--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুৰা বিতৰ্কই জোকাৰিছে বিজেপিক৷ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ কন্যাৰ গোৱাত থকা বাৰৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে স্মৃতি ইৰাণী আৰু বিজেপিক উভতি ধৰিছে কংগ্ৰেছে৷ কংগ্ৰেছে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক বৰ্খাস্ত কৰিবলৈ দাবী জনায়৷ কংগ্ৰেছে স্মৃতি ইৰাণীৰ কন্যাই গোৱাত অবৈধ বাৰ চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

এক বিবৃতিত ইৰাণীৰ জীয়ৰী কিৰাট নাগ্ৰাৰ অধিবক্তাই কয় যে কিৰাট নাগ্ৰা বাৰখনৰ গৰাকী নহয় বা চিলি ছ’লছ গোৱা নামৰ ৰেষ্টুৰেণ্টখন তেওঁ পৰিচালনা কৰা নাই৷ আৰু অভিযোগ অনুসৰি কোনো কৰ্তৃপক্ষৰ পৰাও কোনো কাৰণ দৰ্শোৱাৰ জাননী তেওঁলোকে লাভ কৰা নাই বুলি উল্লেখ কৰে৷

অভিযোগসমূহক ভিত্তিহীন বুলি অভিহিত কৰি অধিবক্তাজনে কয়, এয়া দুৰ্ভাগ্যজনক যে তেওঁলোকে কেৱল প্ৰকৃত তথ্য নিৰ্ণয় নকৰাকৈ আৰু কেৱল এগৰাকী ৰাজনৈতিক নেতাৰ কন্যা হোৱাৰ বাবেই কিৰাট নাগ্ৰাক বদনাম কৰাৰ পূৰ্বনিৰ্ধাৰিত উদ্দেশ্যৰে এটা সাধাৰণ বিষয়ক চাঞ্চল্যকৰ কৰি তুলিবলৈ মিছা প্ৰচাৰ চলাইছে।

এইটো এটা ‘অতি গুৰুতৰ বিষয়’ বুলি উল্লেখ কৰি কংগ্ৰেছে বাৰখনক দিয়া কাৰণ দৰ্শোৱাৰ জাননীৰ এটা প্ৰতিলিপিও শ্বেয়াৰ কৰে আৰু কয় যে জাননী দিয়া আবকাৰী বিষয়াজনক কৰ্তৃপক্ষৰ হেঁচাৰ পিছত স্থানান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই সাংবাদিকক কৈছিল যে ইৰাণীৰ পৰিয়ালৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ আছে আৰু তেওঁৰ কন্যাই গোৱাত এখন ৰেষ্টুৰেণ্ট চলাই আছে, য’ত ভুৱা অনুজ্ঞাপত্ৰৰে এখন বাৰ চলি আছে।

তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কয়, স্মৃতি ইৰাণীৰ কন্যাৰ অনুজ্ঞাপত্ৰ ২০২১ চনৰ মে’ত মৃত্যু হোৱা এজন ব্যক্তিৰ নামত পঞ্জীয়ন হৈ আছে আৰু অনুজ্ঞাপত্ৰখন ২০২২ চনৰ জুন মাহত গোৱাত লোৱা হৈছিল। কিন্তু যিজন ব্যক্তিৰ নামত অনুজ্ঞাপত্ৰ আছে তেওঁ ১৩ মাহ পূৰ্বেই মৃত্যুবৰণ কৰিছে৷

তেওঁ কয় যে গোৱাৰ নিয়ম অনুসৰি, এখন ৰেষ্টুৰেণ্টে কেৱল এখন বাৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰে কিন্তু এই ৰেষ্টুৰেণ্টখনে দুখন বাৰ লাইচেঞ্চ লাভ কৰিছে। কংগ্ৰেছ নেতাজনে কয়, আমি প্ৰধানমন্ত্ৰীক দাবী জনাইছোঁ যে স্মৃতি ইৰাণীক তৎক্ষণাৎ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰা উচিত। 

ইৰাণীয়ে ৰাহুল গান্ধীক আক্ৰমণ কৰা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাজনে কয়, বাতৰি কাকত চলোৱাৰ দৰে মহৎ বস্তু আৰু গোৱাত অবৈধ বাৰ চলোৱাৰ দৰে কিবা এটাৰ মাজত কোনো তুলনা থাকিব নোৱাৰে৷
তেওঁ অভিযোগ কৰি কয় যে সংবাদ মাধ্যমক সীমাৰ বাহিৰত ৰাখিবলৈ গোৱাৰ ৰেষ্টুৰেণ্টখনৰ চাৰিওফালে ইতিমধ্যে ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু