--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : ছিৰাম ইনষ্টিটিউৰ মুখ্য কাৰ্যবাহী বিষয়া অদৰ পুনাৱালাই দিছে এক সুখবৰ। কোভিশ্বিল্ড প্ৰতিষেধক সম্পৰ্কীয় এই সুখবৰ লৈ আহিছে দেশৰ অগ্ৰণী ফাৰ্মা কোম্পানীৰ মুৰব্বীগৰাকীয়ে। তেওঁ প্ৰকাশ কৰিছে যে, কোভিশ্বিল্ডৰ ভাৰতীয় সংস্কৰণক অনুমোদন জনাইছে ১৬খনকৈ ইউৰোপীয় দেশে। অক্সফোৰ্ড এষ্ট্ৰাজেনেকাৰ এই প্ৰতিষেধকৰ দুয়োপালি গ্ৰহণ কৰা ভ্ৰমণকাৰীয়ে এতিয়াৰ পৰা দেশকেইখনত প্ৰৱেশ কৰিব পাৰিব। অৱশ্যে বিদেশ ভ্ৰমণৰ বাবে যিবোৰ নীতি বলৱত হৈ আছে সেইবোৰ মানিব লাগিব ভ্ৰমণকাৰীয়ে।

পুনাৱালাই আজি টুইটযোগে সদৰি কৰে যে, এয়া স্বৰূপাৰ্থতে এক সুখবৰ। ১৬খনকৈ ইউৰোপীয় দেশে কোভিশ্বিল্ডক অনুমোদন দিছে আৰু কোভিশ্বিল্ড গ্ৰহণ কৰা ভ্ৰমণকাৰীৰ দেশকেইখনত প্ৰৱেশৰ অনুমতি দিয়া হৈছে। ভালেমান ইউৰোপীয় দেশে কোভিশ্বিল্ডক অনুমোদিত প্ৰতিষেধৰ ৰূপত মানিবলৈ অস্বীকাৰ কৰি আহিছিল যদিও ভালেমান বিচাৰ বিশ্লেষণৰ পাছত শেহতীয়া এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়া অষ্ট্ৰিয়া, বেলিজিয়ান, ফিনলেণ্ড, জাৰ্মানী, গ্ৰীচ, হাংগেৰী, আইচলেণ্ড, আয়াৰলেণ্ড, লাটভিয়া, নেডাৰলেণ্ডছ, শ্লোভেনিয়া, স্পেইন, ছুইডেন, ছুইজাৰলেণ্ড আৰু ফ্ৰান্সেও এই প্ৰতিষেধকক মান্যতা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰবাসলৈ যাব বিচৰা ভাৰতীয়সকলৰ বাবে এযা সুখবৰ হিচাপে চিহ্নিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ