--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বোয়াইব মালিকে অহা বছৰো পাকিস্তানৰ হৈ টি-২০ বিশ্বকাপ খেলাৰ সপোন দেখিছে। অৱশ্যে সেই সপোন কিমান বাস্তৱায়িত হ’ব সেয়া নিজেই নিশ্চিত নহয় প্ৰাক্তন অধিনায়কগৰাকী। এতিয়া শ্বোয়াইবৰ বয়স ৪১ বছৰ। টেষ্ট আৰু ৱান ডে ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। কিন্তু শ্বোয়াইবে আন্তঃৰাষ্ট্ৰীয় মঞ্চত টি-২০ ক্ৰিকেট খেলিব বিচাৰিছে।

এতিয়াও তেওঁ বিভিন্ন দেশৰ টি-২০ লীগত খেলে। বৰ্তমান শ্ৰীলংকাৰ লংকা প্ৰিমিয়াৰ লীগত খেলি আছে। তেওঁ কয়- ‘‘টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লৈছো। মই এতিয়াও পাকিস্তানৰ হৈ টি-২০ খেলিবলৈ ইচ্ছুক। কিন্তু অধিনায়ক বা ব’ৰ্ডৰ কোনোবাই মোক খেলিবলৈ মাতিব বুলি আশা নকৰো। মোৰ এতিয়া কোনো আশা নাই। কিন্তু মই যিমান দিন বিচাৰো খেলিম।"

শোয়াইবক শেষবাৰৰ বাবে দুবছৰ পূৰ্বে পাকিস্তানৰ জাৰ্চি পিন্ধি টি-২০ ক্ৰিকেট খেলি থকা দেখা গৈছিল। ২০২১ চনৰ শেষৰখন টি-২০ মেচত স্কটলেণ্ডৰ বিৰুদ্ধে ১৮ বলত পঞ্চাশ ৰাণ কৰিছিল শ্বোয়াইবে। সেইটোৱেই হৈছে টি-২০ ক্ৰিকেটত পাকিস্তানৰ আটাইতকৈ দ্ৰুততম পঞ্চাশ।

১৯৯৯ চনত পাকিস্তানৰ হৈ শ্বোয়াইবে প্ৰথমখন মেচ খেলিছিল। ২২ বছৰীয়া কেৰিয়াৰত তেওঁ ৩৫খন টেষ্ট, ২৮৭খন এদিনীয়া আৰু ১২৪খন টি-২০ মেচ খেলিছিল। শ্বোয়াইবে ১০ হাজাৰৰো অধিক আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰে। লগতে ২০০ৰো অধিক উইকেট দখল কৰিছে। ২০১৫ চনত তেওঁ টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ শেষবাৰৰ বাবে ২০১৯ চনত এদিনীয়া ক্ৰিকেট খেলিছিল ৷













FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক