--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মঙলবাৰে ক্লাবৰ মিত্রজোঁট, সর্বভাৰতীয় ফুটবল ফেডাৰেশ্যন আৰু চৰকাৰৰ সৈতে হোৱা বৈঠকৰ অন্তত কেন্দ্রীয় ক্রীড়ামন্ত্রী মনসুখ মন্দাভিয়াই প্রতিযোগিতা আৰম্ভ হোৱাৰ দিন ঘোষণা কৰে।

ডিজিটেল ডেস্ক : অৱশেষত জল্পনা-কল্পনা আৰু সংশয়ৰ অৱসান ঘটিল। ১৪টা ক্লাবৰ অংশগ্রহণেৰে অহা ১৪ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ'ব ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)। প্রতিযোগিতাখন হোম-এৱে ফর্মেটত অনুষ্ঠিত হ'ব।


মঙলবাৰে ক্লাবৰ মিত্রজোঁট, সর্বভাৰতীয় ফুটবল ফেডাৰেশ্যন আৰু চৰকাৰৰ সৈতে হোৱা বৈঠকৰ অন্তত কেন্দ্রীয় ক্রীড়ামন্ত্রী মনসুখ মন্দাভিয়াই প্রতিযোগিতা আৰম্ভ হোৱাৰ দিন ঘোষণা কৰে। পৃষ্ঠপোষকতাকে ধৰি একাধিক জটিলতাৰ বাবে আই এছ এল অনিশ্চিত হৈ আছিল। ইয়াৰ সমাধান উলিওৱাত ব্যর্থ হয় সর্বভাৰতীয় ফুটবল ফেডাৰেশ্যনো। 


আই এছ এলব ক্লাবসমূহৰ মিত্রজোঁট আৰু মন্ত্ৰ্যালয়ৰ সৈতে একাধিক আলোচনা কৰিও সমস্যাৰ সমাধান কৰিব পৰা নাছিল। আই এছ এলব ক্লাবসমূহৰ মিত্রজোঁটেও লীগ আয়োজনৰ প্রস্তাৱ দিছিল। আয়-ব্যয়ৰ সন্দর্ভতো কেইবাটাও চর্ত দিছিল। অৱশেষত ক্রীড়া মন্ত্র্যালয়ৰ হস্তক্ষেপত সর্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে (এ আই এফ এফ) আই এছ এল আয়োজন কৰিবলৈ ওলাইছে। কেন্দ্রীয় ক্রীড়া মন্ত্রী মন্দাভিয়াই কয়, 'আই এছ এলক লৈ বহু জল্পনা-কল্পনা চলিছিল। পিছে আজি চৰকাৰ, ফুটবল ফেডাৰেশ্যন আৰু মোহনবাগান আৰু ইষ্ট বেংগলসহ মুঠ ১৪টা ক্লাবৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। আমি সিদ্ধান্ত লৈছোঁ যে ১৪ ফেব্রুৱাৰীৰ পৰা আই এছ এল আৰম্ভ হ'ব। সকলো ক্লাবে অংশগ্রহণ কৰিব।' প্রতিযোগিতাখন পূৰ্বৰ দৰেই হোম-এৱে ফর্মেটতে হ'ব। মুঠ ৯১খন খেল অনুষ্ঠিত হ'ব। কিন্তু দলসমূহৰ ভ্রমণ আৰু থকাৰ ব্যৱস্থাকে ধৰি প্রতিযোগিতাৰ সময়সূচী আৰু স্থানক লৈ বিবেচনা কৰি থকা হৈছে। 


কেন্দ্রীয় ক্রীড়া মন্ত্রীগৰাকীয়ে কয় যে সেইবোৰ সমস্যা সমাধানৰ বাবে প্রচেষ্টা চলোৱা হৈছে। ক্লাবসমূহে কিমান মেচ খেলিব লাগিব অথবা প্রতিযোগিতাৰ আন্তঃগাঁথনিৰ বিষয়ে অৱগত কৰা হোৱা নাই। ইফালে প্রতিযোগিতা আয়োজনৰ বাবে মুঠ খৰচৰ পৰিমাণ নির্ধাৰণ কৰা হৈছে ২৪ কোটি ২৬ লাখ টকা। ইয়াৰ এ আই এফ এফে ১.৭৭ কোটি টকা দিব। বাকী ধন দিব ক্লাবসমূহে। লীগৰ স্বার্থত প্রতিটো ক্লাবে ফ্রেন্সাইজী মাচুল হিচাপে ১ কোটি টকাৰ অলপ বেছি দিবলৈ সন্মত হৈছে। ইয়াৰ লগতে ঘৰুৱা খেলৰ খৰচো তেওঁলোকে বহন কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু