--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিবহণ কোম্পানী তথা কেব এগ্ৰিগেটৰ অ’লা আৰু উবেৰৰ বিৰুদ্ধে উত্থাপন হৈছিল এক গুৰুতৰ অভিযোগ ৷ এই অভিযোগ অস্বীকাৰ কৰিছে কোম্পানীটোৱে ।উবেৰ আৰু ইয়াৰ ভাৰতীয় প্ৰতিদ্বন্দ্বী অ’লাক গ্ৰাহক পৰিক্ৰমা বিভাগে এণ্ড্ৰইড আৰু আইফোন ব্যৱহাৰকাৰীৰ বাবে যাতায়তৰ ক্ষেত্ৰত ভিন্ন মূল্য নিৰ্ধাৰণক লৈ জাননী প্ৰদান কৰিছে ।

চৰকাৰৰ এই জাননীৰ প্ৰতি সঁহাৰি জনাইছে কেব এগ্ৰিগেটৰ প্লেটফৰ্ম অ’লা আৰু উবেৰে। দুয়োটা কোম্পানীকে সোধা হৈছিল যে তেওঁলোকে কিয় আইফোন আৰু এণ্ড্ৰইড ব্যৱহাৰকাৰীক একেটা ৰাইডৰ বাবে বেলেগ বেলেগ দাম দেখুৱাইছে। এই জাননীৰ প্ৰতি সঁহাৰি জনাই দুয়োটা কোম্পানীয়ে কয় যে তেওঁলোকে ব্যৱহাৰকাৰীৰ ফোনটোৰ ওপৰত ভিত্তি কৰি কোনো ধৰণৰ ৰাইডৰ মূল্য নিৰ্ধাৰণ নকৰে।

এই সমস্যাৰ সৈতে জড়িত সকলো ভুল ধাৰণা আঁতৰাই পেলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি কোম্পানীসমূহে প্ৰকাশ কৰিছে। কেন্দ্রীয় গ্ৰাহক সুৰক্ষা কর্তৃপক্ষই কেইবাটাও প্রতিবেদনৰ পাছতে অ’লা আৰু উবেৰক জাননী জাৰি কৰিছিল৷ ইয়াত দুয়োটা কোম্পানীক ব্যৱহাৰকাৰীক বিভিন্ন চাৰ্জ দেখুওৱাৰ কাৰণ সোধা হৈছিল।

এই সন্দৰ্ভত অ’লাৰ মুখপাত্ৰই কয় যে, ‘আমাৰ সকলো গ্ৰাহকৰ বাবে ঘৰুৱা মূল্য নিৰ্ধাৰণৰ গাঁথনি আছে। আমি অপাৰেটিং চিষ্টেমৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱহাৰকাৰীক একেটা ৰাইডৰ বাবে বিভিন্ন মূল্য দেখুৱাব নোৱাৰো।

শুকুৰবাৰে প্ৰকাশ কৰা বিবৃতিত মুখপাত্ৰগৰাকীয়ে কয় যে তেওঁ এই বিষয়ে চিচিপিএক অৱগত কৰিছে আৰু এই ভুল বুজাবুজি দূৰ কৰিবলৈ চিচিপিএৰ সৈতে কাম কৰিবলৈ সাজু তেওঁ।

উবেৰেও একে কথাই কয়। উবেৰৰ এগৰাকী মুখপাত্ৰই কয় যে, ‘আমি ফোন নিৰ্মাতাৰ ওপৰত ভিত্তি কৰি ৰাইডৰ মূল্য নিদিওঁ। এই সমস্যা সমাধানৰ বাবে আমি চিচিপিএৰ সৈতে কাম কৰিবলৈ সাজু। এই বিষয়ত এপল আৰু গুগলে এতিয়াও কোনো তথ্য দিয়া নাই।

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰলহাদ যোশীয়ে বৃহস্পতিবাৰে X যোগে কয় যে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থাই (চিচিপিএ) দুয়োটা কোম্পানীলৈ ভিন্নতামূলক মূল্য নিৰ্ধাৰণক লৈ জাননী প্ৰেৰণ কৰিছে । X যোগে মন্ত্ৰীগৰাকীয়ে কয়, "ই প্ৰাইমা ফেচি, এক অন্যায় বাণিজ্যিক প্ৰথা যেন লাগে, কিয়নো কেব এগ্ৰিগেটৰসকলে ডিফাৰেন্সিয়েল প্ৰাইচিং ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছিল ।" তেওঁ আৰু কয় যে যদি এই কথা সঁচা হয় তেন্তে ই গ্ৰাহকৰ অধিকাৰৰ প্ৰতি এক প্ৰকাশ্য অৱজ্ঞা হ’ব ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ