--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জার্মানি, ইংলেণ্ড, ব্রাজিল, স্পেইন, পর্তুগাল, আর্জেণ্টিনা আৰু কলম্বিয়াৰো সৰ্বাধিক সংখ্যক ফুটবলপ্রেমীয়ে বিশ্ব কাপৰ টিকট লাভৰ বাবে আৱেদন জনাইছে।

ডিজিটেল ডেস্ক : ফিফা বিশ্ব কাপক লৈ এইবাৰ দৰ্শকৰ মাজত অভূতপূর্ব উৎসাহ দেখিবলৈ পোৱা গৈছে। এইবাৰৰ বিশ্ব কাপ ১২ জুনৰ পৰা আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ'ব। 


'ৰেণ্ডম ছিলেকশ্যন ড্র' টিকট বিক্ৰীৰ বাবে যোৱা বছৰ ১১ ডিচেম্বৰৰ পৰা ১৩ জানুৱাৰীলৈ ফুটবলপ্ৰেমীৰ আৱেদন বিচৰা হৈছিল। বিশ্ব কাপৰ টিকট ক্ৰয়ৰ বাবে ফিফাৰ ২১১খন সদস্য/সদস্যা দেশৰ সকলোৰে পৰা ফুটবলপ্ৰেমীয়ে আৱেদন জনাইছে। সর্বাধিক সংখ্যক আৱেদন পোৱা গৈছে আয়োজক আমেৰিকা, মেক্সিকো আৰু কানাডাৰ পৰা। 


তদুপৰি, জার্মানি, ইংলেণ্ড, ব্রাজিল, স্পেইন, পর্তুগাল, আর্জেণ্টিনা আৰু কলম্বিয়াৰো সৰ্বাধিক সংখ্যক ফুটবলপ্রেমীয়ে বিশ্ব কাপৰ টিকট লাভৰ বাবে আৱেদন জনাইছে।


আৱেদনৰ উত্তৰসমূহ ৫ ফেব্ৰুৱাৰীৰ আগে আগে ই-মেইল যোগে জনোৱা হ'ব। উল্লেখযোগ্য যে আৱেদনৰ বাবে নির্ধাৰণ কৰা ৩৩দিনীয়া সময়সীমাৰ ভিতৰত প্ৰতিদিনে প্রায় ডেৰ কোটি লোকে টিকট ক্ৰয়ৰ বাবে আৱেদন জনাইছিল। বিশ্বৰ ক্ৰীড়াৰ ইতিহাসত ইমান বৃহৎসংখ্যক লোকে টিকট ক্ৰয়ৰ বাবে আৱেদন জনোৱাৰ নজিৰ ইয়াৰ আগতে নাছিল। 


এইবাৰৰ বিশ্ব কাপত প্ৰথমবাৰৰ বাবে ৪৮টা দলে খেলিব। টিকট বিচাৰি সৰ্বাধিক সংখ্যক ফুটবলপ্রেমীয়ে আৱেদন জনাইছে ২৭জুনত মিয়ামীত হ'বলগীয়া কলম্বিয়া আৰু পর্তুগালৰ মেচখনৰ বাবে। সর্বাধিক সংখ্যক টিকট বিচাৰি আৱেদন জনোৱা প্রথম পাঁচখন দেশৰ ভিতৰত ১৮ জুনত গোৱাডলহাৰাত মেক্সিকো আৰু দক্ষিণ কোৰিয়া, ১৯ জুলাইত নিউয়কৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া ফাইনেলখন, ১১ জুনত মেক্সিকো চিটিত মেক্সিকো আৰু দক্ষিণ আফ্রিকাৰ মেচখনো আছে। ফিফাৰ সভাপতি জিয়ানো ইনফেণ্টিনোৱে কয়, 'মাত্র এমাহত টিকটৰ বাবে আধা কোটিতকৈ অধিক অনুৰোধ, চাহিদাতকৈ বহুত বেছি, ই এক বিশ্ব পৰ্যায়ৰ বিবৃতি।' 


বিশ্ব কাপৰ মেচ চোৱাৰ বাবে বিশ্বৰ ফুটবলপ্রেমীসকলে দেখুওৱা উৎসাহৰ বাবে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰিছে ইনফেণ্টিনোৱে । ফিফাই এতিয়া আৱেদনসমূহ পর্যালোচনা কৰি নিৰপেক্ষভাৱে টিকটৰ সম্পর্কত সিদ্ধান্ত ল'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ