--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগলি বতৰা অনুসৰি ২৬ আৰু ২৭ মে'ত তাপমাত্রা আৰু অধিক বৃদ্ধি পাব।

ডিজিটেল ডেস্ক : গ্রীষ্ম প্রৱাহে ভাৰতত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দেশৰ একাংশত গ্রীষ্ম প্রৱাহ প্রাণ ঘাটী হৈ পৰাও দেখা পোৱা গৈছে। যোৱা দুটা দিনত অন্ধ্রপ্রদেশ আৰু তেলেংগানাত 'হিটষ্ট্র'ক'ত ৪০ জন লোকে প্রাণ হেৰুৱায়। স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰা মতে, হিটষ্ট্র'কত নিহত হোৱা অধিকাংশ লোকেই বৃদ্ধ আৰু শ্রমিক। 


নিহত ৪০জন লোকৰ ভিতৰত ৩০জনেই তেলেংগানাৰ। ইয়াৰে ১৯জন লোক নিহত ৱাৰেংগল জিলাৰ। ছজনকৈ নিহত হয় নালগোণ্ডা, কৰিমনগৰ আৰু খাম্মামত। দুজন আদিলাবাদত আৰু এজনৰ নিহত হয় নিজামাবাদত। ইফালে অন্ধ্রপ্রদেশৰ বিজয়ৱাড়াৰ বিভিন্ন স্থানত দহজনে প্রাণ হেৰুৱায়। ইয়াৰে পাঁচজন দিন হাজিৰা কৰা আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী। আন পাঁচজন গৃহহীন লোক বুলি কোৱা হৈছে। মুৰাদাবাদৰ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ গছত আশ্ৰয় লৈ থকা কেইবা শ বাদুলিৰো গৰমত মৃত্যু হোৱা বুলি জনা গৈছে। পশুধনৰো ক্ষতি হোৱা বুলি জনা গৈছে। 


উল্লেখযোগ্য যে অন্ধ্রপ্রদেশ আৰু তেলেংগানাৰ বিভিন্ন জিলাত সর্বোচ্চ তাপমাত্রা ৪৬ ডিগ্রী চেলছিয়াছৰ অধিক হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰাত প্রভাৱ পেলাইছে। ইফালে দেশৰ আন আন ৰাজ্যতো প্রচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ প্রকোপ অব্যাহত আছে। ব্যক্তিগত খণ্ডৰ বতৰৰ আগলি বতৰা দিয়া ৱেবছাইট একুৱাডটইনে প্রকাশ কৰা মতে, আজি বিশ্বৰ আটাইতকৈ গৰম ১০০খন মহানগৰৰ তালিকাত ভাৰতৰ ৯৭খনে স্থান লাভ কৰে। ইয়াৰ ভিতৰত আটাইতকৈ গৰম দহখন মহানগৰৰ ভিতৰত উত্তৰ প্ৰদেশৰে দহখন আছে। কালি দুপৰীয়া ২ বজাত এই মহানগৰকেইখনৰ সৰ্বোচ্চ, তাপমাত্রা ৪৮ ডিগ্রী চেলছিয়াছৰ অধিক আছিল। উত্তৰ প্ৰদেশ, মধ্য প্রদেশ, ৰাজস্থান, পঞ্জাব, বিহাৰ, ছট্টিশগড়, অন্ধ্রপ্রদেশ, ওড়িশা, তেলেংগানা, উত্তৰাখণ্ড, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ ৩৭খন মহানগৰৰ সৰ্বোচ্চ তাপমাত্রা ৪৭ ডিগ্ৰী হয়। 


ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগলি বতৰা অনুসৰি ২৬ আৰু ২৭ মে'ত তাপমাত্রা আৰু অধিক বৃদ্ধি পাব। বতৰ বিজ্ঞান বিভাগে তেলেংগানাৰ হায়দৰাবাদ, ৰংগাৰেড্ডী, কৰিমনগৰ, খম্মম, নালগোণ্ডা, সূর্যপেট, মুলৰণ্ড আৰু মেহবুবনগৰত ২৬ মে'ত প্রচণ্ড গ্রীষ্ম প্ৰৱাহৰ সতর্কবাণী শুনাই। জনসাধাৰণক পুৱা ১১ বজাৰ পৰা বিয়লি চাৰি বজালৈ ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ দিয়া হৈছে। ইফালে কাউন্সিল অন এনার্জী, এনভাইৰনমেন্ট, এণ্ড বাটাৰে (চিই ই ডব্লিউ) প্রকাশ কৰা মতে, দেশৰ ৫৭% জিলা প্ৰচণ্ডৰ পৰা অতি প্রচণ্ড গ্রীষ্ম প্ৰৱাহৰ কবলত পৰিছে। দেশৰ আগশাৰীৰ মহানগৰকেইখনৰ লগতে গ্রামীণ অঞ্চলত প্রচণ্ড গৰমে এতিয়া দেশৰ বাবে সংকটৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ মতে, কমেও ২৩খন ৰাজ্যত স্বাভাৱিক অৱস্থাতকৈ বিপজ্জনকভাৱে তাপমাত্রা বৃদ্ধি পাইছে আৰু এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। কেইবাখনো জিলাত দিনৰ ভাগতকৈ নিশাৰ ভাগত গৰম অধিক হাৰত বৃদ্ধি পাইছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement