--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ' ১৬ আগষ্টত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীসকলৰ তালিকা ঘোষণা কৰা হ’ল। বলীউড আৰু দক্ষিণ চিনেমাৰ এগৰাকী অতি জনপ্ৰিয় গায়ক,সুৰকাৰ আৰু সংগীত পৰিচালকৰ নামো এই তালিকাত সন্নিবিষ্ট  হৈছে। বিশেষকৈ  এইগৰাকী গায়ক তথা সংগীত পৰিচালকে  সপ্তমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

এই গায়ক আৰু সুৰকাৰজন আন কোনো নহয়, তেওঁ এ আৰ ৰহমান, যিয়ে ‘পনিয়িন চেলভান: ১’ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছে। 

সমগ্ৰ ভাৰতত সৰ্বাধিক ৰাষ্ট্ৰীয় বঁটা লাভ কৰা তেওঁৱেই প্ৰথম সংগীত পৰিচালক । সংগীতৰ বাবে পাঁচটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ইছাইগনানী ইলায়াৰাজা দ্বিতীয়জন, তেওঁ শেষবাৰৰ বাবে ২০১৫ চনত তামিল ছবি থাৰাই থাপটটাইৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। হিন্দী সংগীত পৰিচালক বিশাল ভৰদ্বাজে চাৰিটাৰ বাবে তৃতীয় আৰু জয়দেৱে তিনিটাৰে চতুৰ্থ স্থানত আছে।

১৯৯২ চনত মণি ৰত্নমৰ ছবি ৰোজাৰ সৈতে সংগীত পৰিচালক হিচাপে তামিল ছবিত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিছিল এ আৰ ৰহমানে আৰু তাতেই আৰম্ভ কৰিছিল তেওঁৰ এই সুমধুৰ যাত্ৰা। মিনছাৰা কানাভুৱক অনুসৰন কৰি ১৯৯৬ চনত তেওঁ ‘ৰোজা’ৰ বাবে শ্ৰেষ্ঠ সংগীত হিচাপে প্ৰথম ৰাষ্ট্ৰীয় বঁটা লাভ কৰে ৷ ২০০০ চনৰ ভিতৰত তেওঁ অসংখ্য ভাষাত সংগীতৰ স্কোৰিং আৰম্ভ কৰে আৰু ২০০১ চনত হিন্দী ছবি লাগানৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷

২০০২ চনৰ পিছত ৰহমানে স্লামডগ মিলিয়নেয়াৰ আৰু ১২৭ আৱাৰৰ দৰে ছবিত কৰা কামৰ বাবে গোল্ডেন গ্ল’বছ, ক্ৰিটিকছ চয়ছ মুভি এৱাৰ্ড আৰু অস্কাৰকে ধৰি বিশ্বজুৰি অসংখ্য বঁটা লাভ কৰে।
ভাৰতীয় চিনেমাত কাম কৰি থকাৰ সময়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাইছিল যদিও ১৫ বছৰৰ পাছতহে মণিৰত্নমৰ কাত্ৰু ভেলীয়দাই আৰু শ্ৰীদেৱী অভিনীত হিন্দী ছবি মম দুয়োখন ছবিৰে জয়লাভ কৰি ৰাষ্ট্ৰীয় বঁটাত পুনৰবাৰ নাম উজলাবলৈ সক্ষম হয়।পনিয়িন চেলভান ১ৰ বাবে লাভ কৰা ৰাষ্ট্ৰীয় বঁটাৰ জৰিয়তে ৰহমানে ভাৰতীয় ইতিহাসৰ লগতে চিনেমাৰ ইতিহাসতো সৰ্বাধিক বিজয়ী সংগীত পৰিচালক হিচাপে নিজৰ খোপনি পোতিছে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন