--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই বিদ্যালয়ত হিন্দু আৰু মুছলমান শিশুৰ বাবে সুকীয়া ৰান্ধনীৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰা হৈছিল। এজন ৰান্ধনীয়ে হিন্দু শিশুৰ বাবে আৰু আন এজনে মুছলমান শিশুৰ বাবে খাদ্য প্ৰস্তুত কৰিছিল

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ পূব বৰ্ধমান জিলাৰ নদনঘাট অঞ্চলত অৱস্থিত কিশোৰীগঞ্জ মনমোহনপুৰ প্ৰাথমিক বিদ্যালয়ত বছৰ বছৰ ধৰি চলি আছিল এক চাঞ্চল্যকৰ পৰম্পৰা।


এই বিদ্যালয়ত হিন্দু আৰু মুছলমান শিশুৰ বাবে সুকীয়া ৰান্ধনীৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰা হৈছিল। এজন ৰান্ধনীয়ে হিন্দু শিশুৰ বাবে আৰু আন এজনে মুছলমান শিশুৰ বাবে খাদ্য প্ৰস্তুত কৰিছিল। আনকি বাচন-বৰ্তন, চৌকা আৰু পাকঘৰো পৃথক আছিল। ল’ৰা-ছোৱালীয়ে আগতে একেখন বেঞ্চতে বহি পঢ়া-শুনা কৰিছিল যদিও খাদ্য খোৱাৰ সময়ত ধৰ্মৰ ভিত্তিত বিভাজন হৈছিল।


বিদ্যালয়খনৰ প্ৰধান শিক্ষকে কয় যে তেওঁ নিজেই এই বৈষম্যৰ বিৰোধী যদিও বছৰ বছৰ ধৰি চলি থকা এই ব্যৱস্থাটো সলনি কৰিবলৈ অকল তেওঁৱেই সক্ষম হোৱা নাছিল। সংবাদ মাধ্যমত এই খবৰ ওলোৱাৰ পাছত এই বিষয়টোৱে সমগ্ৰ ৰাজ্যত আলোড়নৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছত বিদ্যালয় প্ৰশাসনে লগে লগে অভিভাৱক সভা আহ্বান কৰে।


সভাত অভিভাৱক, শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে একেলগে সিদ্ধান্ত লয় যে এতিয়া ধৰ্মৰ ভিত্তিত খাদ্য ৰন্ধা নহ'ব। ল’ৰা-ছোৱালীক একেলগে মধ্যাহ্ন ভোজন দিয়া হ’ব, একেটা পাকঘৰৰ পৰাই প্ৰস্তুত কৰা হ’ব। প্ৰধান শিক্ষকৰ উদ্যোগত এই পৰিৱৰ্তন সম্ভৱ হৈছিল। উল্লেখ্য যে ২০০০ চনৰ পৰাই এই ব্যৱস্থা চলি আহিছে।


এই ব্যৱস্থা বছৰ বছৰ ধৰি চলি আহিছে


এতিয়া ধৰ্মীয় বৈষম্যৰ পৰিৱৰ্তে এই বিদ্যালয়ত একতাৰ নিদৰ্শন দেখা যাব। এই সিদ্ধান্তই শিশুসকলক ভাল খাদ্য যোগান ধৰাই নহয় ঐক্য আৰু সমতাৰ পাঠো শিকাব। উল্লেখযোগ্য যে, এই বিদ্যালয়ত প্ৰায় ৭২ জন ছাত্ৰ-ছাত্ৰী আছে। ইয়াৰে ২৯ জন মুছলমান আৰু ৪৩ জন হিন্দু। বিষয়টো পোহৰলৈ অহাৰ পিছত প্ৰশাসনে তদন্তৰ নিৰ্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ