--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই বিদ্যালয়ত হিন্দু আৰু মুছলমান শিশুৰ বাবে সুকীয়া ৰান্ধনীৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰা হৈছিল। এজন ৰান্ধনীয়ে হিন্দু শিশুৰ বাবে আৰু আন এজনে মুছলমান শিশুৰ বাবে খাদ্য প্ৰস্তুত কৰিছিল

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ পূব বৰ্ধমান জিলাৰ নদনঘাট অঞ্চলত অৱস্থিত কিশোৰীগঞ্জ মনমোহনপুৰ প্ৰাথমিক বিদ্যালয়ত বছৰ বছৰ ধৰি চলি আছিল এক চাঞ্চল্যকৰ পৰম্পৰা।


এই বিদ্যালয়ত হিন্দু আৰু মুছলমান শিশুৰ বাবে সুকীয়া ৰান্ধনীৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰা হৈছিল। এজন ৰান্ধনীয়ে হিন্দু শিশুৰ বাবে আৰু আন এজনে মুছলমান শিশুৰ বাবে খাদ্য প্ৰস্তুত কৰিছিল। আনকি বাচন-বৰ্তন, চৌকা আৰু পাকঘৰো পৃথক আছিল। ল’ৰা-ছোৱালীয়ে আগতে একেখন বেঞ্চতে বহি পঢ়া-শুনা কৰিছিল যদিও খাদ্য খোৱাৰ সময়ত ধৰ্মৰ ভিত্তিত বিভাজন হৈছিল।


বিদ্যালয়খনৰ প্ৰধান শিক্ষকে কয় যে তেওঁ নিজেই এই বৈষম্যৰ বিৰোধী যদিও বছৰ বছৰ ধৰি চলি থকা এই ব্যৱস্থাটো সলনি কৰিবলৈ অকল তেওঁৱেই সক্ষম হোৱা নাছিল। সংবাদ মাধ্যমত এই খবৰ ওলোৱাৰ পাছত এই বিষয়টোৱে সমগ্ৰ ৰাজ্যত আলোড়নৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছত বিদ্যালয় প্ৰশাসনে লগে লগে অভিভাৱক সভা আহ্বান কৰে।


সভাত অভিভাৱক, শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে একেলগে সিদ্ধান্ত লয় যে এতিয়া ধৰ্মৰ ভিত্তিত খাদ্য ৰন্ধা নহ'ব। ল’ৰা-ছোৱালীক একেলগে মধ্যাহ্ন ভোজন দিয়া হ’ব, একেটা পাকঘৰৰ পৰাই প্ৰস্তুত কৰা হ’ব। প্ৰধান শিক্ষকৰ উদ্যোগত এই পৰিৱৰ্তন সম্ভৱ হৈছিল। উল্লেখ্য যে ২০০০ চনৰ পৰাই এই ব্যৱস্থা চলি আহিছে।


এই ব্যৱস্থা বছৰ বছৰ ধৰি চলি আহিছে


এতিয়া ধৰ্মীয় বৈষম্যৰ পৰিৱৰ্তে এই বিদ্যালয়ত একতাৰ নিদৰ্শন দেখা যাব। এই সিদ্ধান্তই শিশুসকলক ভাল খাদ্য যোগান ধৰাই নহয় ঐক্য আৰু সমতাৰ পাঠো শিকাব। উল্লেখযোগ্য যে, এই বিদ্যালয়ত প্ৰায় ৭২ জন ছাত্ৰ-ছাত্ৰী আছে। ইয়াৰে ২৯ জন মুছলমান আৰু ৪৩ জন হিন্দু। বিষয়টো পোহৰলৈ অহাৰ পিছত প্ৰশাসনে তদন্তৰ নিৰ্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক