ডিজিটেল ডেস্ক : লাখ লাখ ভক্তৰ সমাৱেশেৰে পুৰীত শুকুৰবাৰে আৰম্ভ হোৱা বিশ্ববিখ্যাত ৰথযাত্ৰাত হোৱা ঠেলা-হেঁচাত পদপিষ্ট হৈ ৫৮১জন লোক আহত হয়। আহতসকলক চিকিৎসালয়ক ভৰ্তি কৰা হয়। ইয়াৰে ৮জনৰ অৱস্থা গুৰুতৰ। মন্দিৰ মহানগৰীখনৰ গ্ৰেণ্ড ৰ'ডত ৰথ টনাৰ সময়ত অত্যধিক হেঁচা-ঠেলাৰ বাবেই এই ঘটনা সংঘটিত হয়।
ভক্তসকলে বলভদ্ৰৰ ৰথ তালধ্বজৰ ৰছী টনাৰ সময়তে হেঁচা-ঠেলাত এই লোকসকল আহত হয়। আনহাতে শুকুৰবাৰে অত্যধিক হেঁচা-ঠেলাই সৃষ্টি কৰা পৰিস্থিতিৰ বাবে ৰথযাত্রা স্থগিত ৰাখিবলগীয়া হয়। কালি বিয়লি ৪ মান বজাত পুৰীত ৰথযাত্ৰা আৰম্ভ হৈছিল। সর্বপ্রথমে বলভদ্ৰৰ ৰথ টনা হয়। তাৰ পাছত সুভদ্ৰা আৰু জগন্নাথৰ ৰথ টনা হয়। প্রথম দিনা বলভদ্ৰৰ ৰথ ২০০ মিটাৰ মান দূৰত্বলৈ টানি নিয়া হয়। ঠিক তেনেদৰে সুভদ্রা-জগন্নাথৰ ৰথো কিছু দূৰ টানি নিয়া হয়। ৰথযাত্ৰাৰ সময়তে এখন এম্বুলেন্স আবদ্ধ হৈ পৰে।
এই এম্বুলেন্সখনৰ বাবে পথ মুকলি কৰিবলৈ ভক্তসকলে মানৱ শৃংখল তৈয়াৰ কৰে। সেয়ে ৰথ বহু সময় ধৰি আগবঢ়াব পৰা নগ'ল। যিহেতু সূর্যাস্তৰ পাছত ৰথ টনা নহয় সেয়ে শুকুৰবাৰে ৰথ যাত্রা স্থগিত ৰখা হয়। এই ৰথযাত্রা আজি পুৱা ৯-৩০ বজাত পুনৰ আৰম্ভ হয়। কালি বিয়লি অগণন লোকে দ্বাদশ শতিকাৰ জগন্নাথ মন্দিৰৰ পৰা ২.৬ কিল 'মিটাৰ নিলগৰ গুণ্ডিচা মন্দিৰৰ ফালে জগন্নাথ আৰু তেওঁৰ সহোদৰৰ মূৰ্তি থকা ৰথ তিনিখনত সংলগ্ন ৰছী টানি আগবঢ়াই নিয়ে।
ইফালে, হাজাৰ হাজাৰ লোকে ৰথকেইখন টানি নিয়া সময়ত এই ৰথযাত্রা উৎসৱত অংশ ল'বলৈ লাখ লাখ লোক মন্দিৰত উপস্থিত হয়। কর্তৃপক্ষৰ মতে, বার্ষিক এই ৰথযাত্রা উৎসৱত প্রায় ১০ লাখ লোকে অংশগ্রহণ কৰিব বুলি অনুমান কৰা হৈছে। জগন্নাথ, সুভদ্রা আৰু বলভদ্ৰৰ ৰথ টনাসকলৰ ভিতৰত আছিল ওড়িশাৰ ৰাজ্যপাল হৰি বাবু কম্ভমপতি, মুখ্যমন্ত্রী মোহন চৰণ মাঝি আৰু আন বহু বিশিষ্ট লোক। কাঁহ, শিঙা আৰু শংখ বজাই 'জয় জগন্নাথ' আৰু 'হৰি বোল' ধ্বনিৰ মাজত বলভদ্ৰৰ তালধ্বজ ৰথখনে বিয়লি ৪.০৮ বজাত যাত্ৰা আৰম্ভ কৰে। সেই সময়তে হেঁচা-ঠেলাত ৫৮১জন লোক আহত হয়। তাৰ পাছত যাত্রা আৰম্ভ হয় সুভদ্ৰাৰ 'দৰ্পদলন' ৰথৰ। একেবাৰে শেষত যাত্ৰা আৰম্ভ হয় জগন্নাথৰ 'নন্দীঘোষ' ৰথৰ। ভক্তসকলে মন্দিৰ মহানগৰী পুৰীৰ গ্রেণ্ড ৰ'ডেদি ৰথখন টানি নিওঁতে পুৰোহিতসকলে ৰথত প্রতিমাক আগুৰি থাকে। পুৰীৰ ৰজা (নাম নিমিত্ত) গজপতি মহাৰাজ দিব্যাসিংহ দেৱে তিনিখন ৰথত 'ছেৰা পেহৰা' (ৰথত ঝাৰু দিয়া) কার্য সমাপ্ত কৰাৰ পাছত ৰথ টনা কাৰ্য আৰম্ভ হয়। ভক্তসকলে ৰথকেইখন টনাৰ আগতে বিভিন্ন ৰঙৰ কাঠৰ ঘোঁৰাবোৰ ৰথবোৰত সংযোগ কৰা হয়। ইয়াৰ আগতে শুকুৰবাৰে পুৱা ১০-৩০ বজাত আনুষ্ঠানিক 'পহাণ্ডী' অনুষ্ঠান আৰম্ভ হয়।
'পহাণ্ডী'ৰ সময়ত দ্বাদশ শতিকাৰ জগন্নাথ মন্দিৰৰ পৰা বলভদ্র, সুভদ্রা আৰু জগন্নাথৰ কাঠৰ প্ৰতিমাক ৰথলৈ নিয়া হয়। উক্ত প্রতিমাৰ আগত ৰাজ্যখনৰ বিভিন্ন অংশৰ পৰা অহা ওডিচী নৃত্য শিল্পী, লোক-শিল্পী, সংগীত পৰিৱেশক আৰু আন দলবোৰে নিজ নিজ কলা প্রদর্শন কৰে। ৰথত প্রতিমা স্থাপনৰ পাছত গোৱৰ্ধন পীঠৰ শংকৰাচাৰ্য, স্বামী নিশ্চলানন্দ সৰস্বতীয়ে নিৰ্বাচিত শিষ্যৰ সৈতে তিনিটা প্রতিমা দর্শন কৰে। উল্লেখযোগ্য যে কেন্দ্রীয় মন্ত্রীদ্বয় ধর্মেন্দ্র প্রধান, গজেন্দ্র সিং, পুৰীৰ সাংসদ সম্বিত পাত্র, ওড়িশাৰ মন্ত্ৰীসকলকে ধৰি বহু বিশিষ্ট লোকে পহাণ্ডী অনুষ্ঠান দৰ্শন কৰে। এই উৎসৱৰ নিৰাপত্তা ব্যৱস্থাত ওড়িশা আৰক্ষী, কেন্দ্ৰীয় সশস্ত্র আৰক্ষী বাহিনী, এন এছ জি আদিৰ ১০,০০০ জোৱান মোতায়েন কৰা হৈছে। উল্লেখযোগ্য যে ৰথযাত্ৰাৰে আৰম্ভ হোৱা এই ৰথযাত্রা উৎসৱ ৫ জুলাইত নীলাদ্রি বিজয়েৰে অন্ত পৰিব।
উৎসঃ দৈনিক জনমভূমি