--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰৱৰ্তন সঞ্চালকালয়ে আজি পশ্চিম বংগৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰে৷ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ গ্ৰেপ্তাৰৰ পাছতেই তোলপাৰ লাগিছে কলকাতাত৷ পাৰ্থ চেটাৰ্জীক ৰাজ্যখনত সংঘটিত শিক্ষক নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত পশ্চিম বংগৰ তেওঁৰে এগৰাকী ঘনিষ্ঠ সহযোগীৰ চৌহদত অভিযান চলাই ২০ কোটি টকা নগদ ধন জব্দ কৰাৰ এদিন পাছতে গ্ৰেপ্তাৰ কৰে ইডিয়ে৷

তদন্তকাৰী সংস্থাটোৱে কালি মন্ত্ৰী চেটাৰ্জী, তেওঁৰ সহায়ক অৰ্পিতা মুখাৰ্জী, শিক্ষা ৰাজ্যিক মন্ত্ৰী পৰেশ চি অধিকাৰী, মাণিক ভট্টাচাৰ্য আৰু আন কেইবাগৰাকীও ব্যক্তিৰ চৌহদত মাৰাথন তালাচী অভিযান আৰম্ভ কৰে।

তালাচীৰ সময়ত, ইডিয়ে পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী অৰ্পিতা মুখাৰ্জীৰ আৱাসিক চৌহদৰ পৰা প্ৰায় ২০ কোটি টকাৰ নগদ ধন উদ্ধাৰ কৰে। জব্দকৃত এই বিশাল ধনৰাশি ৰাজ্যখনৰ স্কুল চাৰ্ভিচ কমিছন কেলেংকাৰীৰ অপৰাধৰ প্ৰাপ্তি বুলি সন্দেহ কৰা হৈছে৷ আজি পুৱাৰ ভাগত পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰা হৈছিল৷ আশা কৰা হৈছিল ইডিৰ জালত পৰিব চেটাৰ্জীৰ সাম্ৰাজ্যৰ অধিকাৰী অৰ্পিতা মুখাৰ্জীও৷ অৱধাৰিতভাৱেই কিছু সময় পূৰ্বে আৰক্ষীৰ জালত পৰিল অৰ্পিতা৷ 
 
পিছে কোন এইগৰাকী অৰ্পিতা মুখাৰ্জী?
মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰে কি সম্পৰ্ক বৰ্তাই ৰাখিছে অৰ্পিতাই?

প্ৰৱৰ্তন সঞ্চালকালয়ে অৰ্পিতা মুখাৰ্জীক চেটাৰ্জীৰ এগৰাকী ঘনিষ্ঠ সহযোগী বুলিহে বৰ্ণনা কৰিছে। প্ৰকৃততে অৰ্পিতা মুখাৰ্জী এগৰাকী অভিনেত্ৰী, যিয়ে পশ্চিম বংগৰ কেইবাখনো আঞ্চলিক ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ওড়িয়া, বাংলা আৰু তামিল চিনেমাত কাম কৰিছে। তেওঁৰ নিজৰ ফেচবুক প্ৰফাইলত নিজকে এগৰাকী বহুমুখী অভিনেতা হিচাপে পৰিচয় দিছে। ২০০৯ চনত ‘মামা ভাগনে’ত বাঙালী চুপাৰষ্টাৰ প্ৰসেনজিৎ চেটাৰ্জী আৰু জিতৰ সৈতে অভিনয় কৰিছিল অৰ্পিতাই। অৰ্পিতা মুখাৰ্জীয়ে ২০১৯ আৰু ২০২০ চনত পাৰ্থ চেটাৰ্জীৰ পূজা সমিতিৰ অভিযানৰ নেতৃত্ব দিছিল। এক অসমৰ্থিত প্ৰতিবেদনত কোৱা হৈছে যে চেটাৰ্জীয়ে নিয়মীয়াকৈ কলকাতাস্থ অৰ্পিতাৰ বাসভৱনলৈ অহা-যোৱা কৰে৷ 

পাৰ্থ চেটাৰ্জীৰ বিৰুদ্ধে কি অভিযোগ আছে?

পাৰ্থ চেটাৰ্জী পশ্চিম বংগৰ শিক্ষা মন্ত্ৰী হৈ থাকোতে চৰকাৰী বিদ্যালয়সমূহৰ বাবে শিক্ষক নিয়োগৰ অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে। তেওঁৰ বিৰুদ্ধে ধন আৰু অন্যান্য ধৰণৰ উৎকোচৰ বিনিময়ত শ শ শিক্ষক আৰু অশিক্ষক কৰ্মচাৰী নিয়োগ কৰাৰ অভিযোগ আছে। প্ৰৱৰ্তন সঞ্চালকালয়ে কৈছিল যে তেওঁ তেনে শিক্ষকসকলক যোগ্য নোহোৱা পদত নিযুক্তি দিছিল। ইতিমধ্যে তেওঁক মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অধীনত অভিযুক্ত কৰা হৈছে। প্ৰৱৰ্তন সঞ্চালকালয়ে কৈছিল যে নগদ ধনৰ উপৰিও তেওঁলোকে কেলেংকাৰীৰ সৈতে জড়িত আন চৰকাৰী বিষয়াসকলৰ চৌহদৰ পৰা আপত্তিজনক নথিপত্ৰ, সন্দেহজনক কোম্পানী, ইলেক্ট্ৰনিক সঁজুলি, বিদেশী মুদ্ৰা আৰু সোণৰ ভাণ্ডাৰ বিচাৰি পাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত