--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডত 'দেৱী গংগা'ক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পূজা-অর্চনা আগবঢ়োৱাৰ কেইঘণ্টামানৰ পাছতেই বৃহস্পতিবাৰে মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয় কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খর্গেই। 

কংগ্ৰেছৰ মুৰব্বীজনে কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰখনে গংগা নদীখনক পৰিষ্কাৰ কৰাৰ পৰিৱৰ্তে 'মা গংগা'ক কেৱল 'প্ৰৱঞ্চনা'হে কৰি আহিছে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে পুৱা উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত থকা মোক্ষ মন্দিৰত মোদীয়ে পূজা-অর্চনা আগবঢ়ায়। দেৱী গংগাৰ নামত উৎসর্গিত গংগোেত্ৰী মন্দিৰৰ দিশত এই মোক্ষ মন্দিৰটো অৱস্থিত। প্রতিবছৰে গংগোত্ৰী ধামৰ পৰা মোক্ষ মন্দিৰলৈ শীতকালৰ বাবে দেৱী গংগাৰ মূৰ্তি স্থানান্তৰ কৰা হয়। 

কংগ্ৰেছৰ সভাপতি খর্গেই মোদীক কটাক্ষ কৰি 'এক্স'ত কয়, ''মোদীয়ে সদায় তেওঁক মা গংগাই মাতিছে বুলি কয়, কিন্তু সত্য কথাটো হৈছে যে গংগা পৰিষ্কাৰকৰণৰ দিশত মোদীয়ে দিয়া গেৰাণ্টী তেওঁ পাহৰিলে।' গংগা পৰিষ্কাৰকৰণৰ আঁচনিক পাহৰিলে মোদীয়ে৷'' 

উল্লেখযোগ্য যে ২০২৬ চনৰ ভিতৰত ব্যৱহৃত হ'বলগীয়াকৈ প্রায় ১১ বছৰ পূৰ্বে ৪২,৫০০ কোটি টকা ব্যয়সাপেক্ষ নমামী গংগা আঁচনি মুকলি কৰা হৈছিল, কিন্তু বিগত বৰ্ষৰ ডিচেম্বৰ মাহলৈকে এই আঁচনিৰ বাবে ধাৰ্য কৰা ১৯,২৭১ কোটি টকাহে খৰচ কৰা হৈছে বুলি খর্গেই কয়। মোদী চৰকাৰে 'মা গংগা'ৰ প্রতি অনীহা প্রকাশ কৰিছে বুলি খর্গেই অভিযোগ কৰে।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ