--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেমত পৰিল আমিৰ খান। দুগৰাকী পত্নীক বিবাহ বিচ্ছেদ দিয়াৰ পাছত পুনৰ প্ৰেমৰ ৰঙেৰে ৰঙীন হৈছে আমিৰ। 

নিজৰ ৬০ বছৰীয়া জন্মদিনত সকলোৰে আগত নতুন প্ৰেমিকাক চিনাকি কৰাই দিলে আমিৰ খানে। তেওঁ নিজে কয় যে তেওঁ পুনৰ প্ৰেমত পৰিছে। আমিৰ খানৰ নতুন প্ৰেমিকাৰ নাম গৌৰী স্প্ৰাট। যাক প্ৰায় ২৫ বছৰ ধৰি চিনি পাই আমিৰে। আমিৰ খানৰ এই প্ৰকাশে সংবাদ মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে।

দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই আমিৰ খানে গৌৰীৰ সৈতে সম্পৰ্কত থকা বুলি নিজ মুখে স্বীকাৰ কৰিছে। আমিৰ খানে ৬০ বছৰীয়া জন্মদিনত এনে এটা ছাৰপ্ৰাইজ দিব বুলি কোনেও কল্পনা কৰা নাছিল। মুম্বাইত আয়োজিত এক অনুষ্ঠানত আমিৰ খানে প্ৰেমিকা গৌৰীৰ সৈতে চিনাকি কৰাই দি সকলোকে আচৰিত কৰি তুলিলে। আমিৰ আৰু গৌৰীয়ে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি তেওঁলোকে একেলগে কৰা নিজৰ এই যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰে।

আমিৰে কয় যে দুয়ো ২৫ বছৰ আগতে লগ হৈছিল কিন্তু পাছত তেওঁলোকৰ মাজৰ যোগাযোগ হেৰাই গৈছিল। কিন্তু কিছুদিনৰ আগতে তেওঁলোকৰ মাজত পুনৰ সংযোগ ঘটিল। আমিৰে যোৱা ১৮ মাহ ধৰি গৌৰীৰ সৈতে একেলগে থকাৰ কথা ক'লে আৰু ধেমালিতে ক'লে যে - চাওক, মই এই কথা আপোনালোকক গম দিয়া নাছিলো। আমি এতিয়া ইজনে সিজনৰ জীৱনসংগী হৈ পৰিছোঁ। আমি ইজনে সিজনক বহু গুৰুত্ব দিওঁ আৰু লগতে প্ৰতিশ্ৰুতিবদ্ধ, আমি একেলগে থকা ডেৰ বছৰ হ’ল।

খবৰ অনুসৰি গৌৰী বেংগালুৰুৰ। গৌৰীৰ ছয় বছৰীয়া পুত্ৰ সন্তানো আছে। আমিৰে কয় যে তেওঁ গৌৰীৰ পৰিয়ালৰ লোককো লগ পাইছে আৰু তেওঁলোক দুয়োৰে সম্পৰ্কত সুখী। ২০০১ চনত তেওঁৰ হিট ছবি ‘লাগান’ৰ কথা উল্লেখ কৰি আমিৰে কয়, ‘ভূৱনে অৱশেষত নিজৰ গৌৰীক বিচাৰি পালে।’


আমিৰ খানে লগতে কয় যে তেওঁ গৌৰীক তেওঁৰ পুৰণি বন্ধু শ্বাহৰুখ খান আৰু ছলমান খানৰ সৈতে মুম্বাইৰ ঘৰত চিনাকি কৰাই দিছে। 

উল্লেখ্য যে আমিৰে প্ৰথম বিবাহপাশত আবদ্ধ হৈছিল ৰীনা দত্তৰ সৈতে, প্ৰথম পত্নীৰ ফালৰ পৰা পুত্ৰ জুনাইদ আৰু কন্যা আইৰা আছে। ইয়াৰ পিছত তেওঁ কিৰণ ৰাওক বিয়া কৰায় আৰু দ্বিতীয় পত্নীৰ ফালৰ পুত্ৰ আজাদৰ জন্ম হয়।

পুনৰ বিবাহৰ কথা সোধাত আমিৰ খানে কয় যে এই বয়সত বিবাহ মোৰ বাবে উপযুক্ত হয় জানো? মই এতিয়া বিবাহৰ বিষয়ে ভবা নাই, বৰ্তমান মই এক প্ৰেমৰ সম্পৰ্কত আছোঁ আৰু পৰিয়াল আৰু সন্তানে আমাৰ সম্পৰ্ক মানি লৈছে, সেয়াই ভাললগা কথা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু