--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সুৰা বিতৰ্কই জোকাৰিছে বিজেপিক৷ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ কন্যাৰ গোৱাত থকা বাৰৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে স্মৃতি ইৰাণী আৰু বিজেপিক উভতি ধৰিছে কংগ্ৰেছে৷ কংগ্ৰেছে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক বৰ্খাস্ত কৰিবলৈ দাবী জনায়৷ কংগ্ৰেছে স্মৃতি ইৰাণীৰ কন্যাই গোৱাত অবৈধ বাৰ চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

এক বিবৃতিত ইৰাণীৰ জীয়ৰী কিৰাট নাগ্ৰাৰ অধিবক্তাই কয় যে কিৰাট নাগ্ৰা বাৰখনৰ গৰাকী নহয় বা চিলি ছ’লছ গোৱা নামৰ ৰেষ্টুৰেণ্টখন তেওঁ পৰিচালনা কৰা নাই৷ আৰু অভিযোগ অনুসৰি কোনো কৰ্তৃপক্ষৰ পৰাও কোনো কাৰণ দৰ্শোৱাৰ জাননী তেওঁলোকে লাভ কৰা নাই বুলি উল্লেখ কৰে৷

অভিযোগসমূহক ভিত্তিহীন বুলি অভিহিত কৰি অধিবক্তাজনে কয়, এয়া দুৰ্ভাগ্যজনক যে তেওঁলোকে কেৱল প্ৰকৃত তথ্য নিৰ্ণয় নকৰাকৈ আৰু কেৱল এগৰাকী ৰাজনৈতিক নেতাৰ কন্যা হোৱাৰ বাবেই কিৰাট নাগ্ৰাক বদনাম কৰাৰ পূৰ্বনিৰ্ধাৰিত উদ্দেশ্যৰে এটা সাধাৰণ বিষয়ক চাঞ্চল্যকৰ কৰি তুলিবলৈ মিছা প্ৰচাৰ চলাইছে।

এইটো এটা ‘অতি গুৰুতৰ বিষয়’ বুলি উল্লেখ কৰি কংগ্ৰেছে বাৰখনক দিয়া কাৰণ দৰ্শোৱাৰ জাননীৰ এটা প্ৰতিলিপিও শ্বেয়াৰ কৰে আৰু কয় যে জাননী দিয়া আবকাৰী বিষয়াজনক কৰ্তৃপক্ষৰ হেঁচাৰ পিছত স্থানান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই সাংবাদিকক কৈছিল যে ইৰাণীৰ পৰিয়ালৰ বিৰুদ্ধে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ আছে আৰু তেওঁৰ কন্যাই গোৱাত এখন ৰেষ্টুৰেণ্ট চলাই আছে, য’ত ভুৱা অনুজ্ঞাপত্ৰৰে এখন বাৰ চলি আছে।

তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কয়, স্মৃতি ইৰাণীৰ কন্যাৰ অনুজ্ঞাপত্ৰ ২০২১ চনৰ মে’ত মৃত্যু হোৱা এজন ব্যক্তিৰ নামত পঞ্জীয়ন হৈ আছে আৰু অনুজ্ঞাপত্ৰখন ২০২২ চনৰ জুন মাহত গোৱাত লোৱা হৈছিল। কিন্তু যিজন ব্যক্তিৰ নামত অনুজ্ঞাপত্ৰ আছে তেওঁ ১৩ মাহ পূৰ্বেই মৃত্যুবৰণ কৰিছে৷

তেওঁ কয় যে গোৱাৰ নিয়ম অনুসৰি, এখন ৰেষ্টুৰেণ্টে কেৱল এখন বাৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰে কিন্তু এই ৰেষ্টুৰেণ্টখনে দুখন বাৰ লাইচেঞ্চ লাভ কৰিছে। কংগ্ৰেছ নেতাজনে কয়, আমি প্ৰধানমন্ত্ৰীক দাবী জনাইছোঁ যে স্মৃতি ইৰাণীক তৎক্ষণাৎ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰা উচিত। 

ইৰাণীয়ে ৰাহুল গান্ধীক আক্ৰমণ কৰা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ নেতাজনে কয়, বাতৰি কাকত চলোৱাৰ দৰে মহৎ বস্তু আৰু গোৱাত অবৈধ বাৰ চলোৱাৰ দৰে কিবা এটাৰ মাজত কোনো তুলনা থাকিব নোৱাৰে৷
তেওঁ অভিযোগ কৰি কয় যে সংবাদ মাধ্যমক সীমাৰ বাহিৰত ৰাখিবলৈ গোৱাৰ ৰেষ্টুৰেণ্টখনৰ চাৰিওফালে ইতিমধ্যে ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ