--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাজ্যত সংঘটিত কেলেংকাৰীত আৱদ্ধ পশ্চিমবংগ চৰকাৰ। বিদ্যালয় সেৱা আয়োগৰ অধীনত শিক্ষা বিভাগত গ্ৰুপ চি আৰু ডি নিযুক্তিৰ কেলেংকাৰীৰ সৈতে জড়িত ৰাজ্য চৰকাৰৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিছে ইডিয়ে। পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী অৰ্পিতা মুখাৰ্জীৰ ঘৰৰ পৰা ইডিৰ দলটোৱে এই পৰ্যন্ত ২১ কোটি টকা নগদ ধন উদ্ধাৰ কৰিছে। ২২ জুলাইত হোৱা গোচৰত পাৰ্থ চেটাৰ্জীক  নিশাটোৰ ভিতৰতে জেৰা কৰা হয় আৰু তাৰ পাছত ২৩ জুলাইত তেওঁ আৰু অৰ্পিতাক গ্ৰেপ্তাৰ কৰা হয়। কেৱল কেলেংকাৰীৰ সৈতে জড়িত হৈহে এই ব্যৱস্থা গ্ৰহণ কৰিছিল ইডিয়ে। এই কেলেংকাৰীৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ কৰা হৈছে। এই কেলেংকাৰীত ধনৰ লেনদেনৰ তদন্ত কৰি আছে ইডিয়ে। 

আচলতে সম্পূৰ্ণ ঘটনা মৰ্মে ৰাজ্যিক মাধ্যমিক শিক্ষা ব'ৰ্ডৰ বিভিন্ন শিক্ষক নিযুক্তি পদৰ বাবে বিদ্যালয় সেৱা আয়োগে ২০১৬ বৰ্ষত এই পৰীক্ষা অনুষ্ঠিত কৰিছিল। ২০১৭ চনৰ ২৭ নৱেম্বৰত ইয়াৰ ফলাফলো আহিছিল। ফলাফল তালিকাত ববিতা নামৰ এগৰাকী প্ৰাৰ্থীৰ নামো শীৰ্ষ ২০ ৰ ভিতৰত আছিল আৰু তেওঁ লাভ কৰিছিল ৭৭ নম্বৰ । কিন্তু পাছত আয়োগে উক্ত তালিকাখন বাতিল কৰে। ইয়াৰ পাছত দ্বিতীয়খন তালিকাত ৱেটিং লিষ্টত সোমাই পৰিল ববিতাৰ নাম । কিন্তু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৰেশ অধিকাৰীৰ কন্যাৰ নাম আহিল শীৰ্ষত। উল্লেখযোগ্য যে মন্ত্ৰী গৰাকীৰ কন্যাই ববিতাতকৈ ১৬ নম্বৰ কম অৰ্থাৎ ৬১ নম্বৰ লাভ কৰিছিল । আৰু ইয়াৰ পৰাই আৰম্ভ হয় কেলেংকাৰীৰ প্ৰসংগ।

ববিতাৰ দেউতাক উচ্চ ন্যায়ালয়ৰ কাষ চাপিল। তেওঁ দাবী কৰে যে নিযুক্তি পৰীক্ষাত বিষয়াগৰাকীৰ কন্যাতকৈ অধিক নম্বৰ লাভ কৰাৰ পাছতো তেওঁয় কন্যাক চাকৰিটো দিয়া হোৱা নাছিল। আবেদনকাৰীয়ে উল্লেখ কৰে যে তেওঁৰ কন্যাই ৭৭ নম্বৰ পোৱাৰ পাছতো  মেৰিটৰ তালিকাত তেওঁৰ কন্যাৰ নাম নাথাকিল, আনহাতে ৬১ নম্বৰতকৈ কম নম্বৰ পোৱা মন্ত্ৰীগৰাকীৰ কন্যাই তালিকাত শীৰ্ষত থাকি চাকৰি পালে।

আদালতে আৰু ন্যায়াধীশে বিষয়টো তদন্তৰ বাবে লয়।(অৱসৰপ্ৰাপ্ত) ৰঞ্জিত কুমাৰ বাগৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰা হয়। কমিটীয়ে কেলেংকাৰীৰ সৈতে জড়িত থকা বিষয়াসকলৰ বিৰুদ্ধে গোচৰ চলোৱাৰ পৰামৰ্শ দিছিল।

কেলেংকাৰীৰ লগত জড়িত বিষয়াসকলে অতি ধূৰ্ততাৰে এই কাম চলাইছিল। তদন্তত প্ৰকাশ পাইছে যে বিষয়াসকলে নিৰ্বাচিত প্ৰাৰ্থীসকলক তেওঁলোকৰ অ’এমআৰ আৰু উত্তৰ বহীৰ বাবে আৰটিআইৰ বাবে আবেদন কৰিবলৈ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন কৰিবলৈ কয়। তেওঁও একেদৰেই কৰিলে। ইয়াৰ পিছতে বিষয়াসকলে একাংশ প্ৰাৰ্থীৰ নম্বৰ বৃদ্ধি কৰি মেৰিটত ৰেংকিং কৰাৰ লগতে অ’ এম আৰ শ্বীটত হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে। লগতে তেওঁ অসফল প্ৰাৰ্থীক নিযুক্তি তালিকাত আনিবলৈ জাল মাৰ্ক কৰাৰ অভিযোগ উত্থাপন হৈছে।

শিক্ষা বিভাগৰ বিষয়াগৰাকীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰা সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় তদন্ত ব্যুৰোয়ে (চিবিআই) পাঁচজনৰ বিৰুদ্ধে এফআইআৰ(FIR) ৰুজু কৰে। এই গোচৰত চিবিআইয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰী পৰেশ অধিকাৰীক সোধা-পোছা কৰিছে।

১২ মে’ত কলিকতা উচ্চ ন্যায়ালয়লৈ দিয়া প্ৰতিবেদনত কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত ডব্লিউ বি এছ এছ চিৰ প্ৰাক্তন অধ্যক্ষসকলে অধ্যাপক সংগঠনটোৰ প্ৰাক্তন উপদেষ্টা সৌমিত্ৰ সৰকাৰ আৰু অশোক কুমাৰ সাহা, কাৰ্যসূচী বিষয়া সমৰজিত আচাৰ্য আৰু পশ্চিম বংগ মাধ্যমিক শিক্ষা ব’ৰ্ডৰ অধ্যক্ষ ড০ কল্যাণময় গাংগুলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পৰামৰ্শ দিয়া হয়।

কমিটীৰ পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি চিবিআইয়ে সৰকাৰ, সাহা, সিনহা আৰু গাংগুলীৰ বিৰুদ্ধে আইপিচিৰ ১২০-বি (ফৌজদাৰী ষড়যন্ত্ৰ) ধাৰাত গোচৰ ৰুজু কৰে। ইয়াৰ উপৰিও সিনহা আৰু আচাৰ্যৰ বিৰুদ্ধে আইপিচিৰ ৪৬৫ (জালিয়াতি), ৪১৭ (প্ৰতাৰণা), ৪৬৮ (প্ৰতাৰণা কৰাৰ উদ্দেশ্যে জালিয়াতি) আৰু ৩৪ (উমৈহতীয়া উদ্দেশ্যেৰে কেইবাজনো ব্যক্তিয়ে কৰা কাৰ্য্য) ধাৰা আৰোপ কৰে।

চিবিআইৰ লগতে ইডিয়েও তদন্ত আৰম্ভ কৰে।চিবিআইৰ উপৰিও গোচৰৰ তদন্তৰ দায়িত্ব ইডিক দিয়া হয়। মন্ত্ৰী পাৰ্থ চেটাৰ্জী পূৰ্বে ৰাজ্যৰ শিক্ষামন্ত্ৰী আছিল আৰু বৰ্তমান তেওঁ বাণিজ্যিক মন্ত্ৰী। ইতিমধ্যে ইডিয়ে তেওঁক এই গোচৰত সোধা-পোছা কৰিছে। তেওঁৰ পৰা এই গোচৰৰ সৈতে জড়িত বিভিন্ন তথ্য আৰু নথি-পত্ৰ বিচৰা হৈছিল। তদন্তকাৰীয়ে দাবী কৰিছে যে এই নিযুক্তিত কোটি কোটি টকা আত্মসাৎ কৰা হৈছে। চাকৰিটোত দুৰ্নীতি সংঘটিত হোৱাৰ ঘটনাক লৈ আৰ্থিক লেনদেন হৈছে।

ইফালে শিক্ষামন্ত্ৰী পৰেশ অধিকাৰীৰ কন্যা অংকিতা অধিকাৰীক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপে নিযুক্তি দিয়াটো অবৈধ ঘোষণা কৰিছে কলকাতা উচ্চ ন্যায়ালয়ে। আদালতে অংকিতাৰ পৰা ৪১ মাহৰ দৰমহা দুটা কিস্তিত আদায় কৰিবলৈ নিৰ্দেশ দিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু