--°C
Loading...
Listen to Article
2 min read
80%

আমেৰিকাঃ সামাজিক মাধ্যমযোগে কৰ’না সংক্ৰান্তত ভুল বাৰ্তা প্ৰচাৰৰ বাবে মানুহ মৃত্যুৰ মুখত পৰিছে বুলি অভিযোগ মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ। আন্তঃৰাষ্ট্ৰীয় সংবাদগোষ্ঠী ‘বিবিচি’-এ সদৰী কৰা মতে, এগৰাকী সাংবাদিকে ফেচবুকত কৰ’না সংক্ৰমণ আৰু ক’ভিড প্ৰতিষেধক সম্পৰ্কে ভুল তথ্য প্ৰচাৰ কৰিছিল। বিষয়টোক কেন্দ্ৰ কৰি সম্প্ৰতি ক্ষুব্ধ হৈ পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি। সামাজিক মাধ্যমত প্ৰচাৰিত ভুল তথ্যই মানুহক বিভ্ৰান্ত কৰি তোলাৰ অভিযোগ জ’ বাইডেনৰ।

এনে অপ-প্ৰচাৰকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো সকীয়নি প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ সদৰী কৰে যে, ‘ভুল তথ্য প্ৰচাৰৰ বাবে মানুহৰ মৃত্যু হৈছে। কৰ’নাক্ৰান্ত মৃতকৰ অধিকাংশ ব্যক্তিয়ে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা নাই। ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰাসকলৰ বাবেই আমি এই মহামাৰী সমূলি নিৰ্মূল কৰিব পৰা নাই।’ জনস্বাস্থ্যৰ পৰিপন্থী ভুল তথ্যৰ প্ৰচাৰ এক আক্ৰমণাত্মক পদক্ষেপ বুলিও মন্তব্য কৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।
আনহাতে, ক’ভিড প্ৰতিষেধক গ্ৰহণ নকৰাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত মৃতকৰ সংখ্যা আৰু কৰ’না সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পোৱা বুলিও প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ