--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই কথা প্রকাশ পাইছে ভোট ভাইভ আৰু ইংক ইনছাইটে চলোৱা এটা সমীক্ষাৰ পৰা

ডিজিটেল ডেস্ক : অসমত অহা বছৰ হ'বলগীয়া বিধানসভাৰ নেতৃত্বত এন ডি এই পুনৰ জয়লাভ কৰাৰ সম্ভাৱনা আছে। এই কথা প্রকাশ পাইছে ভোট ভাইভ আৰু ইংক ইনছাইটে চলোৱা এটা সমীক্ষাৰ পৰা।


সমীক্ষাটোৰ মতে, বিহাৰত ডিচেম্বৰ মাহত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনতো এন ডি এই জয়লাভ কৰিব। আনহাতে, পশ্চিম বংগত বিজেপিৰ জয়ৰ সপোন এইবাৰো সপোন হৈয়ে থাকিব। সমীক্ষাটোত প্রকাশ পোৱা মতে, অসমত অহা বছৰ হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে একেৰাহে তৃতীয়বাৰলৈ ক্ষমতা দখল কৰিব। সমীক্ষাটোত অসমৰ ৫০% লোকে বিজেপিক আৰু ৩৯% লোকে কংগ্ৰেছক সমর্থন কৰে। আনহাতে, হিমন্ত বিশ্ব শর্মাক ৪৬% লোকে পুনৰ মুখ্যমন্ত্ৰীৰূপে বিচাৰে। গৌৰৱ গগৈক মুখ্যমন্ত্রী হিচাপে বিচাৰে ৪৫% লোকে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে ৰাজ্যখনত এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত যুঁজখন হিমন্ত বিশ্ব শর্মা বনাম গৌৰৱ হ'ব।


ইফালে, ডিচেম্বৰত বিধানসভাৰ নিৰ্বাচনত বিহাৰত জে ডি (ইউ)ৰ নেতা তথা মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নেতৃত্বত এন ডি এ-ই পুনৰ ক্ষমতা দখল কৰিব। সমীক্ষাটোত ৰাজ্যখনৰ ৪৮.৯% লোকে এন ডি এক সমর্থন জনাইছে। আন কথাত ৰাজ্যখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী নীতিশ কুমাৰৰ প্ৰভাৱ এতিয়াও আছে আৰু ইয়াৰ ফলত জে ডি (ইউ)-বিজেপিৰ নেতৃত্বত এন ডি এ-ই বিপুল জয়েৰে পুনৰ ক্ষমতা দখল কৰিব। এই সমীক্ষাটোত হতাশাৰ সন্মুখীন হয় আৰ জে ডিৰ নেতৃত্বাধীন মহাজোঁট। সমীক্ষাটোত মহাজোঁটৰ প্ৰতি ৩৫.৮% লোকেহে সমর্থন জনাইছে। অৱশ্যে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে জনসাধাৰণে কাক বিচাৰে- এই প্রশ্নত বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ প্রাক্তন উপ- মুখ্যমন্ত্রী তথা আৰ জে ডিৰ নেতা তেজস্বী যাদৱতকৈ পিছ পৰি আছে। ৰাজ্যখনৰ ৩৮% লোকে তেজস্বীক মুখ্যমন্ত্ৰীৰূপে বিচাৰে বুলি মত প্রকাশ কৰে। নীতিশক পুনৰ মুখ্যমন্ত্ৰীৰূপে বিচাৰে ৩৬% লোকে। ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে চিৰাগ পাছোৱান আৰু সম্রাট চৌধুৰীক পছন্দ কৰে ক্ৰমে ৫% আৰু ২% লোকে। ইফালে, পশ্চিম বংগত বিজেপিক হতাশ কৰি বিধানসভাৰ নিৰ্বাচনত পুনৰ মমতা বেনাৰ্জীৰ নেতৃত্বাধীন টি এম চিয়ে ক্ষমতা দখল কৰিব।


ভোট ভাইভৰ সমীক্ষাটোৰ মতে, ৰাজ্যখনৰ ৪১.৭% লোকে মমতা বেনার্জীক পুনৰ মুখ্যমন্ত্রীৰূপে বিচাৰে। শুভেন্দু অধিকাৰীক ২০.৪% লোকে, সুকান্ত মজুমদাৰক ৯.৭% আৰু অভিষেক বেনাৰ্জীক ৫.৩% লোকে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে পছন্দ কৰে। তামিলনাডুত চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণৰ ক্ষোভ থাকিলেও এম কে ষ্টালিনৰ নেতৃত্বত পুনৰ ডি এম কেই চৰকাৰ গঠন কৰাৰ সম্ভাৱনা প্রকট বুলি কোৱা হৈছে সমীক্ষাটোত। সমীক্ষাটোৰ মতে, ডি এম কে ৩৭% লোকে সঠিক বিকল্প বুলি গণ্য কৰে।


আনহাতে, এ আই এ ডি এম কে আৰু টি ভি কেক ক্রমে ৩৩% আৰু ১২% লোকে সমর্থন জনাইছে। মুখ্যমন্ত্রী ষ্টালিনৰ বিৰুদ্ধে ৪১% লোকে ক্ষোভ প্রকাশ কৰিলেও ৩১% লোকে তেওঁৰ চৰকাৰৰ প্রতি সমর্থন প্রকাশ কৰিছে। সামগ্রিকভাৱে ডি এম কে আগবাঢ়ি আছে। অহা বছৰ কেৰালাত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনত বিজেপি তথা এন ডি এৰ চমকপ্রদ উত্থান হ'ব পাৰে। অৱশ্যে এন ডি এই চৰকাৰ গঠন কৰাৰ সম্ভাৱনা কম। ৰাজ্যখনত কংগ্ৰেছৰ নেতৃত্বৰ ইউ ডি এফে ক্ষমতা দখল কৰাৰ সম্ভাৱনা আছে বুলি সমীক্ষাটোত কোৱা হৈছে। ভোট ভাইভৰ সমীক্ষাটোত কেৰালাত জনসাধাৰণে কোনটো দলৰ প্ৰতি সৰ্বাধিক আস্থা প্রকাশ কৰে বুলি সোধা প্ৰশ্নৰ উত্তৰত ৩৮.৯% লোকে ইউ ডি এফ, ২৭.৩% লোকে বৰ্তমানৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ নেতৃত্বত এল ডি এফক আৰু ২৩.১% লোকে এন ডি এৰ পক্ষে মত পোষণ কৰে। আন কথাত ৰাজ্যখনত বিজেপিৰ নেতৃত্বত এন ডি এই তৃতীয় সর্ববৃহৎ দল ৰূপে পৰিগণিত হ'ব পাৰে বুলি সমীক্ষাটোত কোৱা হৈছে।



উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে