--°C
Loading...
Listen to Article
2 min read
80%

জেৰুজালেমঃ অপ-শক্তি দমনৰ উদ্দেশ্যে নাৰীবাদী শক্তিয়ে মুৰদাঙি উঠিছে ইজৰাইলত। জেৰুজালেমৰ পৱিত্ৰ মছজিদ ‘আল-আকছা’ত উগ্ৰবাদী ইহুদী আগ্ৰাসনৰ প্ৰতিবাদ কৰিবলৈ গৈ ইজৰাইল সামৰিক বাহিনীৰ হাতত গ্ৰেপ্তাৰ হৈছে ফিলিস্তাইনৰ এগৰাকী সাহসী নাৰী। ইজৰাইল সামৰিক বাহিনীৰ অনুসন্ধানত ৬০বাৰ গ্ৰেপ্তাৰ হোৱাৰ পাছতো অপ্ৰতিৰোধ্য এগৰাকী নাৰী। তেওঁ হৈছে হানাদি হালায়ানি।


কট্টৰপন্থী তথা বৰ্ণবাদী ইহুদীৰ হাতৰ পৰা পৱিত্ৰ ‘আল-আকছা’ক ৰক্ষাৰ বাবে ফিলিস্তাইনত নাৰীসকলৰ দ্বাৰা গঠিত সংগঠন ‘মুৰাবিতা’ক নেতৃত্ব দিছে এইগৰাকী অদম্য নাৰীয়ে। ইজৰাইল প্ৰশাসনৰ দৃষ্টিত প্ৰত্যাহ্বান হৈ ঠিয় দিছে তেওঁ। ইজৰাইল প্ৰশাসনৰ তালিকাত সবাতোকৈ ভয়ংকৰ ফিলিস্তাইনী নাৰী হিচাপে চিহ্নিত কৰা হৈছে হানাদি হালায়ানিক। বাৰম্বাৰ গ্ৰেপ্তাৰ তথা নিৰ্যাতনৰ পাছতো কণ্ঠৰোধ কৰিব পৰা নাই হানাদিৰ। কাৰাগাৰৰ পৰা মুক্তিলাভৰ পাছতে ‘আল-আকছা’ৰ মুকুতিৰ বাবে আন্দোলনত জপিয়াই পৰে হানাদি।

তেওঁৰ সৈতে ‘মুকাবিতা’ সংগঠনৰ আন এগৰাকী সদস্য খাদিজা খুইজেও ‘আল-আকছা’ৰ মুকুতিৰ নামত ২৮বাৰ কাৰাবন্দিত্বক গ্ৰহণ কৰিবলগীয়া হৈছে। গ্ৰেপ্তাৰৰ পাছতে অমানুষিক নিৰ্যাতনৰ অভিযোগ ইজৰাইল সেনাবাহিনীৰ বিৰুদ্ধে। ইজৰাইল সেনাবাহিনীয়ে অতি সন্তপৰ্ণে যেতিয়া-তেতিয়াই জোটা পিন্ধি, তথা অস্ত্ৰসহ পৱিত্ৰ ‘আল-আকছা’ত প্ৰৱেশৰ বাবে নাৰীবিদ্ৰোহৰ সূত্ৰপাত হোৱা দেখা গৈছে। বিক্ষোভৰ জুইকুৰা ক্ৰমাত দপদপাই জ্বলি উঠিছে। পুৰুষৰ সমান্তৰালকৈ নাৰীবাদী শক্তিয়েও মূৰ দাঙি উঠিছে জেৰুজালেমত। ইজৰাইল প্ৰশাসনৰ এই বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে সৰব নাৰীসকলে মুক্তিপণৰ উদ্দেশ্যে ওলাই আহিছে। পৰৱৰ্তী সময়ত এই গণবিক্ষোভে কি ৰূপ লয় সেয়াহে লক্ষ্যণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ