--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক প্ৰেম কাহিনীৰ ভয়ংকৰ পৰিণতি। যি ঘটনাৰ কথা জানিলে আপোনাৰ বুকু কঁপি উঠিব। উত্তৰ প্ৰদেশৰ বাণ্ডাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ইয়াৰে এহাল যুৱক-যুৱতীৰ মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক চলি আছিল। কিন্তু দুয়ো ভিন্ন ধৰ্মৰ হোৱাৰ বাবে তেওঁলোকৰ বিবাহত বাধা আহিছিল। 

এনে অৱস্থাত প্ৰেমিকজনে প্ৰেমিকাৰ স্বাৰ্থত হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তথাপিও প্ৰেমিকাৰ পৰিয়ালে তেওঁক আন ঠাইত বিয়া কৰাই দিলে। এই কথাটোৱে প্ৰেমিকক অসন্তুষ্ট কৰি তুলিলে। অভিযোগ অনুসৰি বিয়াৰ পিছত প্ৰেমিকাজনী পিতৃ-মাতৃৰ ঘৰলৈ আহোতে প্ৰেমিকজনে খঙতে প্ৰেমিকাক চুৰিকাঘাত কৰি হত্যা কৰে। ইয়াৰ পিছতে এই ঘটনাত ক্ষুব্ধ হৈ প্ৰেমিকাৰ পৰিয়ালৰ লোকে প্ৰেমিকক ইমানেই প্ৰহাৰ কৰে যে চিকিৎসাৰ সময়ত প্ৰেমিকৰো মৃত্যু হয়।

ঘটনা অনুসৰি বাণ্ডাৰ পাইলানী থানা এলেকাৰ বাসিন্দা ৰাহুলে ২০২২ চনত জেকৰিন নামৰ এগৰাকী ছোৱালীক লগ পাইছিল। ফেৰীৰে যাত্ৰা কৰোতে জেকৰিনক লগ পাইছিল ৰাহুলে। ইয়াতে দুয়ো ফোন নম্বৰৰ আদান প্ৰদান কৰে।

অলপ সময়ৰ ভিতৰতে ৰাহুল আৰু জেকৰিনৰ মাজৰ প্ৰেম ইমানেই গভীৰ হৈ পৰিল যে দুয়ো ঘণ্টাৰ পিছত ঘণ্টা ধৰি ফোনত কথা পাতিবলৈ ধৰিলে। একেলগে জীৱন-মৰণৰ শপত খাবলৈ ধৰিলে। ৰাহুলে জেকৰিনক নিজৰ জীৱনসংগী কৰি ল’ব বিচাৰিছিল যদিও ধৰ্মই এই সম্পৰ্কত বাধাৰ সৃষ্টি কৰিছিল। এনে পৰিস্থিতিত ৰাহুলে প্ৰেমৰ স্বাৰ্থত ধৰ্ম সলনি কৰিলে। ৰাহুলৰ পৰাই তেওঁ মুৰ্ছাদ হৈ পৰিল। ৰাহুলে দাড়ি ৰাখি, টুপী পিন্ধি নামাজ পঢ়িবলৈও ধৰিলে।

জেকৰিনৰ পৰিয়ালে দুয়োকে একত্ৰিত হোৱাটো বিচাৰিছিল যদিও একাংশ আত্মীয়ই বাধাৰ সৃষ্টি কৰিছিল। অৱশেষত ডিচেম্বৰত অন্য এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হয় জেকৰিন। জেকৰিনৰ বিয়াই ক্ষুণ্ণ কৰি তুলিলে ৰাহুল ওৰফে মুৰ্ছাদক। ইমানখিনি ত্যাগ কৰিও তেওঁ নিজৰ কৰি ল’ব নোৱাৰিলে জেকৰিনক। কিছুদিন পূৰ্বে শহুৰেকৰ ঘৰৰ পৰা মাতৃগৃহলৈ আহিছিল জেকৰিন। তেতিয়াই জেকৰিনক চুৰিকাঘাত কৰি হত্যা কৰে ৰাহুলে। ইয়াৰ পিছত জেকৰিনৰ পৰিয়ালে ৰাহুলক ধৰি ইমানেই প্ৰহাৰ কৰিলে যে তেওঁৰো হস্পিতালত মৃত্যু হয়।

ৰাহুলৰ পিতৃয়ে জেকৰিনৰ পৰিয়ালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। দুয়োপক্ষৰ পৰা গোচৰ ৰুজু কৰা হৈছে। শীঘ্ৰে আদালতত দাখিল কৰা হ’ব অভিযোগনামা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু