--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দ্ৰুতগতিত অহা এখন মাৰুতি ভানে খুন্দা মৰাৰ ফলত মূৰত আঘাত পাই আৰু তেওঁ অজ্ঞান হৈ পথৰ দাঁতিতে পৰি যায়।

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা কাছাৰ জিলাৰ কালাইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ শেখৰ ৰায় গুৰুতৰভাৱে আহত হয়। 


দ্ৰুতগতিত অহা এখন মাৰুতি ভানে খুন্দা মৰাৰ ফলত মূৰত আঘাত পাই আৰু তেওঁ অজ্ঞান হৈ পথৰ দাঁতিতে পৰি যায়। স্থানীয় লোকে তৎক্ষণাৎ আহত ছাত্ৰজনক উদ্ধাৰ কৰি কালাইন হাস্পতাললৈ লৈ যায়। কিন্তু অৱস্থাৰ অধিক অৱনতি ঘটাত প্ৰাথমিক চিকিৎসাৰ পিছতে তেওঁক শিলচৰ মেডিকেল কলেজ আৰু হাস্পতাললৈ ৰেফাৰ কৰা হয়। 


উল্লেখযোগ্য যে কালাইন হাস্পতালৰ একমাত্ৰ এম্বুলেন্সখন বিকল হৈ থকাৰ বাবে প্ৰায় আধা ঘণ্টা সময় বিলম্ব হয়। অৱশেষত ব্যক্তিগত এম্বুলেন্সৰ জৰিয়তে তেওঁক শিলচৰলৈ প্ৰেৰণ কৰা হয়।


আহত শেখৰ ৰায় ভৈৰবপুৰ পাৰ্ট ১ অঞ্চলৰ বাসিন্দা। তেওঁৰ পিতৃৰ নাম শিপন ৰায়। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু কালাইন হাস্পতালৰ জৰুৰী সেৱা তথা এম্বুলেন্স ব্যৱস্থাৰ দুৰৱস্থাক লৈ স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু