--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দ্ৰুতগতিত অহা এখন মাৰুতি ভানে খুন্দা মৰাৰ ফলত মূৰত আঘাত পাই আৰু তেওঁ অজ্ঞান হৈ পথৰ দাঁতিতে পৰি যায়।

ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা কাছাৰ জিলাৰ কালাইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ শেখৰ ৰায় গুৰুতৰভাৱে আহত হয়। 


দ্ৰুতগতিত অহা এখন মাৰুতি ভানে খুন্দা মৰাৰ ফলত মূৰত আঘাত পাই আৰু তেওঁ অজ্ঞান হৈ পথৰ দাঁতিতে পৰি যায়। স্থানীয় লোকে তৎক্ষণাৎ আহত ছাত্ৰজনক উদ্ধাৰ কৰি কালাইন হাস্পতাললৈ লৈ যায়। কিন্তু অৱস্থাৰ অধিক অৱনতি ঘটাত প্ৰাথমিক চিকিৎসাৰ পিছতে তেওঁক শিলচৰ মেডিকেল কলেজ আৰু হাস্পতাললৈ ৰেফাৰ কৰা হয়। 


উল্লেখযোগ্য যে কালাইন হাস্পতালৰ একমাত্ৰ এম্বুলেন্সখন বিকল হৈ থকাৰ বাবে প্ৰায় আধা ঘণ্টা সময় বিলম্ব হয়। অৱশেষত ব্যক্তিগত এম্বুলেন্সৰ জৰিয়তে তেওঁক শিলচৰলৈ প্ৰেৰণ কৰা হয়।


আহত শেখৰ ৰায় ভৈৰবপুৰ পাৰ্ট ১ অঞ্চলৰ বাসিন্দা। তেওঁৰ পিতৃৰ নাম শিপন ৰায়। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ এলেকাত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু কালাইন হাস্পতালৰ জৰুৰী সেৱা তথা এম্বুলেন্স ব্যৱস্থাৰ দুৰৱস্থাক লৈ স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ