--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিশ্লেষণত দেখুওৱা পৰিসংখ্যা অনুসৰি, দেশৰ মাত্র ছখন ৰাজ্য- মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, অসম আৰু বিহাৰত দেশৰ আধা সংখ্যক শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হয়।

ডিজিটেল ডেস্ক: ভাৰতৰ শিশুৰ বিৰুদ্ধে অপৰাধ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ২০০৪ চনত দেশত কোনো এখন ৰাজ্যত সর্বাধিক ১৪,৪২৩টা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছিল। কিন্তু দুটা দশকৰ পাছত ২০২৩ চনত দেশৰ মধ্য প্রদেশত সর্বাধিক ১.৭৭লাখ টা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছে। দুটা দশকৰ ভিতৰত দেশত শিশুৰ বিৰুদ্ধে অপৰাধ প্রায় ১২গুণ বৃদ্ধি হৈছে। প্রতিদিনে দেশত গড় হিচাপত যোৱা দুটা দশকৰ ভিতৰত শিশুৰ বিৰুদ্ধে অপৰাধ ৪০টাৰ পৰা ৫০০টালৈ বৃদ্ধি পাইছে। 


নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ' (এন চি আৰ বি)এ ২০০৪ আৰু ২০২৩ চনৰ ভিতৰত দেখুওৱা পৰিসংখ্যা অনুসৰি, শিশুৰ বিৰুদ্ধে অপৰাধ দেশত ক্রমান্বয়ে বৃদ্ধি পাইছে। ২০২০ চনত শিশুৰ বিৰুদ্ধে অপৰাধ কিছু হ্রাস হৈছিল যদিও ইয়াৰ পৰৱৰ্তী সময়ত পুনৰ বৃদ্ধি হ'বলৈ ধৰে। ২০২০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ক'ভিড-১৯ মহামাৰীৰ পাছত শিশুৰ বিৰুদ্ধে অপৰাধ ৪০% লৈ বৃদ্ধি পায়। ২০২৩ চনত প্রতিদিনে ৫০০টা শিশুৰ বিৰুদ্ধে গড় হিচাপত অপৰাধ সংঘটিত হৈছে। ২০১৪ চনৰ পৰা ২০২৩ চনৰ ভিতৰত কৰা


বিশ্লেষণত দেখুওৱা পৰিসংখ্যা অনুসৰি, দেশৰ মাত্র ছখন ৰাজ্য- মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, অসম আৰু বিহাৰত দেশৰ আধা সংখ্যক শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হয়। মধ্য প্রদেশত সর্বাধিক ১.৭৭ লাখ টা শিশুৰ বিৰুদ্ধে অপৰাধৰ ঘটনা হয়। উত্তৰ প্ৰদেশত ১.৭০ লাখ টা, মহাৰাষ্ট্ৰত ১.৬৬ লাখ টা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছিল। 


কেৱল ২০২৩ চনতে মধ্য প্রদেশত ২২.৩৯৩টা, মহাৰাষ্ট্ৰত ২২,৩৯০টা, উত্তৰ প্রদেশত ১৮,৮৫২টা, ৰাজস্থানত ১০,৫৭৭টা, অসমত ১০,১৭৪টা আৰু বিহাৰত ৯,৯০৬টা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হয়। অসম আৰু বিহাৰত শিশুৰ বিৰুদ্ধে অপৰাধ উদ্বেগজনকভাৱে বৃদ্ধি হোৱাটো পৰিসংখ্যাটোত দেখুওৱা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ'ৰ উদ্বেগজনক তথ্য: দেশত দৈনিক ৫০০টা শিশুৰ বিৰুদ্ধে অপৰাধ
কলকাতাত ভোগালী উৎসৱ আৰু শিল্পী দিৱস উদযাপন;  বিভিন্ন কাৰ্যসূচীৰ ৰূপায়ন
জলজীৱন আঁচনিৰ কাম সম্পূৰ্ণ কৰিও নাপালে প্ৰাপ্য ধন, ৰাজ্যত ১৪ হাজাৰ ঠিকাদাৰৰ হাহাকাৰ
জানুৱাৰী মাহৰ শেষৰ ফালে নক্ষত্ৰৰ পৰিবৰ্তন হ’ব, যাৰ ফলত এই ৭ ৰাশিৰ বাবে আহিব সমৃদ্ধি
পুনৰ জাগ্ৰত বিষ্ণোই গেং ! ১০ কোটি টকাৰ দাবী,নহ'লে বিপদত বি প্ৰাক
বিশ্ব কাপ চাবলৈ ৫০ কোটিৰ আৱেদন, ফিফাৰ সৰ্বশ্রেষ্ঠ প্রতিযোগিতাক লৈ ফুটবলপ্ৰেমীৰ অভূতপূর্ব উৎসাহ
মকৰ সংক্ৰান্তিৰ দিনা গঠন হ’ব বুধাদিত্য ৰাজযোগ! এই ৩টা ৰাশিৰ বাবে শুভ দিনৰ সূচনা কৰিব
৬.৬% বিকাশেৰে ২০২৬ত বিশ্বৰ দ্রুত অৰ্থনীতিৰ দেশ হ'ব ভাৰত, ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ প্ৰতিবেদনৰ তথ্য
উত্তৰ পূৱৰ প্ৰথমটো উপগ্ৰহ লাচিত-১ৰ মহাকাশ যাত্ৰা; উৎক্ষেপণত বিজুতি
গুৱাহাটীৰ নাৰেংগীত ভয়ংকৰ ঘটনা; ড্ৰাগছ আসক্ত ব্লেডমেনৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱক
ফেচবুকত হিন্দুবিৰোধী মন্তব্য দি আটক শোণিতপুৰৰ গুদামঘাটৰ দুই যুৱক
কণ্ঠশিল্পী মানস ৰবীনলৈ 'গণ শিল্পী ৰাজীৱ শদিয়া সোঁ‌ৱৰণী বঁ‌টা' ; ৰসবাৰী পৰ্যটন মেলাৰ উদযাপন সমিতিয়ে প্ৰদান কৰে এই বঁটা
জৈৱিক অস্ত্ৰ : মাইক্ৰ'ছফটৰ সহঃ প্ৰতিষ্ঠাপক বিল গেটছৰ বাৰ্ষিক প্রতিবেদনত আশংকা, জৈৱ সন্ত্রাসবাদে বিশ্বত নমাব নতুন সংকট
আজি ভোগালী বিহুৰ উৰুকা, ভোগৰ সামগ্ৰীৰে উভৈনদী বজাৰ