--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক প্ৰেম কাহিনীৰ ভয়ংকৰ পৰিণতি। যি ঘটনাৰ কথা জানিলে আপোনাৰ বুকু কঁপি উঠিব। উত্তৰ প্ৰদেশৰ বাণ্ডাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ইয়াৰে এহাল যুৱক-যুৱতীৰ মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক চলি আছিল। কিন্তু দুয়ো ভিন্ন ধৰ্মৰ হোৱাৰ বাবে তেওঁলোকৰ বিবাহত বাধা আহিছিল। 

এনে অৱস্থাত প্ৰেমিকজনে প্ৰেমিকাৰ স্বাৰ্থত হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তথাপিও প্ৰেমিকাৰ পৰিয়ালে তেওঁক আন ঠাইত বিয়া কৰাই দিলে। এই কথাটোৱে প্ৰেমিকক অসন্তুষ্ট কৰি তুলিলে। অভিযোগ অনুসৰি বিয়াৰ পিছত প্ৰেমিকাজনী পিতৃ-মাতৃৰ ঘৰলৈ আহোতে প্ৰেমিকজনে খঙতে প্ৰেমিকাক চুৰিকাঘাত কৰি হত্যা কৰে। ইয়াৰ পিছতে এই ঘটনাত ক্ষুব্ধ হৈ প্ৰেমিকাৰ পৰিয়ালৰ লোকে প্ৰেমিকক ইমানেই প্ৰহাৰ কৰে যে চিকিৎসাৰ সময়ত প্ৰেমিকৰো মৃত্যু হয়।

ঘটনা অনুসৰি বাণ্ডাৰ পাইলানী থানা এলেকাৰ বাসিন্দা ৰাহুলে ২০২২ চনত জেকৰিন নামৰ এগৰাকী ছোৱালীক লগ পাইছিল। ফেৰীৰে যাত্ৰা কৰোতে জেকৰিনক লগ পাইছিল ৰাহুলে। ইয়াতে দুয়ো ফোন নম্বৰৰ আদান প্ৰদান কৰে।

অলপ সময়ৰ ভিতৰতে ৰাহুল আৰু জেকৰিনৰ মাজৰ প্ৰেম ইমানেই গভীৰ হৈ পৰিল যে দুয়ো ঘণ্টাৰ পিছত ঘণ্টা ধৰি ফোনত কথা পাতিবলৈ ধৰিলে। একেলগে জীৱন-মৰণৰ শপত খাবলৈ ধৰিলে। ৰাহুলে জেকৰিনক নিজৰ জীৱনসংগী কৰি ল’ব বিচাৰিছিল যদিও ধৰ্মই এই সম্পৰ্কত বাধাৰ সৃষ্টি কৰিছিল। এনে পৰিস্থিতিত ৰাহুলে প্ৰেমৰ স্বাৰ্থত ধৰ্ম সলনি কৰিলে। ৰাহুলৰ পৰাই তেওঁ মুৰ্ছাদ হৈ পৰিল। ৰাহুলে দাড়ি ৰাখি, টুপী পিন্ধি নামাজ পঢ়িবলৈও ধৰিলে।

জেকৰিনৰ পৰিয়ালে দুয়োকে একত্ৰিত হোৱাটো বিচাৰিছিল যদিও একাংশ আত্মীয়ই বাধাৰ সৃষ্টি কৰিছিল। অৱশেষত ডিচেম্বৰত অন্য এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হয় জেকৰিন। জেকৰিনৰ বিয়াই ক্ষুণ্ণ কৰি তুলিলে ৰাহুল ওৰফে মুৰ্ছাদক। ইমানখিনি ত্যাগ কৰিও তেওঁ নিজৰ কৰি ল’ব নোৱাৰিলে জেকৰিনক। কিছুদিন পূৰ্বে শহুৰেকৰ ঘৰৰ পৰা মাতৃগৃহলৈ আহিছিল জেকৰিন। তেতিয়াই জেকৰিনক চুৰিকাঘাত কৰি হত্যা কৰে ৰাহুলে। ইয়াৰ পিছত জেকৰিনৰ পৰিয়ালে ৰাহুলক ধৰি ইমানেই প্ৰহাৰ কৰিলে যে তেওঁৰো হস্পিতালত মৃত্যু হয়।

ৰাহুলৰ পিতৃয়ে জেকৰিনৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। দুয়োপক্ষৰ পৰা গোচৰ ৰুজু কৰা হৈছে। শীঘ্ৰে আদালতত দাখিল কৰা হ’ব অভিযোগনামা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ