--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ বৰ্ষৰ আৰম্ভণি হৈছিল একাদশীৰ দিনটোৰ পৰা। একে সময়তে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভৰ বাবে এক বৃহৎ সংযোগ গঠন হৈছে। পৌশ পূৰ্ণিমা ৬ জানুৱাৰীত পৰিছে আৰু এই দিনটোও শুকুৰবাৰ। শুকুৰবাৰৰ দিনটো ধনৰ দেৱী লক্ষ্মীৰ নামত উৎসৰ্গা কৰা হয়। এই দিনটোত লক্ষ্মীজীৰ আশীৰ্বাদ লাভৰ দুগুণ সুযোগ পোৱা যাব। পূৰ্ণিমাৰ দিনা গঠন হোৱা এনে সংযোগত দেৱী লক্ষ্মী অতি সোনকালে সন্তুষ্ট হ'ব। আহক আমি দেৱী লক্ষ্মীক সন্তুষ্ট কৰি কেনেদৰে আশীৰ্বাদ লভিব পাৰি তাৰ প্ৰতিকাৰ জানি লওঁ।

যদি আপুনি মা লক্ষ্মীৰ আশীৰ্বাদ লৈ বহুত টকা পাব বিচাৰে তেন্তে ২০২৩ চনৰ ৬ জানুৱাৰী অৰ্থাৎ শুকুৰবাৰে পূৰ্ণিমাৰ দিনা জ্যোতিষ আৰু বাস্তু শাস্ত্ৰত উল্লেখ কৰা এইবোৰ ব্যৱস্থা গ্ৰহণ কৰক।

- পৌশ পূৰ্ণিমাৰ মাজনিশা ঘিউৰ দীপ জ্বলাই লক্ষ্মী স্তোত্ৰ আবৃত্তি কৰক। ইয়াৰ দ্বাৰা ধন-সম্পত্তি আহে বুলি বিশ্বাস কৰা হয়। যদি আপুনি মাজনিশা এই কাম কৰিব নোৱাৰে তেন্তে ৰাতি ১০ বজাৰ ভিতৰত এই কাম কৰিব পাৰে। 

- মা লক্ষ্মীৰ অৱতাৰ হৈছিল পূৰ্ণিমা তিথিৰ দিনটোতে, সেইবাবেই পূৰ্ণিমা মা লক্ষ্মীৰ অতি প্ৰিয়। এই দিনটোত লক্ষ্মী দেৱীক পূজা কৰি ক্ষীৰ অৰ্পণ কৰি তাৰপাছত ৭ গৰাকী কন্যাৰ মাজত বিতৰণ কৰিব। আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধি বাঢ়িব।

- যিসকল লোকৰ বিবাহ পলম বা বাধাৰ সৃষ্টি হৈছে, তেওঁলোকে পৌশ পূৰ্ণিমাৰ দিনা ৭ পাহ শেৱালি ফুল কমলা ৰঙৰ কাপোৰত বান্ধি মাতা লক্ষ্মীক আগবঢ়াওক। সোনকালে বিয়া হব।

- টকা পোৱাৰ এটা ফলপ্ৰসূ উপায় হ'ল পৌশ পূৰ্ণিমাৰ দিনা ১১ টা কড়িত হালধি লগাই মা লক্ষ্মীৰ চৰণত আগবঢ়াওক। তাৰপাছত পিছদিনা ৰঙা কাপোৰ এখনত বান্ধি ধন-সম্পত্তিৰ স্থানত ৰাখক। প্ৰতি পূৰ্ণিমাৰ দিনা এই কড়িবোৰক পূজা কৰক। আপোনাৰ ঘৰত টকাৰ আগমন দ্ৰুত হ’ব।

- পূৰ্ণিমাৰ দিনত আঁহত গছৰ গুৰিত পানী ঢালক। মিঠাইৰ ভোগ দিব দেৱী লক্ষ্মীক। ইয়াৰ দ্বাৰা ধন-সম্পত্তি আহিব আৰু বিবাহিত জীৱনত মধুৰতা আহিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু