--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিশ্লেষণত দেখুওৱা পৰিসংখ্যা অনুসৰি, দেশৰ মাত্র ছখন ৰাজ্য- মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, অসম আৰু বিহাৰত দেশৰ আধা সংখ্যক শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হয়।

ডিজিটেল ডেস্ক: ভাৰতৰ শিশুৰ বিৰুদ্ধে অপৰাধ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ২০০৪ চনত দেশত কোনো এখন ৰাজ্যত সর্বাধিক ১৪,৪২৩টা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছিল। কিন্তু দুটা দশকৰ পাছত ২০২৩ চনত দেশৰ মধ্য প্রদেশত সর্বাধিক ১.৭৭লাখ টা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছে। দুটা দশকৰ ভিতৰত দেশত শিশুৰ বিৰুদ্ধে অপৰাধ প্রায় ১২গুণ বৃদ্ধি হৈছে। প্রতিদিনে দেশত গড় হিচাপত যোৱা দুটা দশকৰ ভিতৰত শিশুৰ বিৰুদ্ধে অপৰাধ ৪০টাৰ পৰা ৫০০টালৈ বৃদ্ধি পাইছে। 


নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ' (এন চি আৰ বি)এ ২০০৪ আৰু ২০২৩ চনৰ ভিতৰত দেখুওৱা পৰিসংখ্যা অনুসৰি, শিশুৰ বিৰুদ্ধে অপৰাধ দেশত ক্রমান্বয়ে বৃদ্ধি পাইছে। ২০২০ চনত শিশুৰ বিৰুদ্ধে অপৰাধ কিছু হ্রাস হৈছিল যদিও ইয়াৰ পৰৱৰ্তী সময়ত পুনৰ বৃদ্ধি হ'বলৈ ধৰে। ২০২০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ক'ভিড-১৯ মহামাৰীৰ পাছত শিশুৰ বিৰুদ্ধে অপৰাধ ৪০% লৈ বৃদ্ধি পায়। ২০২৩ চনত প্রতিদিনে ৫০০টা শিশুৰ বিৰুদ্ধে গড় হিচাপত অপৰাধ সংঘটিত হৈছে। ২০১৪ চনৰ পৰা ২০২৩ চনৰ ভিতৰত কৰা


বিশ্লেষণত দেখুওৱা পৰিসংখ্যা অনুসৰি, দেশৰ মাত্র ছখন ৰাজ্য- মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, অসম আৰু বিহাৰত দেশৰ আধা সংখ্যক শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হয়। মধ্য প্রদেশত সর্বাধিক ১.৭৭ লাখ টা শিশুৰ বিৰুদ্ধে অপৰাধৰ ঘটনা হয়। উত্তৰ প্ৰদেশত ১.৭০ লাখ টা, মহাৰাষ্ট্ৰত ১.৬৬ লাখ টা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছিল। 


কেৱল ২০২৩ চনতে মধ্য প্রদেশত ২২.৩৯৩টা, মহাৰাষ্ট্ৰত ২২,৩৯০টা, উত্তৰ প্রদেশত ১৮,৮৫২টা, ৰাজস্থানত ১০,৫৭৭টা, অসমত ১০,১৭৪টা আৰু বিহাৰত ৯,৯০৬টা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হয়। অসম আৰু বিহাৰত শিশুৰ বিৰুদ্ধে অপৰাধ উদ্বেগজনকভাৱে বৃদ্ধি হোৱাটো পৰিসংখ্যাটোত দেখুওৱা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ