--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ' ১৬ আগষ্টত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীসকলৰ তালিকা ঘোষণা কৰা হ’ল। বলীউড আৰু দক্ষিণ চিনেমাৰ এগৰাকী অতি জনপ্ৰিয় গায়ক,সুৰকাৰ আৰু সংগীত পৰিচালকৰ নামো এই তালিকাত সন্নিবিষ্ট  হৈছে। বিশেষকৈ  এইগৰাকী গায়ক তথা সংগীত পৰিচালকে  সপ্তমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

এই গায়ক আৰু সুৰকাৰজন আন কোনো নহয়, তেওঁ এ আৰ ৰহমান, যিয়ে ‘পনিয়িন চেলভান: ১’ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছে। 

সমগ্ৰ ভাৰতত সৰ্বাধিক ৰাষ্ট্ৰীয় বঁটা লাভ কৰা তেওঁৱেই প্ৰথম সংগীত পৰিচালক । সংগীতৰ বাবে পাঁচটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ইছাইগনানী ইলায়াৰাজা দ্বিতীয়জন, তেওঁ শেষবাৰৰ বাবে ২০১৫ চনত তামিল ছবি থাৰাই থাপটটাইৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। হিন্দী সংগীত পৰিচালক বিশাল ভৰদ্বাজে চাৰিটাৰ বাবে তৃতীয় আৰু জয়দেৱে তিনিটাৰে চতুৰ্থ স্থানত আছে।

১৯৯২ চনত মণি ৰত্নমৰ ছবি ৰোজাৰ সৈতে সংগীত পৰিচালক হিচাপে তামিল ছবিত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিছিল এ আৰ ৰহমানে আৰু তাতেই আৰম্ভ কৰিছিল তেওঁৰ এই সুমধুৰ যাত্ৰা। মিনছাৰা কানাভুৱক অনুসৰন কৰি ১৯৯৬ চনত তেওঁ ‘ৰোজা’ৰ বাবে শ্ৰেষ্ঠ সংগীত হিচাপে প্ৰথম ৰাষ্ট্ৰীয় বঁটা লাভ কৰে ৷ ২০০০ চনৰ ভিতৰত তেওঁ অসংখ্য ভাষাত সংগীতৰ স্কোৰিং আৰম্ভ কৰে আৰু ২০০১ চনত হিন্দী ছবি লাগানৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷

২০০২ চনৰ পিছত ৰহমানে স্লামডগ মিলিয়নেয়াৰ আৰু ১২৭ আৱাৰৰ দৰে ছবিত কৰা কামৰ বাবে গোল্ডেন গ্ল’বছ, ক্ৰিটিকছ চয়ছ মুভি এৱাৰ্ড আৰু অস্কাৰকে ধৰি বিশ্বজুৰি অসংখ্য বঁটা লাভ কৰে।
ভাৰতীয় চিনেমাত কাম কৰি থকাৰ সময়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাইছিল যদিও ১৫ বছৰৰ পাছতহে মণিৰত্নমৰ কাত্ৰু ভেলীয়দাই আৰু শ্ৰীদেৱী অভিনীত হিন্দী ছবি মম দুয়োখন ছবিৰে জয়লাভ কৰি ৰাষ্ট্ৰীয় বঁটাত পুনৰবাৰ নাম উজলাবলৈ সক্ষম হয়।পনিয়িন চেলভান ১ৰ বাবে লাভ কৰা ৰাষ্ট্ৰীয় বঁটাৰ জৰিয়তে ৰহমানে ভাৰতীয় ইতিহাসৰ লগতে চিনেমাৰ ইতিহাসতো সৰ্বাধিক বিজয়ী সংগীত পৰিচালক হিচাপে নিজৰ খোপনি পোতিছে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন