--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বোয়াইব মালিকে অহা বছৰো পাকিস্তানৰ হৈ টি-২০ বিশ্বকাপ খেলাৰ সপোন দেখিছে। অৱশ্যে সেই সপোন কিমান বাস্তৱায়িত হ’ব সেয়া নিজেই নিশ্চিত নহয় প্ৰাক্তন অধিনায়কগৰাকী। এতিয়া শ্বোয়াইবৰ বয়স ৪১ বছৰ। টেষ্ট আৰু ৱান ডে ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। কিন্তু শ্বোয়াইবে আন্তঃৰাষ্ট্ৰীয় মঞ্চত টি-২০ ক্ৰিকেট খেলিব বিচাৰিছে।

এতিয়াও তেওঁ বিভিন্ন দেশৰ টি-২০ লীগত খেলে। বৰ্তমান শ্ৰীলংকাৰ লংকা প্ৰিমিয়াৰ লীগত খেলি আছে। তেওঁ কয়- ‘‘টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লৈছো। মই এতিয়াও পাকিস্তানৰ হৈ টি-২০ খেলিবলৈ ইচ্ছুক। কিন্তু অধিনায়ক বা ব’ৰ্ডৰ কোনোবাই মোক খেলিবলৈ মাতিব বুলি আশা নকৰো। মোৰ এতিয়া কোনো আশা নাই। কিন্তু মই যিমান দিন বিচাৰো খেলিম।"

শোয়াইবক শেষবাৰৰ বাবে দুবছৰ পূৰ্বে পাকিস্তানৰ জাৰ্চি পিন্ধি টি-২০ ক্ৰিকেট খেলি থকা দেখা গৈছিল। ২০২১ চনৰ শেষৰখন টি-২০ মেচত স্কটলেণ্ডৰ বিৰুদ্ধে ১৮ বলত পঞ্চাশ ৰাণ কৰিছিল শ্বোয়াইবে। সেইটোৱেই হৈছে টি-২০ ক্ৰিকেটত পাকিস্তানৰ আটাইতকৈ দ্ৰুততম পঞ্চাশ।

১৯৯৯ চনত পাকিস্তানৰ হৈ শ্বোয়াইবে প্ৰথমখন মেচ খেলিছিল। ২২ বছৰীয়া কেৰিয়াৰত তেওঁ ৩৫খন টেষ্ট, ২৮৭খন এদিনীয়া আৰু ১২৪খন টি-২০ মেচ খেলিছিল। শ্বোয়াইবে ১০ হাজাৰৰো অধিক আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰে। লগতে ২০০ৰো অধিক উইকেট দখল কৰিছে। ২০১৫ চনত তেওঁ টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ শেষবাৰৰ বাবে ২০১৯ চনত এদিনীয়া ক্ৰিকেট খেলিছিল ৷













FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু