ডিজিটেল ডেস্কঃ পৃথিৱীৰ ২৪খন দেশৰ নাগৰিকে ভাৰতক ইতিবাচক দৃষ্টিৰে চায়। পিউ ৰিছাৰ্চ চেণ্টাৰে যোৱা ৮ জানুৱাৰীৰ পৰা ২৬ এপ্রিললৈ চলোৱা এটা সমীক্ষাত এই তথ্য প্রকাশ পাইছে।
২৪খন দেশৰ প্ৰায় ৪৭%ই ভাৰতৰ প্ৰতি সম্ভাৱ পোষণ কৰাৰ বিপৰীতে ৩৮%ই ভাল ভাবেৰে নাচায়। অন্য ১৩%ই এই সন্দৰ্ভত মত প্রকাশ কৰাৰ পৰা বিৰত থাকে। সমীক্ষাত অংশ লোৱা দেশসমূহৰ অধিকাংশ লোকে ভাৰতৰ প্ৰতি নেতিবাচক দৃষ্টিভংগী ৰখাৰ পৰিৱৰ্তে ইতিবাচক দৃষ্টি ৰাখিছে।
কেনিয়া, ব্রিটেইন আৰু ইজৰাইলত ভাৰতৰ প্ৰতি সম্ভাৱ বেছি লোকৰ আছে য'ত ১০জনৰ ভিতৰত ৬জন বা তাতোধিক ভাৰতৰ প্ৰতি ভাল ভাব পোষণ কৰিছে। জার্মানি, জাপান, ইণ্ডোনেছিয়া আৰু নাই জেৰিয়াত গৰিষ্ঠসংখ্যকে ভাৰতৰ প্ৰতি ইতিবাচক মনোভাব পোষণ কৰাৰ কথা সমীক্ষাত প্রকাশ পায়।
তুৰস্ক আৰু অষ্ট্ৰেলিয়াত ভাৰতৰ প্ৰতি নেতিবাচক দৃষ্টিভংগী থকা লোক প্রায় দেশ দুখনৰ জনসংখ্যাৰ আধা। আর্জেন্টিনা আৰু ব্রাজিলতো ভাৰতৰ প্ৰতি লোকসকলৰ মনোভাব ইতিবাচকতকৈ নেতিবাচক বেছি।
আনহাতে, আমেৰিকা আৰু দক্ষিণ কোৰিয়াত ভাৰতৰ প্ৰতি দেশ দুখনৰ লোকসকলৰ মনোভাব দুয়ো ক্ষেত্রতে সমান সমান। ইউৰোপৰ দেশসমূহতো ভাৰতৰ প্ৰতি লোকসকলৰ ইতিবাচক মনোভাব বৃদ্ধি পাইছে।
 
                     
     
     
                         
                         
                         
                         
                         
                         
                         
                         
                             
                             
                             
                             
                             
                             
                            