--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ যুগত মানৱ সভ্যতাৰ বাবে যদি এটা কথাই আটাইতকৈ গুৰুত্বপূৰ্ণ, তেন্তে সেয়া হ’ল উন্নত চিকিৎসাৰ সুবিধা। ক’ৰোনা মহামাৰীয়ে বহু দেশৰ স্বাস্থ্য ব্যৱস্থাক উন্মোচন কৰিছিল যিবোৰে নিজৰ উন্নত স্বাস্থ্য ব্যৱস্থাৰ বাবে বিশ্বজুৰি সমাদৃত হৈছিল ।

কিন্তু এই মহামাৰীৰ পাছত বহু দেশে স্বাস্থ্য ব্যৱস্থাৰ বহু উন্নতি সাধন কৰিছে। ইয়াৰ সৈতে জড়িত এক বিশ্বব্যাপী প্ৰতিবেদন প্ৰকাশ পাইছে, য’ত বিশ্বৰ শ্ৰেষ্ঠ চিকিৎসালয়সমূহৰ কথা উল্লেখ কৰা হৈছে। ভাৰতৰ কোনবোৰ চিকিৎসালয় ইয়াত অন্তৰ্ভুক্ত হৈছে জানো আহক সবিস্তাৰে…

নিউজ ৱিক আৰু তথ্য বিশ্লেষক ছাইট ষ্টেটিষ্টাই যৌথভাৱে প্ৰকাশ কৰিছে বিশ্বৰ শীৰ্ষ ২৫০খন চিকিৎসালয়ৰ তালিকা। এই প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ ৩০খন দেশৰ ২৪০০খন চিকিৎসালয়ৰ তথ্য লোৱা হৈছে। ইয়াৰ উপৰিও প্ৰায় ৮৫ হাজাৰ চিকিৎসা বিশেষজ্ঞৰ অনলাইন সমীক্ষাও এই প্ৰতিবেদনৰ আধাৰ হিচাপে লোৱা হৈছে।


নিউজৱিক আৰু ষ্টেটিষ্টাই প্ৰকাশ কৰা শ্ৰেষ্ঠ চিকিৎসালয়ৰ তালিকাত প্ৰথম স্থান লাভ কৰিছে আমেৰিকাৰ মিনেছ’টা চহৰত অৱস্থিত মেয়’ ক্লিনিকে। একে সময়তে দ্বিতীয় স্থানত এখন আমেৰিকান চিকিৎসালয়ে আছে। এই চিকিৎসালয়খন হৈছে ক্লিভলেণ্ড ক্লিনিক। আনহাতে, কানাডাৰ টৰন্টো জেনেৰেল ইউনিভাৰ্চিটি হেল্থ নেটৱৰ্ক তৃতীয় স্থানত আছে।


একে সময়তে আমেৰিকাৰ চিকিৎসালয়সমূহো চাৰি আৰু পাঁচ নম্বৰত আছে। ইয়াৰ ভিতৰত জনছ হপকিন্স হাস্পতাল আৰু মেছাচুচেটছ জেনেৰেল হাস্পতাল অন্যতম। আটাইতকৈ ডাঙৰ কথাটো হ’ল বিশ্বৰ শীৰ্ষ ১০ খন চিকিৎসালয়ৰ তালিকাত এখনো ভাৰতীয় চিকিৎসালয় নাই। শীৰ্ষ ১০ খনৰ ভিতৰত আছে আমেৰিকা, কানাডা, জাৰ্মানী, ছুইডেন, ইজৰাইল আৰু ফ্ৰান্সৰ চিকিৎসালয়।


বিশ্বৰ শীৰ্ষ ২৫০খন চিকিৎসালয়ৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ভাৰতৰ তিনিখন চিকিৎসালয়। ইয়াৰ ভিতৰত দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স অৰ্থাৎ এইমছে ১১৩ নম্বৰ স্থান লাভ কৰিছে। আনহাতে, গুৰুগ্ৰামৰ ব্যক্তিগত চিকিৎসালয় মেডান্টা দ্য মেডচিটিয়ে ১৬৬ নম্বৰ স্থান লাভ কৰিছে। একে সময়তে চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান অৰ্থাৎ পিজিআইএমইআৰক ২৪৬ নম্বৰত স্থান দিয়া হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মগজুৱে নিজাববীয়াকৈ বেয়া স্মৃতিবোৰ মচি পেলায় নেকি? গৱেষণাত প্ৰকাশ চাঞ্চল্যকৰ তথ্য
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
প্রধানমন্ত্রীক সাক্ষাতৰ সময়ত বাধ্যতামূলক আৰ টি-পি চি আৰ টেষ্ট