--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ছিৰাম ইনষ্টিটিউৰ মুখ্য কাৰ্যবাহী বিষয়া অদৰ পুনাৱালাই দিছে এক সুখবৰ। কোভিশ্বিল্ড প্ৰতিষেধক সম্পৰ্কীয় এই সুখবৰ লৈ আহিছে দেশৰ অগ্ৰণী ফাৰ্মা কোম্পানীৰ মুৰব্বীগৰাকীয়ে। তেওঁ প্ৰকাশ কৰিছে যে, কোভিশ্বিল্ডৰ ভাৰতীয় সংস্কৰণক অনুমোদন জনাইছে ১৬খনকৈ ইউৰোপীয় দেশে। অক্সফোৰ্ড এষ্ট্ৰাজেনেকাৰ এই প্ৰতিষেধকৰ দুয়োপালি গ্ৰহণ কৰা ভ্ৰমণকাৰীয়ে এতিয়াৰ পৰা দেশকেইখনত প্ৰৱেশ কৰিব পাৰিব। অৱশ্যে বিদেশ ভ্ৰমণৰ বাবে যিবোৰ নীতি বলৱত হৈ আছে সেইবোৰ মানিব লাগিব ভ্ৰমণকাৰীয়ে।

পুনাৱালাই আজি টুইটযোগে সদৰি কৰে যে, এয়া স্বৰূপাৰ্থতে এক সুখবৰ। ১৬খনকৈ ইউৰোপীয় দেশে কোভিশ্বিল্ডক অনুমোদন দিছে আৰু কোভিশ্বিল্ড গ্ৰহণ কৰা ভ্ৰমণকাৰীৰ দেশকেইখনত প্ৰৱেশৰ অনুমতি দিয়া হৈছে। ভালেমান ইউৰোপীয় দেশে কোভিশ্বিল্ডক অনুমোদিত প্ৰতিষেধৰ ৰূপত মানিবলৈ অস্বীকাৰ কৰি আহিছিল যদিও ভালেমান বিচাৰ বিশ্লেষণৰ পাছত শেহতীয়া এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়া অষ্ট্ৰিয়া, বেলিজিয়ান, ফিনলেণ্ড, জাৰ্মানী, গ্ৰীচ, হাংগেৰী, আইচলেণ্ড, আয়াৰলেণ্ড, লাটভিয়া, নেডাৰলেণ্ডছ, শ্লোভেনিয়া, স্পেইন, ছুইডেন, ছুইজাৰলেণ্ড আৰু ফ্ৰান্সেও এই প্ৰতিষেধকক মান্যতা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰবাসলৈ যাব বিচৰা ভাৰতীয়সকলৰ বাবে এযা সুখবৰ হিচাপে চিহ্নিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু