--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুটা দশকৰ আগতে পুৰাতত্ত্ববিদসকলে মাটি খান্দি এটা বটল উদ্ধাৰ কৰিছিল। গৱেষণাৰ মতে বিশ্বৰ আটাইতকৈ পুৰণি লিপষ্টিক বটলটোৰ ভিতৰত আছে। বয়স ৩৭০০ বছৰ। ইৰাণৰ দক্ষিণৰ জিৰোফাত অঞ্চলত এই প্ৰসাধন সামগ্ৰী পোৱা গৈছিল।

২০০১ চনত পুৰাতত্ত্ববিদসকলে জিৰ’ফাট অঞ্চলৰ পৰা এটা বটলৰ ভিতৰত লিপষ্টিক উদ্ধাৰ কৰে। এটা উজ্জ্বল ৰঙা ৰঙৰ লিপষ্টিক। প্ৰসাধন সামগ্ৰীসমূহ পোৱা গ’লেও ইয়াৰ বয়সৰ বিষয়ে পুৰাতত্ত্ববিদসকলে নিশ্চিত হ’ব পৰা নাছিল। প্ৰায় দুটা দশকৰ গৱেষণাৰ অন্তত তেওঁলোকে এই প্ৰসাধন সামগ্ৰীৰ সঠিক বয়স নিৰ্ণয় কৰিলে।

ৰেডিঅ’কাৰ্বন ডেটিং ব্যৱহাৰ কৰি ইয়াৰ বয়স নিৰ্ণয় কৰি তেওঁলোকে গম পালে যে এইটোৱেই বিশ্বৰ আটাইতকৈ পুৰণি লিপষ্টিক। এই ৩৭০০ বছৰীয়া লিপষ্টিকটো খ্ৰীষ্টপূৰ্ব ১৬৮৭ চনত নিৰ্মাণ কৰা হৈছিল বুলি Scientific Reports নামৰ আলোচনীখনত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

পুৰাতত্ত্ববিদসকলৰ মতে এই লিপষ্টিক মূলতঃ হেমাটাইট নামৰ খনিজ পদাৰ্থৰে তৈয়াৰ কৰা হয়। লিপষ্টিক ৰঙা ৰঙৰ কাৰণ হ’ল হেমাটাইট নামৰ অক্সাইড খনিজ পদাৰ্থৰ উপস্থিতি। উজ্জ্বল ৰঙা ৰঙৰ উৎপত্তি এই খনিজ পদাৰ্থৰ পৰাই হয়। এই লিপষ্টিকটো এটা সুন্দৰকৈ খোদিত বটলত ৰখা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন