--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বীৰভূম জিলাত মঙলবাৰৰ নিশা আৰম্ভ হোৱা এই আৰক্ষীৰ অভিযান পিছদিনা গোটেই দিনটো চলি বুধবাৰৰ সন্ধিয়ালৈকে অব্যাহত থাকে আৰু নগদ ধন গণনা কৰিবলৈ ১৮ ঘণ্টাৰো অধিক সময় লাগে।

ডিজিটেল ডেস্ক: পশ্চিমবংগ আৰক্ষীয়ে বীৰভূম জিলাৰ এজন ব্যক্তিৰ বাসগৃহত চলোৱা এক অভিযানত প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কিলোগ্ৰাম সোণ উদ্ধাৰ কৰিছে। তেওঁ পূৰ্বতে চৰকাৰী বাছৰ চালক আছিল। বীৰভূম জিলাত মঙলবাৰৰ নিশা আৰম্ভ হোৱা এই আৰক্ষীৰ অভিযান পিছদিনা গোটেই দিনটো চলি বুধবাৰৰ সন্ধিয়ালৈকে অব্যাহত থাকে আৰু নগদ ধন গণনা কৰিবলৈ ১৮ ঘণ্টাৰো অধিক সময় লাগে। প্ৰাক্তন বাছ চালকজনৰ নাম মিনাৰ মণ্ডল বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে বীৰভূমৰ মহম্মদ বজাৰৰ দেউচাত থকা তেওঁৰ বাসগৃহত এই অভিযান চলায়।


কি কি উদ্ধাৰ হ’ল?


পশ্চিম বংগ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, অভিযানত ২৮.৫ কোটি টকা নগদ ধন আৰু ১৫ কিলোগ্ৰাম সোণ উদ্ধাৰ কৰা হৈছে। এই অভিযানৰ সময়ত আৰক্ষীয়ে কমেও পাঁচটা টকা গণনা কৰা মেচিন আৰু পাঁচটা লোহাৰ বাকচ ব্যৱহাৰ কৰে। বীৰভূমৰ আৰক্ষী অধীক্ষক বিদিত ৰাজ ভুন্দেছে জনোৱা মতে, ঘৰটোৰ ৩৫ টা নাইলন বেগৰ পৰা এই নগদ ধনসমূহ উদ্ধাৰ কৰা হৈছে আৰু দেৱালৰ কাষতো টকাৰ বাণ্ডিলবোৰ থুপ খোৱাই থোৱা আছিল। তেওঁলোকৰ মতে, মিনাৰ মণ্ডল হৈছে বীৰভূমৰ অভিযুক্ত শিল আৰু বালি ছিণ্ডিকেটৰ গুৰি ধৰোতা টুল্লু মণ্ডলীৰ এজন আত্মীয়।


বাসগৃহটো দেখাত বীৰভূমৰ মহম্মদ বজাৰৰ এটা সাধাৰণ দুমহলীয়া ঘৰৰ দৰেই আছিল। কিন্তু টুল্লু মণ্ডলৰ সৈতে মিনাৰৰ সম্পৰ্ক তদন্তকাৰী সংস্থাসমূহৰ চকুত পৰাৰ পিছতে ঘৰটো তদন্তৰ আওতালৈ আহে। উল্লেখ্য যে, টুল্লু মণ্ডল আছিল তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন নেতা অনুব্রত মণ্ডলৰ এজন ঘনিষ্ঠ সহযোগী। বিশেষভাৱে উল্লেখযোগ্য যে, অনুব্রতে এই মাহৰ আৰম্ভণিতে ঋতব্রত বেনাৰ্জীৰ নেতৃত্বাধীন বিদ্ৰোহী শিবিৰত যোগদান কৰিছিল। অনুব্রত আছিল সেই অঞ্চলত প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এজন প্ৰভাৱশালী ব্যক্তি আৰু এক দশকৰো অধিক সময় ধৰি বীৰভূমৰ টিএমচিৰ জিলা সভাপতি আছিল।


পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ‘এক্স’ (X) যোগে আৰক্ষীৰ এই কাৰ্যত প্ৰশংসা কৰে। তেওঁ কয় যে দুৰ্নীতিৰ বিৰুদ্ধে তেওঁৰ চৰকাৰৰ অভিযানৰ অংশ হিচাপে এই পদক্ষেপ লোৱা হৈছে আৰু ‘শূন্য সহনশীলতা নীতি’ৰে ই অব্যাহত থাকিব। “অবৈধ বালি মাফিয়াৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে আমাৰ আইন বলবৎকাৰী বাহিনীৰ প্ৰশংসনীয় কাম। বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত সঠিক অভিযান চলাই বীৰভূম আৰক্ষীয়ে মহম্মদ বজাৰ আৰক্ষী থানাৰ অধীনত অবৈধ বালি মাফিয়া টুল্লু মণ্ডল ওৰফে মহম্মদ নজিবুদ্দিনৰ আশ্ৰয়স্থলক লক্ষ্য কৰি এক বৃহৎ অভিযান চলায়।” 


তেওঁ লগতে কয়, “জনসাধাৰণৰ সম্পদ জনসাধাৰণৰেই, আৰু যিসকলে ইয়াক লুণ্ঠন কৰিব তেওঁলোকে আইনৰ সম্পূৰ্ণ সন্মূখীন হ’ব লাগিব। সতৰ্কতা আৰু আপোচহীন পদক্ষেপ অব্যাহত থাকিব। মাফিয়া ছিন্ডিকেটৰ বিৰুদ্ধে এই অভিযান চলি থাকিব।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ