--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতবৰ্ষ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশ। কিছুদিন পাছতেই ভাৰতবৰ্ষই জনসংখ্যাৰ ক্ষেত্ৰত চীন দেশকো অতিক্ৰম কৰাৰ আশংকা আছে৷ কিন্তু এই বৃহৎ জনসংখ্যা অহা ৭৮ বছৰত ৪১ কোটিলৈ অৱনমিত হব। দেশ এখনৰ জনসংখ্যা যিমানেই বৃদ্ধি হব সিমানেই দেশৰ নাগৰিকৰ বাবে সম্পদৰ পৰিমাণ কমিব। এক গৱেষণাত এই তথ্য প্ৰকাশ পাইছে৷

 ষ্টেনফৰ্ডৰ এক গৱেষণাই প্ৰকাশ কৰিছে যে যেতিয়া জনসংখ্যাৰ বৃদ্ধি নকাৰাত্মক হয় তেতিয়া জনসাধাৰণৰ জীৱন ধাৰণৰ প্ৰণালী লাহে লাহে অৱনমিত হয়৷ নিশ্চিতভাৱে এয়া এক ভয়ংকৰ পৰিস্থিতি৷ ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিছু বছৰ পাছতেই হ্ৰাস হব বুলি জানিব পৰা গৈছে৷ ভাৰতবৰ্ষ আৰু চীন দেশৰ জনসংখ্যা প্ৰায় সমানেই যদিও দুয়োখন ৰাষ্ট্ৰৰে জনসংখ্যাৰ ঘনত্ব পৃথক৷

 ভাৰতবৰ্ষত প্ৰতি কিলোমিটাৰত ৪৭৬জন লোকে বসবাস কৰে৷ চীনত প্ৰতি কিলোমিটাৰত বাস কৰে ১৪৮জন লোকে৷ কিন্তু অহা ২১০০ বৰ্ষত প্ৰতি কিলোমিটাৰত এই ঘনত্ব ৩৩৫জনলৈ হ্ৰাস পাব বুলি আশা কৰা হৈছে৷ লগতে Popular Division of United Nationsৰ এক প্ৰকল্পৰ জৰিয়তে জানিব পৰা গৈছে যে ২১০০ বৰ্ষত ভাৰতৰ জনসংখ্যা ১০০.১ কোটি হবগৈ

 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ ক্ষেত্ৰতো একেই পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি জানিব পৰা গৈছে৷ ২১০০ বৰ্ষলৈ চীনৰ জনসংখ্যা মাত্ৰ ৪৯.৪ কোটি হবগৈ৷

 অনাগত বৰ্ষসমূহত মানুহৰ জননক্ষমতা হ্ৰাস হোৱাৰ ফলতেই  জনসংখ্যাৰো ঘনত্ব কমিব বুলি আশা কৰা হৈছে৷ ভাৰতীয় মহিলাৰ  জননক্ষমতা ১. ৭৬ৰ পৰা ২০৩২ চনত ১.৩৯ শতাংশলৈ হ্ৰাস পাব আৰু ২০৫২ চনত ১.২৮ শতাংশলৈ ,২০৮২ চনত ১.২ শতাংশ আৰু ২১০০ চনত ১.১৯ শতাংশ হবগৈ৷ আনহাতে ২০৫০ চনলৈকে সমগ্ৰ বিশ্বত জননক্ষমতা ০.৫ শতাংশলৈ হ্ৰাস পাব বুলি অনুমান কৰা হৈছে৷ দেশ এখন ধনী হোৱাৰ লগে লগে বিভিন্ন কাৰকৰ ফলত দেশখনৰ মহিলাৰ জননক্ষমতা হ্ৰাস পায় বুলি ষ্টেনফৰ্ডৰ গৱেষণাত প্ৰকাশ পাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ