--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতবৰ্ষ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশ। কিছুদিন পাছতেই ভাৰতবৰ্ষই জনসংখ্যাৰ ক্ষেত্ৰত চীন দেশকো অতিক্ৰম কৰাৰ আশংকা আছে৷ কিন্তু এই বৃহৎ জনসংখ্যা অহা ৭৮ বছৰত ৪১ কোটিলৈ অৱনমিত হ’ব। দেশ এখনৰ জনসংখ্যা যিমানেই বৃদ্ধি হ’ব সিমানেই দেশৰ নাগৰিকৰ বাবে সম্পদৰ পৰিমাণ কমিব। এক গৱেষণাত এই তথ্য প্ৰকাশ পাইছে৷

 ষ্টেনফৰ্ডৰ এক গৱেষণাই প্ৰকাশ কৰিছে যে যেতিয়া জনসংখ্যাৰ বৃদ্ধি নকাৰাত্মক হয় তেতিয়া জনসাধাৰণৰ জীৱন ধাৰণৰ প্ৰণালী লাহে লাহে অৱনমিত হয়৷ নিশ্চিতভাৱে এয়া এক ভয়ংকৰ পৰিস্থিতি৷ ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিছু বছৰ পাছতেই হ্ৰাস হ’ব বুলি জানিব পৰা গৈছে৷ ভাৰতবৰ্ষ আৰু চীন দেশৰ জনসংখ্যা প্ৰায় সমানেই যদিও দুয়োখন ৰাষ্ট্ৰৰে জনসংখ্যাৰ ঘনত্ব পৃথক৷

 ভাৰতবৰ্ষত প্ৰতি কিলোমিটাৰত ৪৭৬জন লোকে বসবাস কৰে৷ চীনত প্ৰতি কিলোমিটাৰত বাস কৰে ১৪৮জন লোকে৷ কিন্তু অহা ২১০০ বৰ্ষত প্ৰতি কিলোমিটাৰত এই ঘনত্ব ৩৩৫জনলৈ হ্ৰাস পাব বুলি আশা কৰা হৈছে৷ লগতে Popular Division of United Nationsৰ এক প্ৰকল্পৰ জৰিয়তে জানিব পৰা গৈছে যে ২১০০ বৰ্ষত ভাৰতৰ জনসংখ্যা ১০০.১ কোটি হ’বগৈ

 আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ ক্ষেত্ৰতো একেই পৰিস্থিতিৰ উদ্ভৱ হ’ব বুলি জানিব পৰা গৈছে৷ ২১০০ বৰ্ষলৈ চীনৰ জনসংখ্যা মাত্ৰ ৪৯.৪ কোটি হ’বগৈ৷

 অনাগত বৰ্ষসমূহত মানুহৰ জননক্ষমতা হ্ৰাস হোৱাৰ ফলতেই  জনসংখ্যাৰো ঘনত্ব কমিব বুলি আশা কৰা হৈছে৷ ভাৰতীয় মহিলাৰ  জননক্ষমতা ১. ৭৬ৰ পৰা ২০৩২ চনত ১.৩৯ শতাংশলৈ হ্ৰাস পাব আৰু ২০৫২ চনত ১.২৮ শতাংশলৈ ,২০৮২ চনত ১.২ শতাংশ আৰু ২১০০ চনত ১.১৯ শতাংশ হ’বগৈ৷ আনহাতে ২০৫০ চনলৈকে সমগ্ৰ বিশ্বত জননক্ষমতা ০.৫ শতাংশলৈ হ্ৰাস পাব বুলি অনুমান কৰা হৈছে৷ দেশ এখন ধনী হোৱাৰ লগে লগে বিভিন্ন কাৰকৰ ফলত দেশখনৰ মহিলাৰ জননক্ষমতা হ্ৰাস পায় বুলি ষ্টেনফৰ্ডৰ গৱেষণাত প্ৰকাশ পাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু