--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জার্মানি, ইংলেণ্ড, ব্রাজিল, স্পেইন, পর্তুগাল, আর্জেণ্টিনা আৰু কলম্বিয়াৰো সৰ্বাধিক সংখ্যক ফুটবলপ্রেমীয়ে বিশ্ব কাপৰ টিকট লাভৰ বাবে আৱেদন জনাইছে।

ডিজিটেল ডেস্ক : ফিফা বিশ্ব কাপক লৈ এইবাৰ দৰ্শকৰ মাজত অভূতপূর্ব উৎসাহ দেখিবলৈ পোৱা গৈছে। এইবাৰৰ বিশ্ব কাপ ১২ জুনৰ পৰা আমেৰিকা, কানাডা আৰু মেক্সিকোত অনুষ্ঠিত হ'ব। 


'ৰেণ্ডম ছিলেকশ্যন ড্র' টিকট বিক্ৰীৰ বাবে যোৱা বছৰ ১১ ডিচেম্বৰৰ পৰা ১৩ জানুৱাৰীলৈ ফুটবলপ্ৰেমীৰ আৱেদন বিচৰা হৈছিল। বিশ্ব কাপৰ টিকট ক্ৰয়ৰ বাবে ফিফাৰ ২১১খন সদস্য/সদস্যা দেশৰ সকলোৰে পৰা ফুটবলপ্ৰেমীয়ে আৱেদন জনাইছে। সর্বাধিক সংখ্যক আৱেদন পোৱা গৈছে আয়োজক আমেৰিকা, মেক্সিকো আৰু কানাডাৰ পৰা। 


তদুপৰি, জার্মানি, ইংলেণ্ড, ব্রাজিল, স্পেইন, পর্তুগাল, আর্জেণ্টিনা আৰু কলম্বিয়াৰো সৰ্বাধিক সংখ্যক ফুটবলপ্রেমীয়ে বিশ্ব কাপৰ টিকট লাভৰ বাবে আৱেদন জনাইছে।


আৱেদনৰ উত্তৰসমূহ ৫ ফেব্ৰুৱাৰীৰ আগে আগে ই-মেইল যোগে জনোৱা হ'ব। উল্লেখযোগ্য যে আৱেদনৰ বাবে নির্ধাৰণ কৰা ৩৩দিনীয়া সময়সীমাৰ ভিতৰত প্ৰতিদিনে প্রায় ডেৰ কোটি লোকে টিকট ক্ৰয়ৰ বাবে আৱেদন জনাইছিল। বিশ্বৰ ক্ৰীড়াৰ ইতিহাসত ইমান বৃহৎসংখ্যক লোকে টিকট ক্ৰয়ৰ বাবে আৱেদন জনোৱাৰ নজিৰ ইয়াৰ আগতে নাছিল। 


এইবাৰৰ বিশ্ব কাপত প্ৰথমবাৰৰ বাবে ৪৮টা দলে খেলিব। টিকট বিচাৰি সৰ্বাধিক সংখ্যক ফুটবলপ্রেমীয়ে আৱেদন জনাইছে ২৭জুনত মিয়ামীত হ'বলগীয়া কলম্বিয়া আৰু পর্তুগালৰ মেচখনৰ বাবে। সর্বাধিক সংখ্যক টিকট বিচাৰি আৱেদন জনোৱা প্রথম পাঁচখন দেশৰ ভিতৰত ১৮ জুনত গোৱাডলহাৰাত মেক্সিকো আৰু দক্ষিণ কোৰিয়া, ১৯ জুলাইত নিউয়কৰ্কৰ নিউজাৰ্চিত হ'বলগীয়া ফাইনেলখন, ১১ জুনত মেক্সিকো চিটিত মেক্সিকো আৰু দক্ষিণ আফ্রিকাৰ মেচখনো আছে। ফিফাৰ সভাপতি জিয়ানো ইনফেণ্টিনোৱে কয়, 'মাত্র এমাহত টিকটৰ বাবে আধা কোটিতকৈ অধিক অনুৰোধ, চাহিদাতকৈ বহুত বেছি, ই এক বিশ্ব পৰ্যায়ৰ বিবৃতি।' 


বিশ্ব কাপৰ মেচ চোৱাৰ বাবে বিশ্বৰ ফুটবলপ্রেমীসকলে দেখুওৱা উৎসাহৰ বাবে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰিছে ইনফেণ্টিনোৱে । ফিফাই এতিয়া আৱেদনসমূহ পর্যালোচনা কৰি নিৰপেক্ষভাৱে টিকটৰ সম্পর্কত সিদ্ধান্ত ল'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু