--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ বৰ্ষৰ আৰম্ভণি হৈছিল একাদশীৰ দিনটোৰ পৰা। একে সময়তে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভৰ বাবে এক বৃহৎ সংযোগ গঠন হৈছে। পৌশ পূৰ্ণিমা ৬ জানুৱাৰীত পৰিছে আৰু এই দিনটোও শুকুৰবাৰ। শুকুৰবাৰৰ দিনটো ধনৰ দেৱী লক্ষ্মীৰ নামত উৎসৰ্গা কৰা হয়। এই দিনটোত লক্ষ্মীজীৰ আশীৰ্বাদ লাভৰ দুগুণ সুযোগ পোৱা যাব। পূৰ্ণিমাৰ দিনা গঠন হোৱা এনে সংযোগত দেৱী লক্ষ্মী অতি সোনকালে সন্তুষ্ট হ'ব। আহক আমি দেৱী লক্ষ্মীক সন্তুষ্ট কৰি কেনেদৰে আশীৰ্বাদ লভিব পাৰি তাৰ প্ৰতিকাৰ জানি লওঁ।

যদি আপুনি মা লক্ষ্মীৰ আশীৰ্বাদ লৈ বহুত টকা পাব বিচাৰে তেন্তে ২০২৩ চনৰ ৬ জানুৱাৰী অৰ্থাৎ শুকুৰবাৰে পূৰ্ণিমাৰ দিনা জ্যোতিষ আৰু বাস্তু শাস্ত্ৰত উল্লেখ কৰা এইবোৰ ব্যৱস্থা গ্ৰহণ কৰক।

- পৌশ পূৰ্ণিমাৰ মাজনিশা ঘিউৰ দীপ জ্বলাই লক্ষ্মী স্তোত্ৰ আবৃত্তি কৰক। ইয়াৰ দ্বাৰা ধন-সম্পত্তি আহে বুলি বিশ্বাস কৰা হয়। যদি আপুনি মাজনিশা এই কাম কৰিব নোৱাৰে তেন্তে ৰাতি ১০ বজাৰ ভিতৰত এই কাম কৰিব পাৰে। 

- মা লক্ষ্মীৰ অৱতাৰ হৈছিল পূৰ্ণিমা তিথিৰ দিনটোতে, সেইবাবেই পূৰ্ণিমা মা লক্ষ্মীৰ অতি প্ৰিয়। এই দিনটোত লক্ষ্মী দেৱীক পূজা কৰি ক্ষীৰ অৰ্পণ কৰি তাৰপাছত ৭ গৰাকী কন্যাৰ মাজত বিতৰণ কৰিব। আপোনাৰ ঘৰত সুখ আৰু সমৃদ্ধি বাঢ়িব।

- যিসকল লোকৰ বিবাহ পলম বা বাধাৰ সৃষ্টি হৈছে, তেওঁলোকে পৌশ পূৰ্ণিমাৰ দিনা ৭ পাহ শেৱালি ফুল কমলা ৰঙৰ কাপোৰত বান্ধি মাতা লক্ষ্মীক আগবঢ়াওক। সোনকালে বিয়া হব।

- টকা পোৱাৰ এটা ফলপ্ৰসূ উপায় হ'ল পৌশ পূৰ্ণিমাৰ দিনা ১১ টা কড়িত হালধি লগাই মা লক্ষ্মীৰ চৰণত আগবঢ়াওক। তাৰপাছত পিছদিনা ৰঙা কাপোৰ এখনত বান্ধি ধন-সম্পত্তিৰ স্থানত ৰাখক। প্ৰতি পূৰ্ণিমাৰ দিনা এই কড়িবোৰক পূজা কৰক। আপোনাৰ ঘৰত টকাৰ আগমন দ্ৰুত হ’ব।

- পূৰ্ণিমাৰ দিনত আঁহত গছৰ গুৰিত পানী ঢালক। মিঠাইৰ ভোগ দিব দেৱী লক্ষ্মীক। ইয়াৰ দ্বাৰা ধন-সম্পত্তি আহিব আৰু বিবাহিত জীৱনত মধুৰতা আহিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক