--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ যুগত মানৱ সভ্যতাৰ বাবে যদি এটা কথাই আটাইতকৈ গুৰুত্বপূৰ্ণ, তেন্তে সেয়া হ’ল উন্নত চিকিৎসাৰ সুবিধা। ক’ৰোনা মহামাৰীয়ে বহু দেশৰ স্বাস্থ্য ব্যৱস্থাক উন্মোচন কৰিছিল যিবোৰে নিজৰ উন্নত স্বাস্থ্য ব্যৱস্থাৰ বাবে বিশ্বজুৰি সমাদৃত হৈছিল ।

কিন্তু এই মহামাৰীৰ পাছত বহু দেশে স্বাস্থ্য ব্যৱস্থাৰ বহু উন্নতি সাধন কৰিছে। ইয়াৰ সৈতে জড়িত এক বিশ্বব্যাপী প্ৰতিবেদন প্ৰকাশ পাইছে, য’ত বিশ্বৰ শ্ৰেষ্ঠ চিকিৎসালয়সমূহৰ কথা উল্লেখ কৰা হৈছে। ভাৰতৰ কোনবোৰ চিকিৎসালয় ইয়াত অন্তৰ্ভুক্ত হৈছে জানো আহক সবিস্তাৰে…

নিউজ ৱিক আৰু তথ্য বিশ্লেষক ছাইট ষ্টেটিষ্টাই যৌথভাৱে প্ৰকাশ কৰিছে বিশ্বৰ শীৰ্ষ ২৫০খন চিকিৎসালয়ৰ তালিকা। এই প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ ৩০খন দেশৰ ২৪০০খন চিকিৎসালয়ৰ তথ্য লোৱা হৈছে। ইয়াৰ উপৰিও প্ৰায় ৮৫ হাজাৰ চিকিৎসা বিশেষজ্ঞৰ অনলাইন সমীক্ষাও এই প্ৰতিবেদনৰ আধাৰ হিচাপে লোৱা হৈছে।


নিউজৱিক আৰু ষ্টেটিষ্টাই প্ৰকাশ কৰা শ্ৰেষ্ঠ চিকিৎসালয়ৰ তালিকাত প্ৰথম স্থান লাভ কৰিছে আমেৰিকাৰ মিনেছ’টা চহৰত অৱস্থিত মেয়’ ক্লিনিকে। একে সময়তে দ্বিতীয় স্থানত এখন আমেৰিকান চিকিৎসালয়ে আছে। এই চিকিৎসালয়খন হৈছে ক্লিভলেণ্ড ক্লিনিক। আনহাতে, কানাডাৰ টৰন্টো জেনেৰেল ইউনিভাৰ্চিটি হেল্থ নেটৱৰ্ক তৃতীয় স্থানত আছে।


একে সময়তে আমেৰিকাৰ চিকিৎসালয়সমূহো চাৰি আৰু পাঁচ নম্বৰত আছে। ইয়াৰ ভিতৰত জনছ হপকিন্স হাস্পতাল আৰু মেছাচুচেটছ জেনেৰেল হাস্পতাল অন্যতম। আটাইতকৈ ডাঙৰ কথাটো হ’ল বিশ্বৰ শীৰ্ষ ১০ খন চিকিৎসালয়ৰ তালিকাত এখনো ভাৰতীয় চিকিৎসালয় নাই। শীৰ্ষ ১০ খনৰ ভিতৰত আছে আমেৰিকা, কানাডা, জাৰ্মানী, ছুইডেন, ইজৰাইল আৰু ফ্ৰান্সৰ চিকিৎসালয়।


বিশ্বৰ শীৰ্ষ ২৫০খন চিকিৎসালয়ৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ভাৰতৰ তিনিখন চিকিৎসালয়। ইয়াৰ ভিতৰত দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স অৰ্থাৎ এইমছে ১১৩ নম্বৰ স্থান লাভ কৰিছে। আনহাতে, গুৰুগ্ৰামৰ ব্যক্তিগত চিকিৎসালয় মেডান্টা দ্য মেডচিটিয়ে ১৬৬ নম্বৰ স্থান লাভ কৰিছে। একে সময়তে চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান অৰ্থাৎ পিজিআইএমইআৰক ২৪৬ নম্বৰত স্থান দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক