--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মঙলবাৰে ক্লাবৰ মিত্রজোঁট, সর্বভাৰতীয় ফুটবল ফেডাৰেশ্যন আৰু চৰকাৰৰ সৈতে হোৱা বৈঠকৰ অন্তত কেন্দ্রীয় ক্রীড়ামন্ত্রী মনসুখ মন্দাভিয়াই প্রতিযোগিতা আৰম্ভ হোৱাৰ দিন ঘোষণা কৰে।

ডিজিটেল ডেস্ক : অৱশেষত জল্পনা-কল্পনা আৰু সংশয়ৰ অৱসান ঘটিল। ১৪টা ক্লাবৰ অংশগ্রহণেৰে অহা ১৪ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ'ব ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)। প্রতিযোগিতাখন হোম-এৱে ফর্মেটত অনুষ্ঠিত হ'ব।


মঙলবাৰে ক্লাবৰ মিত্রজোঁট, সর্বভাৰতীয় ফুটবল ফেডাৰেশ্যন আৰু চৰকাৰৰ সৈতে হোৱা বৈঠকৰ অন্তত কেন্দ্রীয় ক্রীড়ামন্ত্রী মনসুখ মন্দাভিয়াই প্রতিযোগিতা আৰম্ভ হোৱাৰ দিন ঘোষণা কৰে। পৃষ্ঠপোষকতাকে ধৰি একাধিক জটিলতাৰ বাবে আই এছ এল অনিশ্চিত হৈ আছিল। ইয়াৰ সমাধান উলিওৱাত ব্যর্থ হয় সর্বভাৰতীয় ফুটবল ফেডাৰেশ্যনো। 


আই এছ এলব ক্লাবসমূহৰ মিত্রজোঁট আৰু মন্ত্ৰ্যালয়ৰ সৈতে একাধিক আলোচনা কৰিও সমস্যাৰ সমাধান কৰিব পৰা নাছিল। আই এছ এলব ক্লাবসমূহৰ মিত্রজোঁটেও লীগ আয়োজনৰ প্রস্তাৱ দিছিল। আয়-ব্যয়ৰ সন্দর্ভতো কেইবাটাও চর্ত দিছিল। অৱশেষত ক্রীড়া মন্ত্র্যালয়ৰ হস্তক্ষেপত সর্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে (এ আই এফ এফ) আই এছ এল আয়োজন কৰিবলৈ ওলাইছে। কেন্দ্রীয় ক্রীড়া মন্ত্রী মন্দাভিয়াই কয়, 'আই এছ এলক লৈ বহু জল্পনা-কল্পনা চলিছিল। পিছে আজি চৰকাৰ, ফুটবল ফেডাৰেশ্যন আৰু মোহনবাগান আৰু ইষ্ট বেংগলসহ মুঠ ১৪টা ক্লাবৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। আমি সিদ্ধান্ত লৈছোঁ যে ১৪ ফেব্রুৱাৰীৰ পৰা আই এছ এল আৰম্ভ হ'ব। সকলো ক্লাবে অংশগ্রহণ কৰিব।' প্রতিযোগিতাখন পূৰ্বৰ দৰেই হোম-এৱে ফর্মেটতে হ'ব। মুঠ ৯১খন খেল অনুষ্ঠিত হ'ব। কিন্তু দলসমূহৰ ভ্রমণ আৰু থকাৰ ব্যৱস্থাকে ধৰি প্রতিযোগিতাৰ সময়সূচী আৰু স্থানক লৈ বিবেচনা কৰি থকা হৈছে। 


কেন্দ্রীয় ক্রীড়া মন্ত্রীগৰাকীয়ে কয় যে সেইবোৰ সমস্যা সমাধানৰ বাবে প্রচেষ্টা চলোৱা হৈছে। ক্লাবসমূহে কিমান মেচ খেলিব লাগিব অথবা প্রতিযোগিতাৰ আন্তঃগাঁথনিৰ বিষয়ে অৱগত কৰা হোৱা নাই। ইফালে প্রতিযোগিতা আয়োজনৰ বাবে মুঠ খৰচৰ পৰিমাণ নির্ধাৰণ কৰা হৈছে ২৪ কোটি ২৬ লাখ টকা। ইয়াৰ এ আই এফ এফে ১.৭৭ কোটি টকা দিব। বাকী ধন দিব ক্লাবসমূহে। লীগৰ স্বার্থত প্রতিটো ক্লাবে ফ্রেন্সাইজী মাচুল হিচাপে ১ কোটি টকাৰ অলপ বেছি দিবলৈ সন্মত হৈছে। ইয়াৰ লগতে ঘৰুৱা খেলৰ খৰচো তেওঁলোকে বহন কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ