--°C
Loading...
Listen to Article
2 min read
80%

আহমেদাবাদ : ছবছৰীয়া কাৰ্যকালতে পূৰ্বৰ চৰকাৰৰ কুৰি বছৰৰ সমান উন্নয়ন সাধিছে নৰেন্দ্ৰ মোদী চৰকাৰে। এই দাবী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। গুজৰাটৰ এটা অনুষ্ঠানত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰি শ্বাহে কয় যে, বিগত ছবছৰত চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ দিশত কৰা কাম-কাজ পূৰ্বৰ চৰকাৰৰ কুৰি বছৰৰ কামৰ সমান।

আৰু পঢ়িব পাৰিব : অসমৰ ভূমিত মেঘালয়ৰ অবৈধ টোলগে’ট স্থাপন

তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ভালেমান উন্নয়নমূলক কামৰ খতিয়ানো দাঙি ধৰে। গুজৰাটত এখন ফ’ৰলেন অ’ভাৰব্ৰীজ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী নীতিন পেটেলে এই উৰণীয়া সেতু মুকলি কৰে। অনু্ষ্ঠানত দেশৰ অৰ্থনীতিয়ে ক’ভিডসৃষ্ট প্ৰত্যাহ্বানক জয় কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে। তেওঁ কয়, ভাৰতৰ অৰ্থনীতি এতিয়া ‘ভি শ্বেপড ৰিক’ভাৰী’ দিশে অগ্ৰসৰ হৈছে আৰু সমগ্ৰ বিশ্বই এই পুনৰুত্থান বিস্ময়েৰে লক্ষ্য কৰিছে।

আৰু পঢ়িব পাৰিব : ট্ৰাম্পৰ নীতি সলনিৰ বাবে সাজু বাইডেন, ইছলামিক দেশলৈকো সকাহ!

তেওঁ কয় যে, দেশত ক’ভিড-১৯ৰ টিকাকৰণ অভিযান চলি আছে আৰু যিদিনাই দেশৰ সকলো লোককে প্ৰতিষেধক প্ৰদানত সফলতা লাভ কৰিম আৰু তেতিয়াই ক’ভিড মহামাৰীৰ বিৰুদ্ধে আমি বিজয় সাব্যস্ত কৰিব পাৰিম। অনু্ষ্ঠানত ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰী শ্বাহে কয়, ‘বিশ্বৰ সকলো দেশৰে অৰ্থনীতি কৰ’না ভাইৰাছৰ বাবে প্ৰভাৱিত হৈছে। কিন্তু সমগ্ৰ বিশ্বই ভাৰতৰ অৰ্থনীতিৰ ভি শ্বেপড ৰিক’ভাৰী দেখি বিস্মিত হৈছে আৰু ইয়াক লক্ষ্য কৰি আছে।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ