--°C
Loading...
Listen to Article
2 min read
80%

জেৰুজালেমঃ অপ-শক্তি দমনৰ উদ্দেশ্যে নাৰীবাদী শক্তিয়ে মুৰদাঙি উঠিছে ইজৰাইলত। জেৰুজালেমৰ পৱিত্ৰ মছজিদ ‘আল-আকছা’ত উগ্ৰবাদী ইহুদী আগ্ৰাসনৰ প্ৰতিবাদ কৰিবলৈ গৈ ইজৰাইল সামৰিক বাহিনীৰ হাতত গ্ৰেপ্তাৰ হৈছে ফিলিস্তাইনৰ এগৰাকী সাহসী নাৰী। ইজৰাইল সামৰিক বাহিনীৰ অনুসন্ধানত ৬০বাৰ গ্ৰেপ্তাৰ হোৱাৰ পাছতো অপ্ৰতিৰোধ্য এগৰাকী নাৰী। তেওঁ হৈছে হানাদি হালায়ানি।


কট্টৰপন্থী তথা বৰ্ণবাদী ইহুদীৰ হাতৰ পৰা পৱিত্ৰ ‘আল-আকছা’ক ৰক্ষাৰ বাবে ফিলিস্তাইনত নাৰীসকলৰ দ্বাৰা গঠিত সংগঠন ‘মুৰাবিতা’ক নেতৃত্ব দিছে এইগৰাকী অদম্য নাৰীয়ে। ইজৰাইল প্ৰশাসনৰ দৃষ্টিত প্ৰত্যাহ্বান হৈ ঠিয় দিছে তেওঁ। ইজৰাইল প্ৰশাসনৰ তালিকাত সবাতোকৈ ভয়ংকৰ ফিলিস্তাইনী নাৰী হিচাপে চিহ্নিত কৰা হৈছে হানাদি হালায়ানিক। বাৰম্বাৰ গ্ৰেপ্তাৰ তথা নিৰ্যাতনৰ পাছতো কণ্ঠৰোধ কৰিব পৰা নাই হানাদিৰ। কাৰাগাৰৰ পৰা মুক্তিলাভৰ পাছতে ‘আল-আকছা’ৰ মুকুতিৰ বাবে আন্দোলনত জপিয়াই পৰে হানাদি।

তেওঁৰ সৈতে ‘মুকাবিতা’ সংগঠনৰ আন এগৰাকী সদস্য খাদিজা খুইজেও ‘আল-আকছা’ৰ মুকুতিৰ নামত ২৮বাৰ কাৰাবন্দিত্বক গ্ৰহণ কৰিবলগীয়া হৈছে। গ্ৰেপ্তাৰৰ পাছতে অমানুষিক নিৰ্যাতনৰ অভিযোগ ইজৰাইল সেনাবাহিনীৰ বিৰুদ্ধে। ইজৰাইল সেনাবাহিনীয়ে অতি সন্তপৰ্ণে যেতিয়া-তেতিয়াই জোটা পিন্ধি, তথা অস্ত্ৰসহ পৱিত্ৰ ‘আল-আকছা’ত প্ৰৱেশৰ বাবে নাৰীবিদ্ৰোহৰ সূত্ৰপাত হোৱা দেখা গৈছে। বিক্ষোভৰ জুইকুৰা ক্ৰমাত দপদপাই জ্বলি উঠিছে। পুৰুষৰ সমান্তৰালকৈ নাৰীবাদী শক্তিয়েও মূৰ দাঙি উঠিছে জেৰুজালেমত। ইজৰাইল প্ৰশাসনৰ এই বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে সৰব নাৰীসকলে মুক্তিপণৰ উদ্দেশ্যে ওলাই আহিছে। পৰৱৰ্তী সময়ত এই গণবিক্ষোভে কি ৰূপ লয় সেয়াহে লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু