চলোৱাৰ দায়িত্ব থকাৰ অৰ্থ এইটো নহয় যে সেই ব্যৱসায়ৰ ওপৰত কেৱল তেওঁৰে একক অধিকাৰ থাকিব, এই প্ৰশ্নও উত্থাপন কৰিছে লক্ষ্মীয়ে। তেওঁৰ মতে, মেনেজমেণ্টৰ দায়িত্বৰ ভিত্তিত পৰিয়ালৰ আন সদস্যসকলৰ আইনী অধিকাৰসমূহ নুই কৰিব নোৱাৰি। তেওঁ অভিযোগ কৰিছে যে পাৰিবাৰিক সম্পত্তিসমূহত সুদৰ্শনৰ লাভজনক স্বাৰ্থ বেছিকৈ ৰখা হৈছে আৰু তেওঁৰ অধিকাৰক আওকাণ কৰা হৈছে।


এই পাৰিবাৰিক বিবাদত মাতৃ মল্লিকা শ্ৰীনিবাসনে কন্যা লক্ষ্মীৰ পক্ষত মুকলিকৈ থিয় দিছে। তেওঁৰ মতে, লক্ষ্মীৰো পাৰিবাৰিক সম্পত্তিৰ ক্ষেত্ৰত ভাতৃৰ সমান অংশ লাভ কৰাৰ বৈধ অধিকাৰ আছে। তেওঁ কয়, ‘‘এগৰাকী মাতৃ হিচাপে মোৰ বাবে পুত্ৰ আৰু কন্যা দুয়ো সমান। মোৰ দৃঢ় বিশ্বাস যে পাৰিবাৰিক সম্পত্তিসমূহত লক্ষ্মীৰ বৈধ অংশ আছে, যি কোনো পৰিস্থিতিতেই সুদৰ্শনৰ অংশতকৈ কম হ’ব নালাগে।’’


মল্লিকাৰ মতে, পৰিয়ালৰ ভিতৰতে পাৰস্পৰিক বুজাবুজিৰে এই বিতৰ্ক সমাধান কৰাৰ চেষ্টা চলা হৈছিল যদিও এতিয়ালৈকে কোনো সঠিক ফলাফল ওলোৱা নাই। তেওঁ সকলো পক্ষকে স্বচ্ছভাৱে আলোচনা কৰিবলৈ আৰু পৰিয়ালৰ প্ৰতিজন সদস্যৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰাকৈ এক সমাধান সূত্ৰ উলিয়াবলৈ আহ্বান জনাইছে। বৰ্তমান এই সন্দৰ্ভত পৰিয়ালৰ বিভিন্ন সদস্যৰ পৃথক পৃথক দাবী পোহৰলৈ আহিছে। এই বিবাদৰ অন্ত কেনেদৰে পৰিব সেয়াহে হ’ব লক্ষ্যনীয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন
২০০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ লক্ষ্যৰে নির্মাণ হ’ব ভাৰত-ছিংগাপুৰ বিদ্যুৎ পৰিবাহী কৰিড’ৰ
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
আজি মুম্বাইত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট; দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী