--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰেমত পৰিল আমিৰ খান। দুগৰাকী পত্নীক বিবাহ বিচ্ছেদ দিয়াৰ পাছত পুনৰ প্ৰেমৰ ৰঙেৰে ৰঙীন হৈছে আমিৰ। 

নিজৰ ৬০ বছৰীয়া জন্মদিনত সকলোৰে আগত নতুন প্ৰেমিকাক চিনাকি কৰাই দিলে আমিৰ খানে। তেওঁ নিজে কয় যে তেওঁ পুনৰ প্ৰেমত পৰিছে। আমিৰ খানৰ নতুন প্ৰেমিকাৰ নাম গৌৰী স্প্ৰাট। যাক প্ৰায় ২৫ বছৰ ধৰি চিনি পাই আমিৰে। আমিৰ খানৰ এই প্ৰকাশে সংবাদ মাধ্যমত আলোড়নৰ সৃষ্টি কৰিছে।

দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পেলাই আমিৰ খানে গৌৰীৰ সৈতে সম্পৰ্কত থকা বুলি নিজ মুখে স্বীকাৰ কৰিছে। আমিৰ খানে ৬০ বছৰীয়া জন্মদিনত এনে এটা ছাৰপ্ৰাইজ দিব বুলি কোনেও কল্পনা কৰা নাছিল। মুম্বাইত আয়োজিত এক অনুষ্ঠানত আমিৰ খানে প্ৰেমিকা গৌৰীৰ সৈতে চিনাকি কৰাই দি সকলোকে আচৰিত কৰি তুলিলে। আমিৰ আৰু গৌৰীয়ে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি তেওঁলোকে একেলগে কৰা নিজৰ এই যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰে।

আমিৰে কয় যে দুয়ো ২৫ বছৰ আগতে লগ হৈছিল কিন্তু পাছত তেওঁলোকৰ মাজৰ যোগাযোগ হেৰাই গৈছিল। কিন্তু কিছুদিনৰ আগতে তেওঁলোকৰ মাজত পুনৰ সংযোগ ঘটিল। আমিৰে যোৱা ১৮ মাহ ধৰি গৌৰীৰ সৈতে একেলগে থকাৰ কথা ক'লে আৰু ধেমালিতে ক'লে যে - চাওক, মই এই কথা আপোনালোকক গম দিয়া নাছিলো। আমি এতিয়া ইজনে সিজনৰ জীৱনসংগী হৈ পৰিছোঁ। আমি ইজনে সিজনক বহু গুৰুত্ব দিওঁ আৰু লগতে প্ৰতিশ্ৰুতিবদ্ধ, আমি একেলগে থকা ডেৰ বছৰ হ’ল।

খবৰ অনুসৰি গৌৰী বেংগালুৰুৰ। গৌৰীৰ ছয় বছৰীয়া পুত্ৰ সন্তানো আছে। আমিৰে কয় যে তেওঁ গৌৰীৰ পৰিয়ালৰ লোককো লগ পাইছে আৰু তেওঁলোক দুয়োৰে সম্পৰ্কত সুখী। ২০০১ চনত তেওঁৰ হিট ছবি ‘লাগান’ৰ কথা উল্লেখ কৰি আমিৰে কয়, ‘ভূৱনে অৱশেষত নিজৰ গৌৰীক বিচাৰি পালে।’


আমিৰ খানে লগতে কয় যে তেওঁ গৌৰীক তেওঁৰ পুৰণি বন্ধু শ্বাহৰুখ খান আৰু ছলমান খানৰ সৈতে মুম্বাইৰ ঘৰত চিনাকি কৰাই দিছে। 

উল্লেখ্য যে আমিৰে প্ৰথম বিবাহপাশত আবদ্ধ হৈছিল ৰীনা দত্তৰ সৈতে, প্ৰথম পত্নীৰ ফালৰ পৰা পুত্ৰ জুনাইদ আৰু কন্যা আইৰা আছে। ইয়াৰ পিছত তেওঁ কিৰণ ৰাওক বিয়া কৰায় আৰু দ্বিতীয় পত্নীৰ ফালৰ পুত্ৰ আজাদৰ জন্ম হয়।

পুনৰ বিবাহৰ কথা সোধাত আমিৰ খানে কয় যে এই বয়সত বিবাহ মোৰ বাবে উপযুক্ত হয় জানো? মই এতিয়া বিবাহৰ বিষয়ে ভবা নাই, বৰ্তমান মই এক প্ৰেমৰ সম্পৰ্কত আছোঁ আৰু পৰিয়াল আৰু সন্তানে আমাৰ সম্পৰ্ক মানি লৈছে, সেয়াই ভাললগা কথা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ