--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰৱৰ্তন সঞ্চালকালয়ে আজি পশ্চিম বংগৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰে৷ তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীৰ গ্ৰেপ্তাৰৰ পাছতেই তোলপাৰ লাগিছে কলকাতাত৷ পাৰ্থ চেটাৰ্জীক ৰাজ্যখনত সংঘটিত শিক্ষক নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত পশ্চিম বংগৰ তেওঁৰে এগৰাকী ঘনিষ্ঠ সহযোগীৰ চৌহদত অভিযান চলাই ২০ কোটি টকা নগদ ধন জব্দ কৰাৰ এদিন পাছতে গ্ৰেপ্তাৰ কৰে ইডিয়ে৷

তদন্তকাৰী সংস্থাটোৱে কালি মন্ত্ৰী চেটাৰ্জী, তেওঁৰ সহায়ক অৰ্পিতা মুখাৰ্জী, শিক্ষা ৰাজ্যিক মন্ত্ৰী পৰেশ চি অধিকাৰী, মাণিক ভট্টাচাৰ্য আৰু আন কেইবাগৰাকীও ব্যক্তিৰ চৌহদত মাৰাথন তালাচী অভিযান আৰম্ভ কৰে।

তালাচীৰ সময়ত, ইডিয়ে পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী অৰ্পিতা মুখাৰ্জীৰ আৱাসিক চৌহদৰ পৰা প্ৰায় ২০ কোটি টকাৰ নগদ ধন উদ্ধাৰ কৰে। জব্দকৃত এই বিশাল ধনৰাশি ৰাজ্যখনৰ স্কুল চাৰ্ভিচ কমিছন কেলেংকাৰীৰ অপৰাধৰ প্ৰাপ্তি বুলি সন্দেহ কৰা হৈছে৷ আজি পুৱাৰ ভাগত পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰা হৈছিল৷ আশা কৰা হৈছিল ইডিৰ জালত পৰিব চেটাৰ্জীৰ সাম্ৰাজ্যৰ অধিকাৰী অৰ্পিতা মুখাৰ্জীও৷ অৱধাৰিতভাৱেই কিছু সময় পূৰ্বে আৰক্ষীৰ জালত পৰিল অৰ্পিতা৷ 
 
পিছে কোন এইগৰাকী অৰ্পিতা মুখাৰ্জী?
মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰে কি সম্পৰ্ক বৰ্তাই ৰাখিছে অৰ্পিতাই?

প্ৰৱৰ্তন সঞ্চালকালয়ে অৰ্পিতা মুখাৰ্জীক চেটাৰ্জীৰ এগৰাকী ঘনিষ্ঠ সহযোগী বুলিহে বৰ্ণনা কৰিছে। প্ৰকৃততে অৰ্পিতা মুখাৰ্জী এগৰাকী অভিনেত্ৰী, যিয়ে পশ্চিম বংগৰ কেইবাখনো আঞ্চলিক ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ওড়িয়া, বাংলা আৰু তামিল চিনেমাত কাম কৰিছে। তেওঁৰ নিজৰ ফেচবুক প্ৰফাইলত নিজকে এগৰাকী বহুমুখী অভিনেতা হিচাপে পৰিচয় দিছে। ২০০৯ চনত ‘মামা ভাগনে’ত বাঙালী চুপাৰষ্টাৰ প্ৰসেনজিৎ চেটাৰ্জী আৰু জিতৰ সৈতে অভিনয় কৰিছিল অৰ্পিতাই। অৰ্পিতা মুখাৰ্জীয়ে ২০১৯ আৰু ২০২০ চনত পাৰ্থ চেটাৰ্জীৰ পূজা সমিতিৰ অভিযানৰ নেতৃত্ব দিছিল। এক অসমৰ্থিত প্ৰতিবেদনত কোৱা হৈছে যে চেটাৰ্জীয়ে নিয়মীয়াকৈ কলকাতাস্থ অৰ্পিতাৰ বাসভৱনলৈ অহা-যোৱা কৰে৷ 

পাৰ্থ চেটাৰ্জীৰ বিৰুদ্ধে কি অভিযোগ আছে?

পাৰ্থ চেটাৰ্জী পশ্চিম বংগৰ শিক্ষা মন্ত্ৰী হৈ থাকোতে চৰকাৰী বিদ্যালয়সমূহৰ বাবে শিক্ষক নিয়োগৰ অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে। তেওঁৰ বিৰুদ্ধে ধন আৰু অন্যান্য ধৰণৰ উৎকোচৰ বিনিময়ত শ শ শিক্ষক আৰু অশিক্ষক কৰ্মচাৰী নিয়োগ কৰাৰ অভিযোগ আছে। প্ৰৱৰ্তন সঞ্চালকালয়ে কৈছিল যে তেওঁ তেনে শিক্ষকসকলক যোগ্য নোহোৱা পদত নিযুক্তি দিছিল। ইতিমধ্যে তেওঁক মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অধীনত অভিযুক্ত কৰা হৈছে। প্ৰৱৰ্তন সঞ্চালকালয়ে কৈছিল যে নগদ ধনৰ উপৰিও তেওঁলোকে কেলেংকাৰীৰ সৈতে জড়িত আন চৰকাৰী বিষয়াসকলৰ চৌহদৰ পৰা আপত্তিজনক নথিপত্ৰ, সন্দেহজনক কোম্পানী, ইলেক্ট্ৰনিক সঁজুলি, বিদেশী মুদ্ৰা আৰু সোণৰ ভাণ্ডাৰ বিচাৰি পাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ